ETV Bharat / politics

নিৰ্বাচন আয়োগে ঘোষণা কৰা এইবাৰৰ লোকসভা নিৰ্বাচনৰ কিছু পৰিসংখ্যা

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:27 PM IST

Lok Sabha election 2024: দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ভাৰতৰ নিৰ্বাচন আয়োগ । অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত ৪ জুনত ঘোষিত হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । এই কথা সদৰী কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে ।

Preparation of Lok Sabha election
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

গুৱাহাটী, ১৬ মাৰ্চ : ভাৰতৰ নিৰ্বাচন আয়োগে আজি আবেলি ঘোষণা কৰিলে দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ সময়সূচী । অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । অহা ৪ জুনত ঘোষিত হ' ব লোকসভা নিৰ্বাচনৰ ফলাফল । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এক সংবাদমেলত ঘোষণা কৰে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নিৰ্বাচনৰ তাৰিখ-সূচী ৷ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে অহা ১৬ জুনত সপ্তদশ লোকসভাৰ কাৰ্যকালৰ অন্ত পৰিব । ৰাজীৱ কুমাৰে সম্পূৰ্ণ ন্যায়পৰায়ণতাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰি কয় যে এই নিৰ্বাচনৰ প্ৰস্তুতি যোৱা ২ বছৰ ধৰি চলি আছে । লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত মুঠ ৭টা পৰ্যায়ত দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । এই ৫৪৩ খন আসনৰ ভিতৰত ৪১২ সাধাৰণ মুক্ত আসন, অনুসূচিত জাতিৰ বাবে ৮৪ আৰু অনুসূচিত জনজাতিৰ বাবে ৪৭ খন আসন সংৰক্ষিত ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে এইবাৰ মুঠ ৯৬.৮ কোটি পঞ্জীয়নভুক্ত ভোটাৰ আছে ৷ তেওঁ লগতে কয়," ১.৫ কোটি নিৰাপত্তা বাহিনী আৰু ভোটগ্ৰহণ কৰ্মচাৰীয়ে এই নিৰ্বাচন অনুষ্ঠিত কৰিব । আমি ৪০০ৰো অধিক বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিছো । ১৭টা লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে ।" লগতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰে যে এইবাৰ দেশত সাধাৰণ নিৰ্বাচনত ভোটদান কৰিব লগীয়া ৯৬.৮কোটি ভোটাৰৰ পুৰুষ ভোটাৰৰ সংখ্যা ৪৯.৭ কোটি আৰু মহিলা ভোটাৰৰ সংখ্যা ৪৭.১ কোটি । আনহাতে, প্ৰথমবাৰ ভোট দিব ১.৯ কোটি ভোটাৰে ৷

নিৰ্বাচন আয়োগে লগতে সদৰী কৰে যে এইবাৰ দেশত প্ৰথমবাৰৰ বাবে ৮৫ উৰ্ধৰ বয়স্ক ৮২ লাখ ভোটাৰৰ ঘৰৰ পৰা ভোট লোৱা হ'ব ৷ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪৮,০০০ জন । যুৱ ভোটাৰ ১৯.৭৪ কোটি (২০ৰ পৰা ২৯ বৰৰ ভিতৰৰ), চাকৰিয়াল ভোটাৰ ১৯.১ লাখ, এশ বছৰ বয়সৰ ওপৰৰ আছে ২.১৮ লাখ ভোটাৰ ৷ বিশেষভাৱে সক্ষম ভোটাৰ ৮৮.৪ গৰাকী । সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে সাধাৰণ নিৰ্বাচনত চাৰি প্ৰকাৰৰ প্ৰত্যাহ্বান আছে আয়োগৰ সন্মুখত । আয়োগৰ সন্মুখত থকা চাৰি প্ৰকাৰৰ প্ৰত্যাহ্বান হ'ল ধনবল, বাহুবল, ভুল তথ্য আৰু নিয়ম ভংগ । বাহুবল নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী নিয়োগ কৰা হ'ব বুলি তেওঁ কয়। এইবাৰ লোকসভা নিৰ্বাচনত ধনৰ অপব্যৱহাৰ নিযন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা লোৱ হ'ব বুলি উল্লেখ কৰে মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে বিগত ১১টা বিধানসভা নিৰ্বাচনত ৩,৪০০ কোটি টকা জব্দ কৰা হৈছিল । এইবাৰো আয়োগে ধন ক্ষমতা ৰোধৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.