ETV Bharat / politics

লখিমপুৰ লোকসভা সমষ্টিত ৰণলৈ সাজু 6 প্ৰাৰ্থী - LOK SABHA ELECTIONS

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 3:30 PM IST

Lakhimpur Lok Sabha Candidates : ১২ নং লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে 6 জন প্রার্থী । মনোনয়ন দাখিলৰ অন্তিম দিন দুটাত প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৷

Lakhimpur Lok Sabha Candidates
লখিমপুৰ লোকসভা সমষ্টিত 6 কোণীয়া প্ৰতিদ্বন্দ্বিতা

লখিমপুৰ, 25 মাৰ্চ: প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি সমূহত মনোনয়ন দাখিলৰ সময় সীমা উকলিবলৈ মাজত মাথো দুটাদিন বাকী ৷ দুদিনৰ পাচত মনোনয়ন দাখিল পৰ্ব অন্ত পৰিব ৷ মনোনয়ন দাখিলৰ অন্তিম দিন দুটাত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি সমূহৰ অন্যতম 12 নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত 6 জন জন প্ৰার্থী নিৰ্বাচনী ৰণলৈ সাজু হৈছে ৷ তেওঁলোক হৈছে বিজেপিৰ প্ৰদান বৰুৱা, কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, চি পি আইৰ ধীৰেণ কছাৰী, এছ ইউ চি আইৰ পল্লৱ পেগু আৰু নিৰ্দলীয় প্ৰাৰ্থী গোবিন বিশ্বকৰ্মা ৷

এই 6 জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে যদিও এই পৰ্যন্ত এজনেও মনোনয়ন দাখিল কৰা নাই ৷ 26 মাৰ্চৰ দিনা এই প্ৰাৰ্থীসকলৰ সৰহ ভাগে মনোনয়ন দাখিল কৰিব বুলি জানিব পৰা হৈছে ৷ বিজেপিৰ দলীয় সূত্ৰ অনুসৰি দলীয় প্ৰাৰ্থী প্ৰদান বৰুৱাৰ মনোনয়ন দাখিল পৰ্বত মুখ্যমন্ত্ৰীগৰাকীও উপস্থিত থাকিব ৷ লগত থাকিব শাসনাধীষ্ঠ দলটোৰ কেইবাজনো বিধায়ক ৷ আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা ৷ তেনেদৰে 26 মাৰ্চতে এছ ইউ চি আই, চি পি আই আৰু নিৰ্দলীয় প্ৰাৰ্থী কেইগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ কথা ৷

আনহাতে অন্তিম দিনা মনোনয়ন দাখিল কৰিব কংগ্ৰেৰ প্ৰাৰ্থীজনে ৷ তেওঁৰ মনোনয়ন দাখিলৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থাকিব ৷ লগত থাকিব দলটোৰ কেইবাজনো বিধায়ক ৷ উল্লেখ্য যে, বিগত কেইদিনমানৰ পৰা সমষ্টিটোত বিজেপিৰ জোৰদাৰ প্ৰচাৰ অভিযান চলি আছে ৷ মুঠ 9 টা বিধানসভা সমষ্টি থকা লখিমপুৰ লোকসভা সমষ্টিটোত আছে শাসকীয় দলৰ 6 জনকৈ বিধায়ক ৷ এই বিধায়ক সকলক লগত লৈ প্ৰদান বৰুৱাই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷

আনহাতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সমষ্টিটোত প্ৰাৰ্থী ঘোষণা কৰা যথেষ্ট পলম হ’ল ৷ দেওবাৰে নিশাৰ ভাগত দলটোৱে লখিমপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ যাৰ বাবে সোমবাৰে পুৱাৰ পৰাই কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷

ইফালে সমষ্টিটোত আন প্ৰাৰ্থী কেইজনৰ নিৰ্বাচনী প্ৰচাৰ চকুত পৰা হোৱা নাই ৷ উল্লেখ্য যে, সমষ্টিটোৰ নিৰ্বাচনী প্ৰচাৰ নাইবা দলীয় স্থিতিয়ে মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে আৱদ্ধ থকাৰ ছবিখন স্পষ্ট কৰি তুলিছে ৷ সমষ্টিটোৰ পোন্ধৰ লক্ষাধিক ভোটাৰে কাক বিজয়মাল্য ধাৰণ কৰিবলৈ সুযোগ দিয়ে সেয়া 19 এপ্ৰিলত নিৰ্ণয় হ’ব ৷

লগতে পঢ়ক : ঢোলে-ডগৰে ধেমাজিত ৰাইজে আদৰিলে ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাক - Uday Shankar Hazarika In Dhemaji

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.