ETV Bharat / politics

শিলচৰত কংগ্ৰেছে জ্বলালে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ পুত্তলিকা

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 7:29 PM IST

Silchar Congress Protest : বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে সৰৱ শিলচৰ জিলা কংগ্ৰেছ ৷ পুত্তলিকা দাহ কৰি বিধায়ক কমলাক্ষক বিভীষণ আখ্যা কংগ্ৰেছৰ ৷

Silchar Congress Protest
শিলচৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ

কমলাক্ষ দে’ পুৰকায়স্থৰ পুত্তলিকা দাহ

শিলচৰ, 15 ফেব্ৰুৱাৰী : শিলচৰত কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ পুত্তলিকা দাহ ৷ জিলা কংগ্ৰেছে বিধায়কজনৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ পুত্তলিকা দাহ কৰি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক বিভীষণ আখ্যা কংগ্ৰেছৰ ৷

মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই ৰাজ্যৰ বিজেপি চৰকাৰৰ সকলো কাম-কাজলৈ নিজৰ সহযোগিতাৰ কথা প্ৰকাশ কৰাৰ পিছৰে পৰা বিধায়ক কমলাক্ষ দে’ৰ বিৰুদ্ধে বৰাকত কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলৰ মাজত তীব্ৰ ক্ষোভ অব্যাহত আছে ৷ বিধায়ক কমলাক্ষৰ বিৰুদ্ধে বৰাকত সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা-কৰ্মী ৷

কৰিমগঞ্জ আৰু হাইলাকান্দিৰ পাছত এইবাৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিলচৰ জিলা কংগ্ৰেছ ৷ আজি বিধায়কজনৰ পুত্তলিকা দাহ কৰি তেওঁক তীব্ৰ গৰিহণা দিয়ে শিলচৰ জিলা কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৷ হাতে হাতে প্লে কাৰ্ড লৈ 'কমলাক্ষ দে’ পুৰকায়স্থ নামত গ’ বেক' ধ্বনি দিয়ে প্ৰতিবাদকাৰী সকলে ৷

প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে কয় যে, দলত থাকি দলৰ সৈতে বিশ্বাসঘাতকতা কৰিছে কমলাক্ষ দে’ পুৰকায়স্থই ৷ লগতে কমলাক্ষ দে’ পুৰকায়স্থক বিভীষণ বুলিও আখ্যা দিয়ে শিলচৰ জিলা কংগ্ৰেছে ৷ আনহাতে তেওঁলোকে কয় যে, তেওঁলোকে শীঘ্ৰেই বিজেপিত যোগদান কৰক ৷ লগতে তেনে লোকক সকীয়নি প্ৰদান কৰে শিলচৰ জিলা কংগ্ৰেছে ৷

উল্লেখ্য যে, অসম বিধান সভা চৌহদত বুধবাৰে মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই কংগ্ৰেছৰ দুই বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই ৷ লগতে মুকলিকৈ ৰাজ্যৰ বিজেপি চৰকাৰৰ সকলো কাম-কাজলৈ নিজৰ সহযোগিতাৰ কথা প্ৰকাশ কৰে দুয়োজন কংগ্ৰেছী বিধায়কে ৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰাও পদত্যাগ কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বিধায়কজনে ৷ পত্ৰখনত কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য ৰূপে দলটোতে থাকিব বুলি উল্লেখ কৰে বিধায়ক কমলাক্ষই ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে বিধায়কজনে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ শৰণত 2 কংগ্ৰেছী বিধায়ক ! কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.