ETV Bharat / politics

গেৰুৱা হ’ল প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য - Kishore Bhattacharya Joins BJP

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 5:06 PM IST

KISHORE BHATTACHARYA JOINS BJP : প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই দেওবাৰে বিজেপি দলত যোগদান কৰে ৷ লগতে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৱে যোগদান কৰে বিজেপিত ৷

KISHORE BHATTACHARYA JOINS BJP
কিশোৰ ভট্টাচাৰ্যৰ বিজেপিত যোগদান
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যৰ বিজেপিত যোগদান

গুৱাহাটী, 31 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে দল ত্যাগৰ ঢৌ উঠিছে প্ৰদেশ কংগ্ৰেছত ৷ ইজনৰ পিচত সিজন প্ৰভাৱশালী নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰা পৰিলক্ষিত হৈছে বিজেপিত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত সৃষ্টি হোৱা এই খহনীয়াই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

30 মাৰ্চ অৰ্থাৎ শনিবাৰে চাৰিজনকৈ শীৰ্ষ তথা প্ৰভাৱশালী কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচতেই দেওবাৰেও কংগ্ৰেছৰ আন এজন নেতাই গেৰুৱা বসন পৰিধান কৰে ৷ শনিবাৰে দল ত্যাগ কৰা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে কিশোৰ ভট্টাচাৰ্যই ৷ উল্লেখ্য যে, কিশোৰ ভট্টাচাৰ্যৰ লগতে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালো আৰু বি পি এফৰ শীৰ্ষ নেতাই আজি বিজেপিত যোগদান কৰে ৷

আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধি কংগ্ৰেছ ত্যাগী নেতা কিশোৰ ভট্টাচাৰ্যই ইমান দিনে সেৱা আগবঢ়াই অহা দলটোৰ প্ৰতি বিৰূপ মন্তব্য নকৰে বুলি উল্লেখ কৰে ৷ কংগ্ৰেছত অনুশাসন ঘূৰি আহক বুলি আশা কৰে তেওঁ ৷ লগতে কংগ্ৰেছে শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰক, কাৰণ গণতন্ত্ৰত বিৰোধী দলৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে কিশোৰ ভট্টাচাৰ্যই ৷

ইফালে এই যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ দলটো এতিয়া পুৰণি দুটকীয়া নোটত পৰিণত হৈছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, পুৰণা দুটকীয়া নোটৰ অৱস্থা যি কংগ্ৰেছৰ অৱস্থাও সেয়া ৷ কংগ্ৰেছ দলটো এতিয়া জাকিৰ হুছেইন শিকদাৰ, ৰেকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰীৰ গাঁৱৰ যি সৰু-সুৰা ক্লাব সেই ক্লাবলৈ পৰিণত হৈছে বুলি কয় ভৱেশ কলিতাই ৷ লগতে কংগ্ৰেছ গাড়ীৰ টায়াৰ পাংচাৰ হৈছে, তেওলোকৰ গাড়ী একেবাৰে নচলা হৈছে বুলিও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিজনে ৷

লগতে পঢ়ক : দুই প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ চাৰিজনে এৰিলে কংগ্ৰেছ - ASSAM CONGRESS LEADERS QUIT PARTY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.