ETV Bharat / politics

বিজেপিৰ পুৰণি নেতা-কৰ্মীৰে গোলাঘাটত ৰাজেন গোঁহাইৰ গোপন বৈঠক - Rajen Gohain

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 8:33 PM IST

Assam Politics : গোলাঘাটত দলৰ পুৰণি নেতা-কৰ্মীৰ সৈতে গোপন বৈঠক জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ ৷ বৈঠকত কেনেধৰণৰ বিষয়ে ঠাই পাই সেই সন্দৰ্ভত কোনোধৰণৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে জ্যেষ্ঠ নেতাগৰাকী ৷

SENIOR BJP LEADER RAJEN GOHAIN
গোলাঘাটত জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাই (ETV Bharat Assam)

গোলাঘাট, 2 আগষ্ট : ন-পুৰণিৰ সংঘাত, জনসংঘ, দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ আদি বিতৰ্কৰ মাজতে গোলাঘাটত বিজেপি দলৰ পুৰণি নেতা-কৰ্মীৰ সৈতে শুকুৰবাৰে আলোচনাত বহে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই ৷ গোলাঘাটৰ প্ৰশান্তি ল'জত নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি গোঁহায়ে জিলাখনৰ একাংশ পুৰণি দলীয় নেতা-কৰ্মীৰ সৈতে গোপন বৈঠকত মিলিত হয় ৷ প্ৰায় ডেৰ ঘণ্টাজোৰা এক বৈঠকত মিলিত হয় জ্যেষ্ঠ বিজেপি নেতাজন ৷

বিজেপিৰ পুৰণি নেতা-কৰ্মীৰে গোলাঘাটত ৰাজেন গোঁহাইৰ গোপন বৈঠক (ETV Bharat Assam)

বৈঠকত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আমন্ত্ৰিত সদস্য জীনা বৰুৱাৰ লগতে জিলা বিজেপিৰ সদস্যসকল উপস্থিত আছিল ৷ তিনিচুকীয়াৰ পিচত গোলাঘাটত বিজেপিৰ পুৰণি সতীৰ্থৰ সৈতে ৰাজেন গোঁহাই আলোচনাত মিলিত হোৱা বিষয়টোৱে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আনহাতে এই বৈঠকত কেনেধৰণৰ বিষয়ে ঠাই পাই সেই সন্দৰ্ভত কোনোধৰণৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে জেষ্ঠ নেতা ৰাজেন গোঁহাই আৰু গোলাঘাট বিজেপিৰ পুৰণি নেতা-কৰ্মীসকল ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দলীয় নেতৃত্বৰ লগতে দলৰ নেতা-কৰ্মীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি আহিছে প্ৰাক্তন মন্ত্ৰী গোঁহাইৰ লগতে একাংশ জ্যেষ্ঠ বিজেপি নেতাই ৷ ইফালে লোকসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অহংকাৰী আখ্যাও দিছিল ৰাজেন গোঁহায়ে । এতিয়া বিজেপি দলত যৌতুকত অনা সকলেহে দপদপাই থকা বুলিও কটাক্ষ কৰিছিল জ্যেষ্ঠ বিজেপি নেতাজনে ৷

আনহাতে এই ন-পুৰণি সংঘাতৰ মাজতে ১৯৯৬ চনৰ পৰা বিজেপিৰ হৈ কাম কৰি অহা জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই শুকুৰবাৰে ত্যাগ কৰিলে দল ৷ জ্যেষ্ঠজনক সন্মান কৰিব নজনা কেইজনমান লোকৰ বিৰুদ্ধে ক্ষোভ উজাৰি দলত্যাগ কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : ৯ আগষ্টত কংগ্ৰেছত যোগদান : মন্ত্ৰী জয়ন্তক দোষাৰোপ কৰি দল এৰিলে অশোক শৰ্মাই - Ashok Sharma quits BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.