ETV Bharat / politics

৯ আগষ্টত কংগ্ৰেছত যোগদান : মন্ত্ৰী জয়ন্তক দোষাৰোপ কৰি দল এৰিলে অশোক শৰ্মাই - Ashok Sharma quits BJP

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 6:08 PM IST

Ashok sharma to join Congress : ১৯৯৬ চনৰ পৰা বিজেপিৰ হৈ কাম কৰি অহা অশোক শৰ্মাই ত্যাগ কৰিলে দল ৷ জ্যেষ্ঠজনক সন্মান কৰিব নজনা কেইজনমান লোকৰ বিৰুদ্ধে ক্ষোভ উজাৰি দলত্যাগ জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ ৷ ৯ আগষ্টত যোগদান কৰিব কংগ্ৰেছত ৷

Ashok sharma to join Congress
বিজেপি দল ত্যাগ জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ (ETV Bharat Assam)

গুৱাহাটী, ২ আগষ্ট : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিলে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাই ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে দলটো এৰিব বুলি অশোক শৰ্মাই সংবাদ মাধ্যমৰ আগত জনাই থোৱা মতে আজি বিয়লি 3 বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ পদত্যাগপত্ৰ প্ৰদান কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

ৰাজ্যিক বিজেপিৰ কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসৰ হাতত পদত্যাগ পত্ৰ তুলি দিয়ে নেতাগৰাকীয়ে । পদত্যাগ পত্ৰ দাখিল কৰি কিছু আবেগিক হৈ পৰে নেতাগৰাকী । পদত্যাগ পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদ্ৰোহী বিজেপি নেতাগৰাকীয়ে কয়, ‘‘ মই লালন পালন কৰা দলটো আজি এৰিলো, BJP ৰ ভাল দিনত মই যাবলৈ ওলাইছো ৷ মোৰ অভিযোগ বেছি নাছিল, 2021 ত টিকত নাপাওঁতেও মই কাম কৰিছিলো । জয়ন্ত মল্লবৰুৱাই মোক অপমান কৰি আহিছিল, তাৰ বিচাৰ বিচাৰিছিলো, সেয়ে অপমান কৰা দলত নাথাকো ৷ মই আজি মুক্ত হৈছো । মই কংগ্ৰেছত যোগদানত কৰাৰ সম্ভাৱনাই অধিক, ৯ আগষ্টত ।’’

তদুপৰি তেওঁ কয়, ‘‘ বিজেপি মোৰ শত্ৰু নহয়, কিন্তু দলত কেইজনমান আছে যি মোৰ বেয়া কৰি আহিছে ৷ নতুনকৈ অহা কেইজনমানে জ্যেষ্ঠক সন্মান নকৰে ৷ মোৰ আত্মৰক্ষাৰ বাবে দল এৰিছো ৷ মোক অকামিলা কৰি ৰাখিছিল যাৰ বাবে মই এই সিদ্ধান্ত ললো ৷ জয়ন্ত মল্লবৰুৱাৰ পৰা মই বিচাৰিছিলো মোক দাদা বুলি মাতক, এখন চকী দিয়ক সভাত বহিবলৈ ৷ ইমান বছৰৰ মূৰত সেইদিনা তেওঁ প্ৰথম দাদা বুলি মাতিছে, তেওঁৰ লগত বন্ধুত্ব হ’ব নোৱাৰে ৷ আজি এই দল এৰাৰ মুহূৰ্তত স্মৰণ কৰিব খুজিছো লাল কৃষ্ণ আদৱানীক, তেৱোঁ মোৰ দৰে ষড়যন্ত্ৰৰ বলি হৈছে ৷’’

লগতে পঢ়ক : বিজেপিত এতিয়া তিনিটা গোট : ব্যাখ্যা কৰিলে লুৰীণজ্যোতি গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.