ETV Bharat / politics

নিৰ্বাচনৰ ফলাফলক লৈ বিশ্বজিৎ ফুকনৰ ভৱিষ্যদ্বাণী - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:11 PM IST

Lok Sabha Election 2024 results: লোকসভা নিৰ্বাচনত বিজেপি দলে কিমান আসন লাভ কৰিব ? ডিব্ৰুগড়, যোৰহাট আৰু কাজিৰঙাত কি হ'ব বিজেপিৰ ফলাফল ? নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কৰিলে ভৱিষ্যদ্বাণী ।

Lok Sabha Election 2024 results
নিৰ্বাচনৰ ফলাফলক লৈ বিশ্বজিৎ ফুকনৰ ভৱিষ্যদ্বাণী (ETV Bharat)

গোলাঘাট,৩ জুন : "বিজেপি মিত্ৰজোঁটে ৪০০ৰ মেজিক নম্বৰ স্পৰ্শ কৰিব ।" এই মন্তব্য সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰৰ শাসনকালত উন্নয়ন আৰু বিকাশৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ চিন স্বৰূপে ভাৰতবৰ্ষত জনসাধাৰণে ভোটদান কৰিছে বুলি উল্লেখ কৰে বিজেপি বিধায়কগৰাকীয়ে ।

মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । তাৰ পূৰ্বে প্ৰকাশ পোৱা এগজিট প'লক লৈ সন্তুষ্ট বিধায়কগৰাকী । তেওঁৰ মতে যদিও এগজিট প'লত বিজেপিক ৩৫০ৰ তলত আসন দিয়া নাই কিন্তু তেওঁ বিশ্বাস কৰে যে বিজেপিয়ে ৪০০ৰ মেজিক নম্বৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ব আৰু নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব । ইয়াৰ লগে লগে মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । বিধায়কগৰাকীৰ মতে অসমতো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব ।

অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুখন আসন আন ৰাজনৈতিক দলে লাভ কৰিব আৰু জনগাঁথনিৰ আধাৰতে দুখন বেলেগ দলে লাভ কৰিব বুলি তেওঁ দাবী কৰে । তেওঁ কয় যে বিৰোধী দলৰ নেতাসকলে এগজিট প'লক নস্যাৎ কৰিছে, বিশেষকৈ ভূপেন বৰা, লুৰীণজ্যোতি গগৈ, অখিল গগৈয়ে পৰাজয় কেতিয়াও স্বীকাৰ নকৰে বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে এইসকল নেতাই সাংবাদিকসকলৰ সততা আৰু নিষ্ঠাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি অপমান কৰিছে আৰু ৪ জুনত যেতিয়া অসমত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব তেতিয়া এই নেতাসকলে ই ভি এমৰ কথা ক'ব বুলিও তেওঁ উল্লেখ কৰে ।

বিধায়কগৰাকীৰ মতে জনসাধাৰণে এইসকল নেতাক ইতিমধ্যে চিনাক্ত কৰি নস্যাৎ কৰিছে কিয়নো এই নেতাসকলে কেৱল সামাজিক মাধ্যম আৰু মিডিয়াৰ আগত বাইট দি নিজৰ অস্তিত্ব জাহিৰ কৰি আহিছে । আনহাতে যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে । বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ প্ৰায় ডেৰ লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত ।

সৰুপথাৰৰ বিধায়কগৰাকীৰ মতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ কেৱল সামাজিক মাধ্যম আৰু কিছুমান সংবাদ মাধ্যমত অত্যধিক জনপ্ৰিয় ৷ কিন্তু সৰ্বসাধাৰণৰ জনতাৰ মাজত নহয় বুলি তেওঁ দাবী কৰে । ইফালে কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই প্ৰায় ৪ লাখ ভোটত জয়ী হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক :অপেক্ষা কাইলৈৰ বাবে; প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়ৰ নতুন অভিলেখ গঢ়িব পাৰিবনে ? - Lok Sabha Election Result 2024

লগতে পঢ়ক :কংগ্ৰেছে চিন্তা কৰে আৰু আমি চৰকাৰ গঠন কৰো: পীযুষ হাজৰীকা - Lok Sabha Election 2024

লগতে পঢ়ক :বিজেপিৰ দ্বাৰা প্ৰভাৱিত সংস্থাবোৰেহে দিছে Exit Poll : লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024 Exit Poll

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.