ETV Bharat / politics

দিল্লীত মন্ত্ৰিত্বৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে সোণোৱাল-মাৰ্ঘেৰিটাই - Modi Cabinet

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:39 PM IST

Union minister from Assam: নিজৰ নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ৷ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ দায়িত্ব সোণোৱালে আৰু বস্ত্ৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই দায়িত্ব গ্ৰহণ কৰে ৷

Union minister from Assam
দিল্লীত মন্ত্ৰিত্বৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে সোণোৱাল-মাৰ্ঘেৰিটাই (ETV Bharat Assam)

নতুন দিল্লী, ১১ জুন : নতুন দিল্লীত নিজৰ নিজৰ বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে অসমৰ দুই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ৷ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে বস্ত্ৰ মন্ত্ৰণালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷

যোৱা নিশা দুয়ো অসম সন্তানে দিল্লীৰ বিভাগীয় কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷ “সামুদ্ৰিক অমৃত কাল, ভিজন ২০৪৭ত পৰিকল্পনা কৰাৰ ধৰণে সামুদ্ৰিক খণ্ডৰ সামগ্ৰিক উন্নয়নৰ দিশত সৱলীকৰণৰ দিশত নিজৰ কাম অব্যাহত ৰাখিবলৈ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ে কাম কৰি যাব ।” বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ দ্বিতীয়বাৰৰ বাবে মন্ত্ৰী হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই এই মন্তব্য মোদী মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক: সৌভাগ্যৱান পবিত্ৰ মাৰ্ঘেৰিটা : মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ

তদুপৰি সৰ্বানন্দ সোণোৱালে কয়, ‘‘ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখিছে ৷ যিয়ে আমাক ‘ৰাষ্ট্ৰ প্ৰথম’ৰ ধাৰণাৰে বিকশিত ভাৰতৰ দিশত পথ প্ৰদৰ্শন কৰি যাব ৷” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১০ জুনত নতুন দিল্লীত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ দায়িত্ব গ্ৰহণ কৰি বিভাগটোৰ বিষয়ববীয়াসকলৰ লগতে কৰ্মচাৰীসকলকো সম্বোধন কৰে ৷

মন্ত্ৰীগৰাকীয়ে এই দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ দৃষ্টিভংগীৰে লক্ষ্য আৰু উদ্দেশ্যসমূহ প্ৰদান কৰাৰ বাবে বিভাগীয় দলটোৰ ওপৰত আস্থা প্ৰকাশ কৰে । লগতে সোণোৱালে কয় যে বিকশিত ভাৰত হ’বলৈ এই দেশৰ সেৱাৰ প্ৰতি দায়বদ্ধতা নিৰপেক্ষ হ’ব লাগিব আৰু এই উদ্দেশ্যে তেওঁৰ দলটোক নিজৰ ভাল কামৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: মোদীৰ কেবিনেটত পুনৰ স্থান লাভ এই কেইগৰাকী মন্ত্ৰীৰ

দ্বিতীয়বাৰৰ কাৰণে নিজৰ মন্ত্ৰণালয়ত মন্ত্ৰিত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ কৰ্মমচাৰীসকলক উদ্দেশ্যি সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ে সামুদ্ৰিক খণ্ডক সৱলীকৰণ আৰু ইয়াৰ সামগ্ৰিক উন্নয়নৰ দিশত কিছু আশ্বৰ্যজনকভাৱে কৰি আহিছে আৰু অৰ্থনৈতিক কেন্দ্ৰবিন্দুত পৰিণত হোৱাৰ বাবে আমি কাম কৰি যাম ৷ বিকশিত ভাৰতৰ চূড়ান্ত লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে আমি ৰাষ্ট্ৰই প্ৰথম উদ্দেশ্যেৰে জাতি গঠনৰ কামত নিজকে দায়বদ্ধতাৰে কাম কৰি যাম । আমাৰ মন্ত্ৰণালয়ে অমৃত কাল ভিজন, ২০৪৭ত চিত্ৰিত কৰা ধৰণে সামুদ্ৰিক খণ্ডক সামগ্ৰিক উন্নয়নৰ দিশত সৱলীকৰণৰ দিশত কাম কৰি যাব ৷”

আনহাতে, বস্ত্ৰ মন্ত্ৰণালয়ত ৰাজ্যসভাৰ সদস্য, অসমৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ নাগৰিক পবিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ মন্ত্ৰণালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় বস্ত্ৰ বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ উপস্থিতিত পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰাক্তন কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পীয়ুষ গোৱেলে ফুলৰ থোপাৰে সম্ভাষণ জনায় ৷ এই অনুষ্ঠানত বস্ত্ৰ মন্ত্ৰণালয়ৰ সচিব ৰচনা শ্বাহৰ লগতে মন্ত্ৰণালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক: মোদী চৰকাৰৰ দপ্তৰ বিতৰণ; নাড্ডাক স্বাস্থ্য, নিৰ্মলাক বিত্ত; গৃহত শ্বাহ, নিৰাপত্তাত ৰাজনাথ...সবিশেষ চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.