ETV Bharat / politics

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৰিলে টাৰ্গেট, মুখ্যমন্ত্ৰীৰ মতে বাঢ়িল সামাজিক মৰ্যদা - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 1:07 PM IST

X post of Jairam Ramesh : দেশৰ নিৰ্বাচনত সামগ্ৰিকভাৱে বিজেপিয়ে ভাল ফলাফল দেখুৱালেও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে অসমৰ সংখ্যা ৷ ফলাফল ঘোষণাৰ পিছতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সামাজিক মাধ্যম এক্সত এক বিশেষ পোষ্ট কৰে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দিত অনুভৱ কৰে ৷ কি আছিল সেই বিশেষ পোষ্টটো?

LOK SABHA ELECTION RESULTS 2024
নিৰ্বাচনী ফলাফলৰ পিছত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী (Etv Bharat Assam)

গুৱাহাটী, 5 জুন : সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীগৰাকীৰ মান পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে ৷

নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ নেতা তথা কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে সামাজিক মাধ্যম এক্সৰ জৰিয়তে, গেৰুৱা দলটোৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰ আক্ৰমণ কৰি এক পোষ্ট শ্বেয়াৰ কৰে ৷ এই পোষ্টক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে নিশা বেলতলাস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ লগতে অসমৰো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মান বঢ়া বুলি মন্তব্য কৰে ৷ পূৰ্বে কোনো ৰাষ্ট্ৰীয় নেতাই এনেদৰে অসমৰ কোনো ৰাজনীতিকক লক্ষ্য কৰি কোনো পোষ্ট সামাজিক মাধ্যমত প্ৰকাশ কৰা নাছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

কি আছিল এক্সৰ সেই বিশেষ পোষ্টটো: স্বঘোষিত চাণক্য, অমিত শ্বাহ অৱশেষত আজি নিজেই পতা ফান্দত বেয়াকৈ পৰিল । প্ৰতিটো খোজতে জনসাধাৰণক ঘাটে ঘাটে পানী খুৱাই, ডাঙৰ ডাঙৰ পুঁজিপতিসকলক ৰঙা দলিচা পাৰি দিয়া শ্বাহৰো শ্বাহসকলে আজি নিজেই হাতত বাতি লৈ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৰাজধানী দিল্লীত থাকি আন আন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা মোহন যাদৱ, ভজনলাল শৰ্মা, একনাথ সিন্দে, যোগী আদিত্যনাথ আদি কাৰোৰে কথা উল্লেখ নকৰি মাথো হিমন্ত বিশ্ব শৰ্মাৰহে নাম লৈছে ৷ যাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱবোধ কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : বিজেপি মিত্ৰজোঁটৰ হাতত 11 খন আসন; কংগ্ৰেছে লাভ কৰিলে 3 খন - LOK SABHA ELECTION RESULTS 2024

মুখ্যমন্ত্ৰী শৰ্মাই ওড়িশাত বিজেপিৰ ভাল ফলাফলৰ বাবে ওড়িশাবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্বে 37 খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ৷ যাৰ বাবে ওড়িশাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী শৰ্মাই সুখী অনুভৱ কৰিছে ৷ নৱগঠিত ওড়িশা চৰকাৰৰ শপতগ্ৰহণতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে, অসমৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বিজেপিয়ে ৰাজ্যত 11 খনো আসন লাভ কৰা নাছিল ৷ তেনেক্ষেত্ৰত এইবাৰৰ ফলাফল অসমত গেৰুৱা দলটোৰ এক বৃহৎ সাফল্য বুলি তেওঁ মন্তব্য কৰে ৷ যাক ভেটি হিচাপে লৈ গেৰুৱাবাহিনীয়ে 2026 ৰ বিধানসভা নিৰ্বাচনত 100 খন আসনৰ লক্ষ্যৰে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিব ৷

লগতে পঢ়ক: ৰাইজৰ মৰম আৰু আৰ্শীবাদৰ বাবে বিজেপিৰ চক্ৰবেহু পৰা ওলাই আহিবলৈ সক্ষম হ’লো: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.