গুৱাহাটী, ২১ আগষ্ট: ৰাজ্যসভাত অসমৰ পৰা খালী হোৱা দুখন আসনৰ বাবে আজি বুধবাৰে বিজেপিৰ প্ৰার্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখ্য যে এই দুই আসনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল । বিৰোধীৰ পৰা এই আসনৰ বাবে কোনো মনোনয়ন পত্ৰ দাখিল কৰা নহ'ল । যাৰ বাবে বিজেপিৰ প্ৰার্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসৰ জয় প্ৰায় নিশ্চিত । মনোনয়ন দাখিলৰ সময়ত এই দুই প্ৰাৰ্থীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংগ দিয়ে ।
উল্লেখ্য যে দুলীয়াজানৰ প্ৰাক্তন বিধায়ক তেলীয়ে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । চলিত বছৰত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত তেলী বঞ্চিত হ'বলগীয়া হৈছিল ।
Hon’ble Union Minister Shri @sarbanandsonwal dangoriya, Ministers, MLAs, leaders of NDA and myself accompanied Shri Mission Ranjan Das and Shri @Rameswar_Teli for the filing of their nomination papers.
— Himanta Biswa Sarma (@himantabiswa) August 21, 2024
I am certain that they will be excellent and inspiring Rajya Sabha Members. pic.twitter.com/aM4LY4pHo2
আনহাতে, উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হোৱা মিছন ৰঞ্জন দাস বিজেপিৰ এগৰাকী অভিজ্ঞ ৰাজনীতিক । অষ্টাদশ লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা জয়ী হোৱাৰ পিছত ৰাজ্যসভাৰ দুয়োখন আসন খালী হৈ আছিল । অহা তিনি ছেপ্টেম্বৰত ৰাজ্যসভাৰ আসন দুখনৰ বাবে নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে । উল্লেখ্য যে ৰাজ্যসভাৰ দুখন আসনৰ বাবে আবেদন কৰা দহগৰাকী প্ৰার্থীৰ মাজৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক মনোনীত কৰে ।
Accompanied Shri @Rameswar_Teli and Shri Mission Ranjan Das for their nomination filing at Assam Legislative Assembly for the upcoming Rajya Sabha bypolls. My best wishes to them.
— Sarbananda Sonowal (@sarbanandsonwal) August 21, 2024
Hon'ble CM Shri @himantabiswa, BJP Assam State President Shri @Bhabesh_KalitaR, AGP President Shri… pic.twitter.com/zs3QINoz4b
বিৰোধীৰ শক্তি , আত্মবিশ্বাস নাইকীয়া হৈছে: সৰ্বানন্দ
আজি মনোনয়ন দাখিলৰ সময়ত এই দুই প্ৰাৰ্থীক সংগ দিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকক সম্বোধন কৰি কয়, ‘‘ দুয়ো জেষ্ঠ নেতা, বহুত নিষ্ঠাবান কৰ্মী । ৰাইজৰ সহযোগত সকলো নিৰ্বাচনত সহযোগিতা আগবঢ়াইছে । আমি সংকল্পবদ্ধ । দলটোক কষ্ট কৰি শক্তিশালী কৰিছে । বিৰোধীৰ শক্তি নাই, আত্মবিশ্বাস নাইকীয়া হৈছে ।’’
বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰী
আজি মনোনয়ন দাখিলৰ সময়ত এই দুই প্ৰাৰ্থীক সংগ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ তেলী পুৰণি নেতা । দাসে ১৯৯১ চনত বি জে পিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ । অসমৰ ৰাইজৰ আশা আকাংক্ষা সংসদত তুলি ধৰিব । কৰিমগঞ্জৰ পৰা ৰাজ্যসভালৈ যোৱা নাছিল । বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ব বুলি আশাবাদী ৷’’
লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাস
চম্পাই ছোৰেনৰ সমুখত তিনিটা বিকল্প: দলত্যাগ, নতুন দল গঠন আৰু আন দলত যোগদান
বড়োভূমিত ইউ পি পি এল-বি পি এফ একেলগ হ'লে ভাল হ'ব: মুখ্যমন্ত্ৰী শৰ্মাৰ ঘোষণা