ETV Bharat / politics

ৰায়বৰেলী নে ৱায়ানাড ? ৰাহুল গান্ধীয়ে কাৰ সৈতে থাকি কাক এৰিব ... - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024

Rahul Gandhi : গান্ধী পৰিয়ালৰ তনয় তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কোনখন আসনক এৰিব, তাক লৈ চলিছে সৰৱ চৰ্চা ৷ কংগ্ৰেছ নেতাগৰাকীয়ে ইতিমধ্যে এক ভিডিঅ’ মুকলি কৰি দুয়োখন আসন নিজৰ হাততে ৰখাৰ সদিচ্ছা প্ৰকাশ কৰি ইংগিত দিছে বহু কথাৰ ৷

LOK SABHA ELECTION RESULTS 2024
ৰাহুল গান্ধীক লৈ সামাজিক মাধ্যমত চৰ্চা (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 11:34 AM IST

Updated : Jun 6, 2024, 1:55 PM IST

নেশ্যনেল ডেস্ক, 6 জুন : সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দুটাকৈ সমষ্টিৰ পৰা জয়লাভ কৰে ৷ সমষ্টি দুটা হৈছে ক্ৰমে ৰায়বৰেলী আৰু ৱায়ানাড ৷ পিছে ৰাহুল গান্ধীয়ে এৰিব লাগিব ইয়াৰো কোনো এটা সমষ্টি ৷ যি বিষয়ত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত ৷

এই সন্দৰ্ভত ৰাহুল গান্ধীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ হাঁহিমুখে বিনম্ৰতাৰে উত্তৰ দিয়ে ৷ অৱশ্যে কংগ্ৰেছৰ তৰফৰ পৰা এই বিষয়ত কোনো স্পষ্টতা প্ৰকাশ পোৱা নাই ৷

ৰায়বৰেলীত 3.90 লাখ ভোটত জয়ী ৰাহুল গান্ধী :

2019 চনত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ৰায়বৰেলীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । গান্ধীয়ে সমষ্টিটোত বিপক্ষৰ বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙক 1.70 লাখতকৈও অধিক ভোটত পৰাজিত কৰিছিল ।

প্ৰাৰ্থীৰ নামদলভোট লাভব্যৱধান
ৰাহুল গান্ধীকংগ্ৰেছ6,87,649 +3,90,030
দীনেশ প্ৰতাপ সিংবিজেপি2,97,619-3,90,030

একে সময়তে ৰাহুল গান্ধীয়ে আমেঠীৰ পৰা আগবঢ়াইছিল নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা ৷ পিছে সেই সময়ত ৰাহুল গান্ধীয়ে বিজেপিৰ স্মৃতি ইৰাণীৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ৷

এইবাৰৰ নিৰ্বাচনত মাতৃৰ সমষ্টি ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনী যুঁজত নামি বিজেপিৰ দীনেশ প্ৰতাপ সিঙক 3,90,030 ভোটৰ বিশাল ব্যৱধানত পৰাজিত কৰে ৷

ৱায়ানাডত ৰাহুল গান্ধীৰ বিশাল জয় :

বিগতবাৰৰ দৰে এইবাৰো ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা ঐতিহাসিক জয় লাভ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰৰ বিজয়ৰ ব্যৱধান সামান্য হ্ৰাস পাইছে ৷

প্ৰাৰ্থীৰ নামদলভোট লাভব্যৱধান
ৰাহুল গান্ধীকংগ্ৰেছ6,47,445 +3,64,422
এনি ৰাজাচি পি আই2,83,023-3,64,422

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা চি পি আই নেতা এনি ৰাজাক 3,64,422 টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ এই জয়ৰ ব্যৱধান ৰায়বৰেলীতকৈ সামান্য কম ৷

এই মূহুৰ্তৰ ডাঙৰ প্ৰশ্ন : ৰাহুলে দুয়োখন আসনৰ ভিতৰত কোনখন এৰিব ?

এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ৰাহুলে কোনখন আসন এৰি কোনখন ৰাখিব নিজৰ লগত ৷ ৰাজধানী দিল্লীত কংগ্ৰেছ যুৱৰাজগৰাকীক সাংবাদিকে এই প্ৰশ্ন কৰাত তেওঁ হাঁহিমুখে উত্তৰ দি কৈছিল যে, "মোক সোধা হৈছে যে মই ৱায়ানাড বা বৰেলীৰ সাংসদ হ'ম নেকি" ৷

একে সময়তে কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰি দুয়োখন আসনৰ ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে তেওঁ দুয়োখন আসন ৰখাৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰে যদিও এইক্ষেত্ৰত অসহায় বুলিও মন্তব্য প্ৰকাশ কৰে ৷

ৰাহুলে কোনখন আসন ৰাখিব পাৰে ? চাওক এক সৰল সমীকৰণ

এক সুদীৰ্ঘ সময়ৰ পিছত উত্তৰ প্ৰদেশলৈ ঘূৰি আহিছে কংগ্ৰেছৰ স্থিতি ৷ পূৰ্বে দুগৰাকী বিধায়ক থকা দলটোৱে এইবাৰৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ পৰা লাভ কৰিছে ছয়গৰাকীকৈ সাংসদ ৷ যিয়ে একপ্ৰকাৰ অক্সিজেন যোগান ধৰিছে দলটোক ৷

বিশেষকৈ আমেঠীত কংগ্ৰেছৰ প্ৰত্যাৱৰ্তন কোনো বৃহৎ সাফল্যতকৈ কম নহয় ৷ গতিকে ইয়াক কেন্দ্ৰ কৰি আৰম্ভ হোৱা চৰ্চাসমূহৰ পৰা এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছে উত্তৰ প্ৰদেশত ৰাহুলৰ ভাৱমূৰ্তি নষ্ট হোৱাতো বিচৰা নাই ৷ যাৰ বাবে তেওঁ এই আসনখন নিজৰ লগত ৰখাৰ সম্ভাৱনাই অধিক ৷

ইফালে একে সময়তে ৰাহুল গান্ধীয়ে ৱায়ানাডৰ আসনখন এৰাৰ সম্ভাৱনা এইকাৰণে বেছি প্ৰকট হৈ পৰিছে যে, বৰ্তমানে দক্ষিণ ভাৰতত এক শক্তিশালী স্থিতিত আছে কংগ্ৰেছ নেতৃত্ব ৷ এই দিশটো লক্ষ্য কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ৱায়ানাডৰ আসন এৰাৰ সম্ভাৱনা অধিক ৷ অৱশ্যে এই বিষয়ত বৰ্তমানলৈকে দলীয় নেতৃত্বই প্ৰকাশ কৰা নাই কোনো মন্তব্য ৷

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে প্ৰিয়ংকা গান্ধীয়ে ?

ৰাহুল গান্ধীয়ে যদি ৱায়ানাডৰ আসনখন এৰি দিয়ে, তেন্তে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক সেই আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে । এই বিষয়ে ইতিমধ্যে সৰৱ চৰ্চা হৈছে সামাজিক মাধ্যমত ৷ কিয়নো ইতিমধ্যে এক ভিডিঅ’ৰ জৰিয়তে ৰাহুল গান্ধীয়ে মুকলিকৈ প্ৰকাশ কৰিছে যে, নেতাগৰাকীয়ে দুয়োখন আসনে ধৰি ৰাখিব বিচাৰে ৷

সেয়ে ৰাহুল গান্ধীয়ে এই আসনখন এৰিলেও কংগ্ৰেছ নেতৃত্বই প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি আসনখন নিজৰ হাততে ৰাখিবলৈ চেষ্টা কৰিব বুলিও বহুতে অনুমান কৰিছে ৷

ৰায়বৰেলীৰ আসনখন কংগ্ৰেছে নিজৰ হাতত ৰখাৰ পাঁচটা মুখ্য কাৰণ :

  • যেতিয়া প্ৰিয়ংকা গান্ধীয়ে ৰায়বৰেলীত প্ৰচাৰ আৰম্ভ কৰিছিল, সেই সময়ছোৱাত নেত্ৰীগৰাকীয়ে সমষ্টিবাসীৰ সৈতে গান্ধী পৰিয়ালৰ এক সু-সম্পৰ্কৰ দোহাই দি সদায় কংগ্ৰেছে সমষ্টিবাসীৰ ওচৰত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ দলটোৱে বৰ্তমান সময়ত তেওঁলোকৰ প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ বিচৰা নাই ৷
  • কংগ্ৰেছে জানে যে ৰায়বৰেলী আৰু আমেঠী হৈছে দুটা সহজ পথ, যাৰ দ্বাৰা দলটোৱে উত্তৰ প্ৰদেশত পুনৰ প্ৰত্যাৱৰ্তন কৰি স্থিতি মজবুত কৰিব পাৰে ৷ কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত ছয়খন আসন দখলৰে পুনৰ প্ৰত্যাৱৰ্তন ঘটাইছে ৰাজ্যখনত ৷ গতিকে তেওঁলোকে কোনো পৰিস্থিতিতে এই সুবিধা নিজে কৰ্তন কৰিবলৈ নিবিচাৰে ৷
  • স্মৃতি ইৰাণীক পৰাস্ত কৰি কংগ্ৰেছে আমেঠীত প্ৰতিশোধ লৈছে । এতিয়া দলটোৱে নিবিচাৰিব যে, আন কোনো দলৰ প্ৰাৰ্থীয়ে এয়া নিজৰ দখলত আনি কংগ্ৰেছৰ ক্ষতি কৰক ৷ সেয়ে ৰায়বৰেলীত তেওঁলোকৰ স্থিতিত অটল থকাতো প্ৰয়োজনীয় । যিয়ে উত্তৰ প্ৰদেশত দলটোক এক শক্তিশালী স্থিতি প্ৰদানতো সহায় কৰিব ৷
  • উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠী আসনক গান্ধী পৰিয়ালৰ সন্মান বুলি গণ্য কৰা হয় । এতিয়া দলটোৱে এই খ্যাতিৰ কোনো ধৰণৰ ক্ষতি নিবিচাৰিব । এক দীঘলীয়া সংগ্ৰামৰ পিছত দলটোৱে লাভ কৰা আসন দুখনৰ ক্ষেত্ৰত কোনো ভুল কৰিব নিবিচাৰিব ৷
  • কংগ্ৰেছে জানে যে, দক্ষিণত দলটোৰ স্থিতি যথেষ্ট শক্তিশালী ৷ আনকি ৰাহুল গান্ধীয়ে এই আসন এৰিলেও ইয়ে দলটোক বিশেষ প্ৰভাৱিত নকৰিব । যাৰ বাবে ৰাহুল গান্ধীয়ে ৱায়ানাডৰ আসনখন এৰিলেও বিৰোধীয়ে তাত কোনো সুযোগ লাভ কৰিব নোৱাৰে ৷

লগতে পঢ়ক: ৰাহুল গান্ধীৰ দুটাকৈ দেশজোৰা যাত্ৰাই নিৰ্বাচনত কিদৰে সহায় কৰিলে কংগ্ৰেছক ? - Lok Sabha Election results 2024

লগতে পঢ়ক: মাতৃৰ সমষ্টিত বৃহৎ বিজয়ৰ দিশে ৰাহুল গান্ধী - Lok Sabha Election Results 2024

Last Updated : Jun 6, 2024, 1:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.