ETV Bharat / politics

১০ শতাংশ অধিক ভোট লাভ কৰিব বুলি দাবী প্ৰদান বৰুৱাৰ - Lok Sabha election 2024

Nari Shakti Vandana Yatra: লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দলীয় মনোনয়ন লাভত কেন্দ্রীয় নেতৃত্বক শলাগ জনালেও কৃতিত্ব প্ৰদান কৰে দলীয় কৰ্মী সকলকহে । মঙলবাৰে বিয়লি লখিমপুৰত নাৰী শক্তি বন্দনা যাত্ৰাত অংশগ্রহণ কৰি তেওঁ এইদৰে কয় ।

Nari Shakti Vandana Yatra
নাৰী শক্তি বন্দনা যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:47 PM IST

নাৰী শক্তি বন্দনা যাত্ৰা

লখিমপুৰ, ৫ মাৰ্চ: লখিমপুৰত আজি নাৰী শক্তি বন্দনা যাত্ৰাৰ অংশ হিচাপে এক সমদল উলিওৱা হয় । এই নাৰী শক্তি বন্দনা যাত্ৰাত অংশগ্ৰহণ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱাই । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে দলীয় মনোনয়ন লাভৰ ক্ষেত্ৰত দলীয় কৰ্মীক কৃতিত্ব প্ৰদান কৰে ।

মঙলবাৰে বিয়লি লখিমপুৰত নাৰী শক্তি বন্দনা যাত্ৰাত তেওঁ অংশগ্রহণ কৰি বিগত সময়ৰ তেওঁৰ কাৰ্যকালত দলীয় কৰ্মীয়ে দলটোৰ বাবে নিষ্ঠাৰে কৰা কামকাজৰ শলাগ লয় । প্ৰসংগক্ৰমে তেওঁ কয় যে বিগত নিৰ্বাচনত ৬৯ শতাংশ ভোট লাভ কৰিছিল । এইবাৰ দলৰ নিৰ্দেশত আৰু ১০ শতাংশ বৃদ্ধি কৰিব বুলি কয় । দলীয় কৰ্মী, মিত্ৰজোঁট আদি সকলোৰে সহযোগিতাত এইবাৰৰ নিৰ্বাচনত ভোটৰ শতাংশ বৃদ্ধি হ'ব বুলি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱাই ।

উল্লেখ্য় যে বিগত ২০১৬ চনত লখিমপুৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা । পৰৱৰ্তী ২০১৯ চনৰ নিৰ্বাচনত পুনৰ এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বৰ্তমানো তেওঁ সাংসদ ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে । শেহতীয়াকৈ সমাগত লোকসভা নির্বাচনত বিজেপি দলে লখিমপুৰ লোকসভা সমষ্টিত তেওঁকেই পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেওঁৰ এই প্ৰাৰ্থিত্ব লাভৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা জে পি নাড্ডা,অমিত শ্বাহ,মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আদিক কৃতজ্ঞতা জনালেও প্ৰদান বৰুৱাই ।

সমাগত নিৰ্বাচনত বিৰোধী দলৰ প্ৰত্যাহ্বান হেলাৰঙে অতিক্রম কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্র দেশ এতিয়া মোদীময় হৈ আছে । সমাজৰ সকলো স্তৰৰ লোকৰ বাবে প্ৰৱৰ্তন হৈছে অসংখ্য আঁচনি । সকলো ক্ষেত্রৰ আন্তঃগাঁথনিৰ চমকপ্ৰদ উন্নয়ন হৈছে । সেয়ে সমাগত নিৰ্বাচনত বিজেপি দলে অভাবনীয় সাফল্য লাভ কৰিব বুলি তেওঁ কয় । লখিমপুৰত বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব লগীয়া উন্নয়নমূলক আঁচনি সমূহৰ বিষয়েও তেওঁ সদৰী কৰে ।

লগতে পঢ়ক:চিআইডিৰ কাৰ্যালয়ত হাজিৰ নহয় ভূপেন বৰা; দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.