ETV Bharat / politics

নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যত ছয় নং দফাৰ চক্ৰান্ত মুখ্যমন্ত্রীৰ : বিৰোধী ঐক্য মঞ্চ - Assam Accord Implementation

author img

By ETV Bharat Assamese Team

Published : 7 hours ago

Opposition on clause 6 implementation : অসম চুক্তিৰ ছয় নং দফা ৰূপায়নৰ প্ৰসংগক লৈ বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল । অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য জাতিৰ বাবে সংকটজনক । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ছয় নং দফাক ৰাজনৈতিক হাথিয়াৰ হিচাপে ল'ব বিচাৰিছে । ৰাজনৈতিক স্বাৰ্থৰ বাবে চাৰে চাৰি বছৰ পিছত প্ৰতিবেদনখন উলিয়াই আনিছে । মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু-মুছলমান মাজত নহয়, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজতো বিভাজন আনিবলৈ বিচাৰিছে । সংবিধান সংশোধন অবিহনে সাংবিধানিক সুৰক্ষা অসম্ভৱ । মুখ্যমন্ত্ৰীক কেন্দ্ৰৰ অধিকাৰ কোনে দিলে ? মুখ্যমন্ত্ৰীৰ অধিকাৰ নথকা বিষয়ত কিয় ভৰি দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ?

Opposition on clause 6 implementation
ছয় নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত বিৰোধী ঐক্যমঞ্চ (ETV Bharat Assam)

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : ‘‘২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ কথা কৈছে ৷ কেৱল ৰাজনৈতিক স্বাৰ্থত বিভ্ৰান্তিকৰ কথাৰে পৰিৱেশ ধুঁৱলী-কুঁৱলী কৰিব বিচাৰিছে ৷’’- এই অভিযোগ বিৰোধী ঐক্য মঞ্চৰ ৷ বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

উল্লেখ্য যে ছয় নং দফা ৰূপায়ণৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা কমিটীয়ে দিয়া প্ৰতিবেদন সন্দৰ্ভত বুধবাৰে আছুৰে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছিল ৷ মুখ্যমন্ত্ৰীয়ে বিপ্লৱ শৰ্মা কমিটীৰ ৪০টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ, ১২ টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উভয়ৰ আৰু ১৫ টা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰৰ বুলি সদৰী কৰিছিল ৷ মুখ্যমন্ত্ৰীয়ে ছয় নং দফা ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়োৱা মন্তব্যৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্তি কৰি আজি বিৰোধী ঐক্য মঞ্চই সংবাদমেল সম্বোধন কৰে ৷

অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য জাতিৰ বাবে সংকটজনক : ভূপেন বৰা

সংবাদমেলত বিৰোধী ঐক্য মঞ্চৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘৪ ছেপ্টেম্বৰত লখিমপুৰত অনুষ্ঠিত হোৱা কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰে বিপ্লৱ শৰ্মা কমিটীৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৰাজ্য চৰকাৰৰ এক্তিয়াৰত থকা ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰিম বুলি কৈছিল ৷ বাকী ১০ টা কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰৰ বুলি কৈছিল ৷ কিন্তু বুধবাৰে আছুৰ লগত বৈঠকত মিলিত হোৱাৰ পিচত ৪০ টা পৰামৰ্শ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ক’লে ৷’’

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘১২ টা পৰামৰ্শ উভয় চৰকাৰে মিলি কৰিব আৰু ১৫ টা কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰৰ বুলি মুখ্যমন্ত্ৰীয়ে ক’লে ৷ ২১ দিনতে মুখ্যমন্ত্ৰীয়ে স্থিতি সলনি কৰিছে ৷ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনক লৈ অসম চৰকাৰ কিমান ছিৰিয়াছ তথা ইয়াৰ ৰূপায়ণক লৈ চৰকাৰৰ কিমান সদিচ্ছা সেই কথা ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি ৷ সাংবিধানিক মূল বিষয়সমূহৰ ক্ষেত্ৰত একো নাই ৷ আচল ১৫ টা পৰামৰ্শ সন্দৰ্ভত কেন্দ্ৰ নিমাত ৷ ৰাজনৈতিক বিষয়ত কেন্দ্ৰই একো কোৱা নাই ৷ আনহাতে অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য জাতিৰ বাবে সংকটজনক৷ এটা জাতিৰ দুটা সংজ্ঞা হলে বিপদজনক হ'ব ৷ আমাৰ সন্দেহ হয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন, পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ছয় নং দফাক ৰাজনৈতিক হাথিয়াৰ হিচাপে ল'ব বিচাৰিছে ৷’’

বৰাই লগতে কয় , ‘‘বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কেন্দ্ৰই গ্ৰহণ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ ৰূপায়ণ কৰিব পাৰিব ৷ মুখ্যমন্ত্ৰীয়ে আভুৱা ভাৰিব বিচাৰিলে জবাবদিহি হ’ব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে শিলসাঁকো বিলত উচ্ছেদ কৰাৰ কথা বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনত কোৱা আছে ৷ শিলসাঁকোত থকা জিনজাৰ হোটেল আৰু আজমলৰ চৌহদ উচ্ছেদ কৰিব নালাগে কৈছিল নেকি প্ৰতিবেদনত ? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগিব ৷ ৰাজনৈতিক স্বাৰ্থৰ বাবে চাৰে চাৰি বছৰ পিচত প্ৰতিবেদনখন উলিয়াই আনিছে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু এন আৰ চি সন্দৰ্ভত স্থিতি স্পষ্ট কৰক মুখ্যমন্ত্ৰীয়ে ৷’’

মুখ্যমন্ত্ৰীৰ বক্তব্য অত্যন্ত ভয়াৱহ : লুৰীণজ্যোতি গগৈ

সংবাদমেলত বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু ইয়াৰে গুৰুত্বপূৰ্ণ দফা ছয় নং দফা ৷ ইয়াৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মা কমিটী গঠন কৰিছিল ৷ কমিটীৰ প্ৰতিবেদন ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত অসম চুক্তি আৰু কমিটীৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰাৰ কথা কৈছিল ৷ কমিটীয়ে দিয়া প্ৰতিবেদন চাৰি বছৰ আঠ মাহ ১৫ দিন পেলাই থ’লে ৷ কেন্দ্ৰই গ্ৰহণ নকৰা প্ৰতিবেদনখন মুখ্যমন্ত্ৰীয়ে উলিয়াই ৰূপায়ণৰ কথা কৈছে৷ কেন্দ্ৰই অনুমোদন নজনোৱা প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে ৰূপায়ণ কৰাৰ সাংবিধানিক অধিকাৰ আছে নেকি ?’’

লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘প্ৰথমতে প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শৰ ৫৭ টা ৰূপায়ণৰ কথা কৈছিল৷ তাৰ পিছত ৫২ টাৰ পৰা ৪০ হ’ল৷ আচলতে ইয়াৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে ৷ ইয়াৰ দ্বাৰা ৮৫৫ গৰাকী শ্বহীদৰ প্ৰতি অপমান কৰা হৈছে৷ লগতে অপমান কৰা হৈছে প্ৰতিবেদন প্ৰস্তুত কৰা কমিটীখনক৷ ব্যাপক দুৰ্নীতি, পৰিবাৰৰ সম্পত্তি, স্মাৰ্ট মিটাৰ আদি বিষয় ঢাকি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ছয় নং দফা আনিছে ৷’’

তদুপৰি তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীৰ বক্তব্য অত্যন্ত ভয়াৱহ ৷ বৰাক উপত্যকা আৰু ষষ্ঠ অনুসূচীত কমিটীৰ প্ৰতিবেদন প্ৰযোজ্য নহয় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু-মুছলমান মাজত নহয়, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত বিভাজন আনিবলৈ বিচাৰিছে ৷ সেইদৰে ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰতো বিভাজন আনিবলৈ বিচাৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰাক আৰু ষষ্ঠ অনুসূচীৰ জনগণৰ শত্ৰু ৷’’

প্ৰতিবেদনক লৈ ভয়ংকৰ ৰাজনীতিত নিমগ্ন হৈছে মুখ্যমন্ত্রী : অজিত কুমাৰ ভূঞা

সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ষড়যন্ত্ৰমূলক ৰাজনীতিৰ বিৰুদ্ধে আমি সকীয়নি দিছো ৷ আছুক মাতি আনি এটা পৰিৱেশ কৰিলে ৷ ক্ষমতাৰ ৰাজনীতিত মগ্ন হৈ আছে হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াত জড়িত হৈ পৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ মুখ্যমন্ত্ৰীয়ে টেঙা আম বিক্ৰী কৰিব ধৰিছে ৷ বিপ্লৱ শৰ্মা কমিটী অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ বাবে গঠন কৰা হৈছিল ৷ কেন্দ্ৰই গ্ৰহণ নকৰা প্ৰতিবেদনখন উলিয়াই মুখ্যমন্ত্ৰীয়ে এতিয়া খিলঞ্জীয়াপ্ৰেমী হ'ব বিচাৰিছে৷ প্ৰতিবেদনক লৈ ভয়ংকৰ ৰাজনীতিত নিমগ্ন হৈছে মুখ্যমন্ত্ৰী ৷’’

তেওঁ কয়, ‘‘অসমীয়াৰ দুটা সংজ্ঞা কেনেকৈ হ'ব পাৰে ? ইয়াৰ প্ৰতিবাদ নকৰিলে বিপদ আছে ৷ প্ৰতিবেদনক লৈ ৰাজনীতি কৰিব বিচৰা হৈছে ৷ সাম্প্ৰদায়িক ৰাজনীতিত ঘিউ ঢলাৰ কাম কৰিছে ৷ কেন্দ্ৰীয় গৃহ বিভাগে প্ৰতিবেদনখন গ্ৰহণ কৰা নাই ৷ সংবিধান সংশোধন অবিহনে সাংবিধানিক সুৰক্ষা অসম্ভৱ ৷ মুখ্যমন্ত্ৰীক কেন্দ্ৰৰ অধিকাৰ কোনে দিলে ৷ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞা স্পষ্টভাৱে আছে ৷ মুখ্যমন্ত্ৰীয়ে কিয় দুটা সংজ্ঞাৰ কথা কৈছে ? হিমন্ত বিশ্ব শৰ্মা বহু বছৰ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল ৷ কিমান বিদেশী খেদিলে তাৰ উত্তৰ দিয়ক ৷ এন আৰ চি গোচৰত ন্যায়ালয়ত কিয় শপতনামা দিব নাই ৷ ইতিহাসে তেওঁক ক্ষমা নকৰে ৷ তেওঁৰ সুবিধাবাদী ৷ দুৰ্নীতি-কেলেংকাৰীৰ পৰা মুক্তি পাবলৈ ছয় নং দফাক লৈ ভয়ংকৰ ৰাজনীতিত নিমজ্জিত হৈছে মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰ দিয়ক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ মুখ্যমন্ত্ৰীৰ অধিকাৰ নথকা বিষয়ত কিয় ভৰি দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ?’’

সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াও উপস্থিত আছিল ৷

লগতে পঢ়ক : ৬ নং দফা কাৰ্যকৰীকৰণ : শিল ঘঁহিয়েই থাকিব আছুৱে

বিপ্লৱ শৰ্মা সমিতিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত কোনকেইটা অসম চৰকাৰৰ দায়িত্বত ? জনালে মুখ্যমন্ত্ৰীয়ে

বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ফলাফললৈ ৰূপান্তৰিত কৰাৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.