ETV Bharat / politics

cVigil App ত ১ লাখৰো অধিক নিৰ্বাচনী অধিনিয়ম উলংঘাৰ অভিযোগ লাভ নিৰ্বাচন আয়োগৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 4:15 PM IST

Election Violation Complaints: নিৰ্বাচনী সংহিতা উলংঘাৰ অভিযোগ কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ cVIGIL এপ জনসাধাৰণৰ হাতত এক ফলপ্ৰসূ আহিলাত পৰিণত হৈছে । বৰ্তমানলৈকে 1 লাখৰো অধিক গোচৰ লাভ ।

Election Violation Complaints
LOK SABHA ELECTION 2024

নিউজ ডেস্ক, ৪ এপ্ৰিল: ১৬ মাৰ্চৰ পৰা ৩ এপ্ৰিলৰ ভিতৰত আৰ্হি আচৰণ বিধি উলংঘা কৰাৰ সন্দৰ্ভত ইচিৰ cVigil Appৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগে ১,২৫,৯৩৯টা অভিযোগ লাভ কৰে । ইয়াৰে ১,২৫,৫৫১টা নিষ্পত্তি কৰাৰ বিপৰীতে ১,১৩,৪৮১ টা ১০০ মিনিটৰ ভিতৰত সমাধান কৰা হয় আৰু ৩৮৮ টাৰ এতিয়াও প্ৰক্ৰিয়া চলি আছে ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ৩৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত- নিৰ্দিষ্ট সময়সীমাত ৭১,১৬৮ টা অভিযোগ থকা কেৰালাই সৰ্বাধিক অভিযোগৰ সৈতে শীৰ্ষস্থান দখল কৰে । তাৰ পিছতে উত্তৰাখণ্ডত ১৪,৬৮৪, কৰ্ণাটকত ১৩,৯৫৯, অন্ধ্ৰপ্ৰদেশত ৭,০৫৫ অভিযোগ , পশ্চিম বংগত ৩,১২৬, ৰাজস্থানত ২,৫৭৫, তামিলনাডুত ২,১৬৮, মধ্যপ্ৰদেশত ১,৮৩৭, ওড়িশাত ১,৮২৯, উত্তৰ প্ৰদেশত ১,৮০১ দাখিল হৈছে ।

একেদৰে কেৰালাত মুঠ ৭১,১৬৮টা অভিযোগৰ ভিতৰত ৭০,৯২৯ টা অভিযোগ নিষ্পত্তি হৈছে । ইয়াৰে ৬৭,১২৮ টা অভিযোগ ১০০ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা হয় । উত্তৰাখণ্ডত ১৪,৬৬৭টা অভিযোগ নিষ্পত্তি কৰা হৈছে । তাৰে ১৪,০৭১টা অভিযোগ ১০০ মিনিটৰ ভিতৰত নিষ্পত্তি হয় ।

কৰ্ণাটকৰ মুঠ ১৩,৯২১ টা নিষ্পত্তি হোৱাৰ বিপৰীতে ১১,৯০৮ টা ১০০ মিনিটৰ ভিতৰত সমাধান কৰা হয় । অন্ধ্ৰ প্ৰদেশত ৭,০৫২ টা নিষ্পত্তি হোৱা গোচৰৰ ৬,৩০৮ টা ১০০ মিনিটৰ ভিতৰত সমাধান কৰা হয় ।

মিজোৰাম, নাগালেণ্ড আৰু লাডাখত অভিযোগ শূন্য হোৱাৰ বিপৰীতে মেঘালয়ত ৬টা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন এণ্ড ডিউত ১০টা, মণিপুৰত ১২টা, জম্মু কাশ্মীৰত ১৩টা, পুডুচেৰীত ১৪টা, ত্ৰিপুৰাত ১৯ টা গোচৰ দাখিল হয় ।

এতিয়াও প্ৰক্ৰিয়া চলি থকা মুঠ অভিযোগৰ ক্ষেত্ৰত ৩৮৮ টা এতিয়াও প্ৰক্ৰিয়া চলি আছে আৰু কেৰালা (২৩৯) পুনৰ তালিকাৰ শীৰ্ষত আছে আৰু তাৰ পিছতে আছে কৰ্ণাটকত ৩৮, পশ্চিম বংগত ৩১, তামিলনাডুত ২৯, উত্তৰাখণ্ডত ১৭ আৰু অন্যান্য।

cVigil হৈছে ইউজাৰ ফ্ৰেণ্ডলী এপ্লিকেচন, যিয়ে সজাগ নাগৰিকসকলক জিলা নিয়ন্ত্ৰণ কক্ষ, ৰিটাৰ্নিং বিষয়া আৰু ফ্লাইং স্কোয়াড দলৰ সৈতে সংযোগ কৰে । এই এপটো ব্যৱহাৰ কৰি নাগৰিকে তৎক্ষণাত ৰাজনৈতিক অসৎ আচৰণৰ ঘটনাৰ বিষয়ে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে কিছু মিনিটৰ ভিতৰতে ৰিপোৰ্ট দিব পাৰে । cVigil এপত অভিযোগ পঠোৱাৰ লগে লগে অভিযোগকাৰীয়ে লাভ কৰিব একক আইডি যাৰ জৰিয়তে ব্যক্তিজনে নিজৰ মোবাইলত অভিযোগ অনুসৰণ কৰিব পাৰিব ।

লগতে পঢ়ক: নির্বাচনী বিধি উলংঘাৰ অভিযোগত ৰকিবুল হুছেইনলৈ জাননী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.