তেজপুৰ, ২০ এপ্ৰিল : টাৱাং জিলা নিৰ্বাচনী বিষয়াই ১৩ জনীয়া নিৰ্বাচনী দলক শনিবাৰে বিয়লি টাৱাঙত সম্বৰ্ধনা জনায় ৷ কাৰণ ভাৰত-চীন সীমান্তত থকা এটা অতি উচ্চতাৰ দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰি সফলতাৰে উভতি আহে ৷ ভাৰত-চীন সীমান্তত থকা ভোটগ্ৰহণ কেন্দ্ৰটোলৈ ১৭ এপ্ৰিলত ৰাওনা হৈছিল প'লিং-প্ৰিজাইডিং বিষয়াসহ সুৰক্ষা বাহিনীৰ লোক ৷
- " class="align-text-top noRightClick twitterSection" data="">
সীমান্তৰ পৰা নাতিদূৰত অৱস্থিত ভোটগ্ৰহণ কেন্দ্ৰটো আছে লগুথাঙত ৷ ১৩,৩৮৩ ফুট উচ্চতাত অৱস্থিত লগুথাং ভোটকেন্দ্ৰৰ এগৰাকী চেক্টৰ অফিচাৰ তথা পেছাত এগৰাকী জ্যেষ্ঠ পশু চিকিৎসক ডাঃ টুপতেন ছেৰিঙে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসক কয় যে প্ৰায় ১০ -১২ ঘণ্টা খোজ কাঢ়ি ভোটকেন্দ্ৰটোত উপস্থিত হয় আৰু ৪১ গৰাকী ভোটাৰৰ ভোটগ্ৰহণ কৰে ।
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনো ১৯ এপ্ৰিলত ভোটগ্ৰহণ সামৰণি পৰে যদিও এই ১৩ জনীয়া দলটো শনিবাৰে বিয়লিহে উভতি টাৱাঙত উপস্থিত হয় । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মক্টো বিধানসভা সমষ্টিৰ লুগুথাং ভোটগ্ৰহণ কেন্দ্ৰটো সৰ্বোচ্চ উচ্চতাৰ ভোটকেন্দ্ৰ ।
ভোট কেন্দ্ৰটো ১৩,৩৮৩ ফুট উচ্চতাত অৱস্থিত । উক্ত অঞ্চলত কোনোধৰণৰ সংযোগ ব্যৱস্থা নাই, একমাত্ৰ ৱাৰলেচ সংযোগৰেহে যোগাযোগ স্থাপন কৰা হয় । ভোটগ্ৰহণৰ বাবে বিষয়া-কৰ্মচাৰী আৰু সুৰক্ষা বাহিনীৰ লোক বুধবাৰে জিলা সদৰ টাৱাঙৰ পৰা ৰাওনা হয় ৷ কাৰণ ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হ’বলৈ দুদিন সময় লাগে । সেইবাবেই ভোটগ্ৰহণৰ বিষয়াসকলে বুধবাৰে প্ৰতিকূল বতৰকো নেওচি এইদৰে ৰাওনা হয় ।
মুঠ ৪১ গৰাকী ভোটাৰ থকা ভোটগ্ৰহণ কেন্দ্ৰটোলৈ যাবলৈ কোনো বিশেষ ব্যৱস্থা নাই । খোজকাঢ়ি যাব লাগে বিষয়া-কৰ্মচাৰী, সুৰক্ষা বাহিনীৰ লোকে । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বহুতো সীমান্তৱৰ্তী অঞ্চলত মোবাইল ফোনৰ সেৱা যোগান ধৰিছে বিগত বৰ্ষত ৷ বিশেষকৈ সেনা বাহিনীৰ লোকৰ বাবে কিন্তু সাধাৰণ জনসাধাৰণৰ মাজত এই ব্যৱস্থা পৰিলক্ষিত হোৱা দেখা নগ’ল ।
লগুথাং ভোটকেন্দ্ৰটো অতি দুৰ্গম অঞ্চলত অৱস্থিত ৷ টাৱাঙৰ পৰা জং আৰু জঙৰ পৰা খিৰমুওলৈকে গৈ ১০ ঘণ্টা খোজ কাঢ়ি যাব লাগে । মুঠ ৯৫ শতাংশ ভোটদান হয় কেন্দ্ৰটোত । মক্টো বিধানসভা সমষ্টিটো অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সমষ্টি । উক্ত সমষ্টিত মুখ্যমন্ত্ৰী খাণ্ডুয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাত একমাত্ৰ পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয় ।
লগতে পঢ়ক: এটা ভোটকেন্দ্ৰত মাত্ৰ এটা ভোট : 39 কিঃমিঃ খোজকাঢ়ি গৈ ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰীৰ