ETV Bharat / politics

আমাৰো 10 বছৰ হ’ল, পুৰণি বিজেপিয়েই আমি : পীযুষ হাজৰীকা - Assam Politics

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:57 PM IST

Pijush Hazarika : পীযুষ হাজৰীকাই কয় যে বিজেপিত তেওঁৰ 10 বছৰ হ’ল, গতিকে তেওঁ পুৰণি বিজেপি কৰ্মী ৷ কোনো জ্যেষ্ঠ বিজেপি কৰ্মীয়ে দল অথবা নতুন কৰ্মীৰ বিৰুদ্ধে কোৱা নাই বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Pijush Hazarika
ৰহাত মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

ৰহা, 12 মে’: ‘‘জাগীৰোডত এনেকুৱা এগৰাকী পুৰণি বেজেপি কৰ্মী নাই, যিয়েই দলীয় নেতৃৰ প্ৰতি অসন্তুষ্ট হৈ আছে ৷ ৰহাত যদি আছে এইবোৰ নাইকিয়া কৰিব লাগে ৷’’ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

নতুন-পুৰণি কৰি থাকিলে দল আগবাঢ়ি নাযায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে দলৰ কোনো নেতা দলৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হোৱা বিষয়টো সংবাদ মাধ্যমৰহে সৃষ্টি বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ একাধিক জ্যেষ্ঠ বিজেপি নেতাই দলৰ নেতৃত্বৰ প্ৰতি মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় ৷ ৰহাতো নতুন-পুৰনি বিজেপি কৰ্মীৰ মাজত সংঘাত পৰিলক্ষিত হৈছে ৷

সেই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কোনো নেতাই দলৰ নতুন অথবা পুৰণি কৰ্মীৰ বিৰুদ্ধে কোৱা নাই ৷ দল শক্তিশালী হ’ব লাগে বুলিহে কৈছে ৷ সেই কথা সকলোৱে ক’ব বুলি উল্লেখ কৰি পীযুষ হাজৰীকাই কয় যে তেওঁৰো 10 বছৰ হ’ল বিজেপিত, গতিকে তেৱোঁ পুৰণি বিজেপি কৰ্মীয়েই ৷

উল্লেখ্য যে দেওবাৰে মন্ত্ৰীগৰাকীয়ে ৰহাত কলঙৰ বানে চিঙা পথৰ লগতে খহনীয়া পৰিদৰ্শন কৰে ৷ ৰহাৰ ৰহাচকী, দুৰ্গাজান আদিত বানত বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে ।

ৰহাচকীত বানে চিঙা পথৰ লগতে খহনীয়াৰ ক্ষেত্ৰত প্ৰতি বছৰে কিছু পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও বাঢ়নি পানীয়ে পুনৰ খহাই নিয়ে । যাৰ ফলত অঞ্চলটোত প্ৰতি বছৰে ভাবুকিৰ সৃষ্টি হৈ আহিছে ৷ সেয়ে আই আই টি নাইবা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বাৰা অধ্যয়ন কৰোৱাই ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

লগতে পঢ়ক: ২০২৬ ত বিৰোধীৰ চৰকাৰ গঠন হ’ব: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.