ETV Bharat / politics

চৰকাৰ গঠন কৰিবলৈ সাজু এন ডি এ : 7 জুনত অনুমতি বিচাৰিব ৰাষ্ট্ৰপতিৰ - NDA to Meet President on June 7

NDA to Meet President Droupadi Murmu: চৰকাৰ গঠনৰ বাবে একপ্ৰকাৰ সাজু হৈছে এন ডি এ মিত্ৰজোঁট ৷ এতিয়া মাথোঁ ৰাষ্ট্ৰপতিৰ অনুমতিহে বাকী ৷ নৰেন্দ্ৰ মোদীকেই নেতা হিচাপে লৈ এন ডি এ আগবঢ়িছে তৃতীয়বাৰলৈ দেশ শাসনৰ বাঘজৰী ল’বলৈ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:19 PM IST

NDA MEETING
NDA to Meet President Droupadi Murmu (IANS)

নিউজ ডেস্ক, 5 জুন: লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত এতিয়া চৰকাৰ গঠনৰ বাবে ব্যাপক জল্পনা-কল্পনা চলিছে এনডিএ আৰু ইণ্ডি দুয়োটা মিত্ৰজোঁটৰ ৷ এনডিএই 293 ৰো অধিক আসন লাভ কৰাৰ বিপৰীতে ইণ্ডি মিত্ৰজোঁটে লাভ কৰিছে 232 খন আসন ৷ অৱশ্যেই চৰকাৰ গঠনৰ পথত শক্তিশালী হৈ আছে এন ডি এ ৷ কিন্তু তথাপিও যেন আলোচনা তথা পৰিকল্পনাৰ শেষ নাই ৷

কোনো দলেই যাতে এই মুহূৰ্তত মিত্ৰতা ভংগ কৰিব নোৱাৰে বা ইণ্ডিৰ লগ ল’ব নোৱাৰে তাৰ চিন্তাৰ শেষ নোহোৱা হৈছে বিজেপিৰ ৷ যিমান পাৰি সোনকালে চৰকাৰ গঠন কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত বহুওৱাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে গেৰুৱা দলটো ৷

লগতে পঢ়ক: এন ডি এৰ জয়তো পৰাজয়ৰ অনুভৱ; '400 পাৰ'ৰ পৰা বিজেপিৰ কেনেদৰে 32 বিয়োগ হ'ল ? - lok sabha election results 2024

ইয়াৰ মাজতে লাভ কৰা খবৰ অনুসৰি এন ডি এই অহা ৭ জুনত বিয়লি ৫ বজাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ অনুমতি বিচাৰিব ৷ এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰকে ধৰি গুৰুত্বপূৰ্ণ নেতাসকলে মিত্ৰজোঁটক সমৰ্থন দি একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ইয়াৰ পূৰ্বে দিল্লীত গৃহীত এক প্ৰস্তাৱত এন ডি এৰ নেতাসকলে সৰ্বসন্মতিক্ৰমে মোদীক নেতা হিচাপে নিৰ্বাচিত কৰে ৷ মোদীৰ নেতৃত্বত তেওঁলোকৰ প্ৰস্তাৱ অনুসৰি, মুখ্য লক্ষ্য হৈছে দৰিদ্ৰ, মহিলা আৰু যুৱসকলক সেৱা আগবঢ়োৱা । ই দেশত গুৰুত্বপূৰ্ণ উন্নয়নমূলক পৰিৱৰ্তন অনাৰ কথাও কয় ।

লগতে পঢ়ক: তৃতীয়টো কাৰ্যকালৰ বাবে সাজু নৰেন্দ্ৰ মোদী, 7 জুনত দিল্লীত এন ডি এ ৰ বৈঠক - NDA meeting in New Delhi

ইফালে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাই নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ক সমৰ্থন পত্ৰ দিয়ে, মিত্ৰতা এৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সিন্দেই ৷ কাৰণ তেওঁলোকে একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ ওলাইছে ।

আনহাতে ইণ্ডি মিত্ৰজোঁটেও চৰকাৰ গঠনৰ বাবে প্ৰচেষ্টা চলোৱাৰ লগতে মিত্ৰতাত থকা দলৰ নেতাসকলৰ সৈতে আলোচনাত বহিছে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কেনেবাকৈ পুনৰ ইণ্ডি মিত্ৰজোঁটলৈ ঘূৰাই আনিব পাৰি নেকি তাৰো চেষ্টা চলাইছে তেওঁলোকে ৷ কিন্তু ইতিমধ্যে এন ডি এক সমৰ্থন জনাই নৰেন্দ্ৰ মোদীকেই পুনৰ প্ৰধানমন্ত্ৰী পাতিবলৈ সাজু হৈছে নীতিশ কুমাৰ ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীসহ মন্ত্ৰী পৰিষদৰ পদত্যাগ: পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ - Lok sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.