ETV Bharat / politics

লোকসভাৰ অধ্যক্ষ নিৰ্বাচন : আজি মনোনয়ন দাখিলৰ সম্ভাৱনা এন ডি এৰ প্ৰাৰ্থীৰ, ২৬ জুনত নিৰ্বাচন - Lok Sabha Speaker election

author img

By ANI

Published : Jun 25, 2024, 10:22 AM IST

18TH LOK SABHA OATH TAKING : লোকসভাৰ অধ্যক্ষ পদৰ বাবে 26 জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ তাৰ পূৰ্বে মঙলবাৰে দিনত দাখিল কৰা হ’ব মনোনয়ন ৷ কোন কোন প্ৰাৰ্থী আছে এই তালিকাত, চাওক সবিশেষ খবৰ ...

LOK SABHA SPEAKER ELECTION
লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন (ETV Bharat)

নিউজ ডেস্ক, 25 জুন: লোকসভাৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা ইতিমধ্যে কৰা হৈছে নিৰ্ধাৰণ ৷ সেই অনুসৰি, মঙলবাৰে দুপৰীয়া ১২ বজাৰ লগে লগে এন ডি এ আৰু বিৰোধী প্ৰাৰ্থীসকলে লোকসভাৰ অধ্যক্ষ পদৰ বাবে দাখিল কৰিব মনোনয়ন ৷ যদি ইণ্ডিয়া মিত্ৰজোঁটে এই পদৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে, তেন্তে নিম্ন সদনৰ অধ্যক্ষৰ বাবে প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

স্বাধীনতাৰ পিছৰে পৰা লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ শাসক দল আৰু বিৰোধীৰ মাজত সহমতৰ দ্বাৰা নিৰ্বাচিত হৈছে । বিজেপি নেতাসকলে এই পদৰ বাবে তেওঁলোকৰ মনোনীত ব্যক্তিক লৈ নিৰ্দিষ্ট স্থিতি গ্ৰহণ কৰিছিল যদিও তাৰমাজতে সপ্তদশ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নাম এই তালিকাত সন্নিৱিষ্ট থকাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন : মোদী-অমিত শ্বাহৰ পিচতে সংসদত অসমীয়াত শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ - Parliament Session 2024

অৱশ্যে, অষ্টাদশ লোকসভাৰ প্ৰটেম’ অধ্যক্ষ ভাৰ্তুহৰি মেহতাবকো এই পদৰ দাবীদাৰ হিচাপে দেখা গৈছে । মঙলবাৰে মনোনয়ন প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ বিপৰীতে 26 জুন অৰ্থাৎ বুধবাৰে এই নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

ভাৰ্তুহৰি মেহতাবক অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়াক লৈ সৃষ্টি হোৱা বিবাদৰ মাজতে সোমবাৰে ইণ্ডিয়া ব্লকৰ নেতাসকলে দেশৰ ৰাজধানীৰ সংসদ চৌহদৰ ভিতৰত সংবিধানৰ প্ৰতিলিপি প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ । বিৰোধী দল কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী, দলৰ নেতা ৰাহুল গান্ধী আৰু দলটোৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, বিগত কাৰ্যকালত খালী হৈ থকা উপাধ্যক্ষৰ পদটো পৰম্পৰাগতভাৱে বিৰোধী প্ৰাৰ্থীক দিয়া হয় । বিজেপিয়ে ২০১৪ চনত ইয়াৰ সহযোগী এ আই এ ডি এম কে-ৰ থাম্বি ধুৰাইক এই পদ আগবঢ়াইছিল । সম্প্ৰতি নিম্ন সদনত সংখ্যাৰ অভাৱ থকা ইণ্ডিয়া ব্লকে অষ্টাদশ লোকসভাত উপাধ্যক্ষ পদৰ বাবে নিজকে দাবী কৰিব নে নাই, সেয়া চাবলৈ আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত কাৰাবন্দী প্ৰাৰ্থীৰ জয় : শপত ল’ব পাৰিবনে ? চাওক এক বিশ্লেষণ - Lok Sabha Results 2024

সাংসদ এন কে প্ৰেমচন্দ্ৰনে এই সন্দৰ্ভত কয় যে, ইণ্ডিয়া ব্লকে লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিব । চৰকাৰে বিৰোধী দলবোৰৰ সৈতে আলোচনা কৰিব নে নাই, সেই সন্দৰ্ভতো মতামত প্ৰকাশ কৰিবলৈ দিয়াৰ আহ্বান জনাই সাংসদগৰাকীয়ে ৷

প্ৰেমচন্দ্ৰনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, সোমবাৰে আৰম্ভ হয় অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন ৷ যি কাৰ্যসূচী নতুন সাংসদসকলৰ শপত গ্ৰহণৰ দ্বাৰা আৰম্ভ কৰা হৈছিল । লোকসভাৰ অধ্যক্ষ ২৬ জুনত নিৰ্বাচিত হ'ব । ২৭ জুনত ৰাষ্ট্ৰপতি মুৰ্মুৱে সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়াৰ সম্ভাৱনা আছে । ৫৪৩ জনীয়া লোকসভাত ২৯৩ জন সাংসদ থকা এন ডি এয়ে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, বিৰোধী ইণ্ডিয়া ব্লকত ২৩৪ জন সাংসদ আছে ।

লগতে পঢ়ক: গামোচা-আৰনাই কান্ধত লৈ শপত ল’লে অসমৰ 14 গৰাকী সাংসদে - 18th Lok Sabha First Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.