নিউজ ডেস্ক, ৭ জুন : ইতিমধ্যে সকলোৰে জ্ঞাত যে, সদ্যসমাপ্ত লোকসভা নিৰ্বাচন 2024 ৰ ফলাফল অনুসৰি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও ইয়াৰ মিত্ৰদলৰ সহায়ত এন ডি এ মিত্ৰজোঁটে পুনৰবাৰ দেশত শাসন চলাব ৷ যাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় শেষৰ ফালে গতি কৰিছে ৷ শেহতীয়া খবৰ অনুসৰি,
- ৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে
- জৱাহৰলাল নেহৰুৰ পিচত তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা দ্বিতীয়গৰাকী ব্যক্তি হ’ব নৰেন্দ্ৰ মোদী
- দেওবাৰে সন্ধিয়া 6 বজাত নৰেন্দ্ৰ মোদীৰ ৰাজ অভিষেক
- সংবিধান সদনৰ কেন্দ্ৰীয় হলত আয়োজিত এন ডি এ সংসদীয় দলৰ বৈঠকত এই সিদ্ধান্ত
- বিজেপি, এন ডি এ সংসদীয় দল তথা লোকসভাৰ নেতা হিচাপে মোদীৰ নামৰ প্ৰস্তাৱ ৰাজনাথ সিঙৰ
- নৰেন্দ্ৰ মোদীৰ নামক প্ৰধানমন্ত্ৰী হিচাপে প্ৰস্তাৱ টিডিপি প্ৰধান চন্দ্ৰবাবু নাইডুৰ
- বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰো মোদীক লোকসভাৰ নেতা, বিজেপি আৰু এন ডি এ সংসদীয় দলৰ নেতা হিচাপে নামাকৰণৰ প্ৰস্তাৱক সমৰ্থন
- টিডিপি ৰ মুৰব্বী চন্দ্ৰবাবু নাইডু আৰু জেডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এৰ মিত্ৰশক্তিয়ে সৰ্বসন্মতিক্ৰমে কেন্দ্ৰীয় হলৰ সভাত নৰেন্দ্ৰ মোদীক তেওঁলোকৰ নেতা হিচাপে বাছনি কৰে।
- ইয়াৰ পূৰ্বে, তেওঁলোকে মোদীৰ প্ৰতি সমৰ্থন জনায় আৰু পূৰ্বৰ দুটা কাৰ্যকালত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ সামৰ্থ্যৰ কথা উল্লেখ কৰে
- এন ডি এ ধৰ্মীয় সমতাৰ নীতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ- এন ডি এৰ বৈঠকত মোদীৰ বক্তব্য
- মই দেশৰ জনসাধাৰণক আশ্বাস দিওঁ যে তেওঁলোকে আমাক চৰকাৰ চলাবলৈ দিয়া সংখ্যাগৰিষ্ঠতাৰ কাৰণে আমাৰ প্ৰচেষ্টা হ'ব যে সকলো সহযোগীৰ সৈতে সহমতত উপনীত হৈ দেশক আগুৱাই নিয়াৰ দিশত সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা ।