ETV Bharat / politics

দেশৰ সংবিধান আৰু অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে - Narendra Modi Sworn ceremony

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 8:12 PM IST

Updated : Jun 9, 2024, 8:42 PM IST

PM Modi's Third Consecutive Term: নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰীক শপতবাক্য় পাঠ কৰোৱায় ।

PM Modi's Third Consecutive Term
NARENDRA MODI SWORN CEREMONY (IANS)

নিউজ ডেস্ক, ৯ জুন: দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং, নীতিন গাডকাৰী আৰু অমিত শ্বাহে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ ইয়াৰ বিপৰীতে দলৰ সভাপতি জে পি নাড্ডাই পাঁচ বছৰৰ মূৰত মন্ত্ৰীসভালৈ উভতি আহি শপত গ্ৰহণ কৰিছে ৷ ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে তৃতীয়টো কাৰ্যকালত ধাৰাবাহিকতা আৰু অভিজ্ঞতাৰ ওপৰত গুৰুত্ব প্ৰদানৰ ইংগিত দিয়ে ।

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ (ETV BHARAT ASSAM)

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদৰ শপতবাক্য পাঠ কৰায় । ৭৩ বছৰীয়া মোদীয়ে প্ৰথমে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিচত ২০১৯ চনত পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰে । জৱাহৰলাল নেহৰুৰ পিচত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা দ্বিতীয়জন প্ৰধানমন্ত্ৰী হৈছে মোদী । বাৰাণসীৰ পৰা পুনৰ লোকসভালৈ নিৰ্বাচিত হয় নৰেন্দ্ৰ মোদী ।

লগতে পঢ়ক: জোতিষ শাস্ত্ৰৰ মতে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ দিনটোৰ বিশেষত্ব - Narendra Modis Oath taking Ceremony

ভাৰতৰ চুবুৰীয়া আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ শীৰ্ষ নেতা- মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল 'প্ৰচণ্ড', শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জাগনাউথ, ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টবগায় আৰু ছিচেলছৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ এই অনুষ্ঠানত বিশেষ অতিথি আছিল ।

ৰাজনৈতিক নেতা আৰু বিভিন্ন শ্ৰেণীৰ বিশিষ্ট ব্যক্তিৰ উপৰিও কিন্নৰ সম্প্ৰদায়ৰ সদস্যৰ লগতে নতুন সংসদ ভৱন নিৰ্মাণৰ কামত জড়িত অনাময় কৰ্মী আৰু শ্ৰমিকসকলেও মোদী আৰু নতুন মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ শপতগ্ৰহণৰ সাক্ষী হ’বলৈ ৰাষ্ট্ৰপতি ভৱনৰ আগফালৰ চোতালত প্ৰায় ৯ হাজাৰ লোক উপস্থিত থকাৰ অনুমান কৰা হৈছে ।

লগতে পঢ়ক: পুৰণি মন্ত্ৰীসভাৰ কেবাজনো সতীৰ্থৰ উপৰিও বহুকেইখন নতুন মুখ লগত লৈ শপত গ্ৰহণৰ বাবে সাজু মোদী - Narendra Modi new cabinet

Last Updated : Jun 9, 2024, 8:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.