ETV Bharat / politics

জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ : বিজেপিৰ ক’লা দিৱস পালন - Black day observe by BJP

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:58 PM IST

Nalbari BJP observes Black Day : 49 বছৰৰ পূৰ্বে দেশত বলৱৎ কৰা হৈছিল জৰুৰীকালীন অৱস্থাৰ ৷ ইয়াৰ বিৰুদ্ধে বিজেপিয়ে পালন কৰি আহিছে ক’লা দিৱস ৷ মঙলবাৰে নলবাৰীতো ক’লা দিৱস পালন কৰে বিজেপিয়ে ৷

Nalbari BJP observes Black Day
জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ : বিজেপিৰ ক’লা দিৱস পালন (ETV Bharat Assam)

নলবাৰী, ২৫ জুন : মঙলবাৰে দেশজুৰি বিজেপিয়ে পালন কৰিলে ক’লা দিৱস ৷ কংগ্ৰেছৰ অপশাসনৰ অভিযোগেৰে পালন কৰা হ’ল এই ক’লা দিৱস ৷ ১৯৭৫ চনৰ পৰাই বিজেপিয়ে কংগ্ৰেছৰ শাসনৰ বিৰুদ্ধে এই দিৱস পালন কৰি আহিছে ৷

সম্প্ৰতি কংগ্ৰেছে সংবিধান ৰক্ষাৰ শ্ল’গান আওৰোৱাত সৰৱ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি ৷ উল্লেখ্য যে ১৯৭৫ চনৰ ২৫ জুনত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ঘোষণা হৈছিল জৰুৰীকালীন অৱস্থাৰ । বিজেপিৰ অভিযোগ মতে ১৯৭১ চনত এলাহাবাদ লোকসভা সমষ্টিত ভোট গণনাত পৰাস্ত হৈছিল ইন্দিৰা গান্ধী । পিচত নিৰ্বাচন আয়োগৰ লগতে বুজাবুজি কৰি জোৰকৈ জয়ী হৈ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল ইন্দিৰা গান্ধী । কিন্তু পিচত এই সম্পৰ্কত গোচৰ তৰা হয় আৰু গোচৰত এলাহাবাদ হাইকোৰ্টত ইন্দিৰা গান্ধী হাৰিবলগীয়া হৈছিল ।

ইয়াৰ পিচতেই ১৯৭৫ চনত নিৰ্বাচন বাতিল কৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল । সেই সময়ত ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ আৰু জাতীয় কংগ্ৰেছৰ সভাপতি আছিল দেৱকান্ত বৰুৱা ।

মঙলবাৰে নলবাৰীত এক সংবাদমেলত সম্বোধন কৰি সেই সময়ত ইন্দিৰা গান্ধীয়ে জধেমধে বহুতক জে’লত ভৰাইছিল বুলি অভিযোগ উত্থাপন কৰে বিজেপি নেতা ড৹ প্ৰদীপ ঠাকুৰীয়াই ৷ তেওঁ কয় সেই দিন যাতে ভাৰতলৈ পুনৰ ঘুৰি নাহক । ড৹ প্ৰদীপ ঠাকুৰীয়াই কয় যে গণতন্ত্ৰৰ হত্যা কৰা কংগ্ৰেছ চৰকাৰৰ দিনতেই ৭৫ বাৰ সংবিধান সংশোধন কৰাৰ লগতে ৯০ বাৰ সংবিধানৰ ৩৫৬ নং ধাৰাৰ অপপ্ৰয়োগ কৰা হৈছিল ৷

কংগ্ৰেছে মনমাফিকভাৱে সংবিধান সংশোধন আৰু সংবিধানৰ ধাৰাৰ অপপ্ৰয়োগ কৰিছিল বুলি অভিযোগ উত্থাপন কৰে বিজেপি নেতাগৰাকীয়ে ৷ তেওঁ কয় যে ইয়াৰ পিচত আজি সংবিধান ৰক্ষাৰ শ্ল’গান আওৰাই আচলতে মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে কংগ্ৰেছ দলে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ ক'লে মন্ত্রী পীযুষ হাজৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.