ETV Bharat / politics

ৰহস্যৰ আৱৰ্তত ভোটৰ সময়ত আৱিৰ্ভাৱ হোৱা অস্তিত্বহীন ৰাজনৈতিক দল ! - Lok Sabha elections 2024

Lok Sabha Polls 2024: নিৰ্বাচনৰ সময়ত আৱিৰ্ভাৱ হয় ভোটাৰৰ বাবে অজ্ঞাত কিছুমান ৰাজনৈতিক দলৰ । নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও নাথাকে প্ৰচাৰত । ভোটো লাভ কৰে তেনেই তাকৰ । ভোটাৰৰ বাবে সদায়ে ৰহস্যৰ আৱৰ্তত কেতবোৰ অস্তিত্বহীন ৰাজনৈতিক দল । কেৱল ই ভি এমত দেখা পাই ভোটাৰে । ভোটযুদ্ধত এইবাৰো অৱতীৰ্ণ হৈছে বহুকেইটা অস্তিত্বহীন দল ।

Lok Sabha Polls 2024
অজ্ঞাত ৰাজনৈতিক দল
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 7:58 AM IST

গুৱাহাটী, ২৪ এপ্রিল: নিৰ্বাচনৰ সময়ত কিছুমান ৰাজনৈতিক দলৰ আৱিৰ্ভাব হোৱাটো নতুন কথা নহয় যদিও এনে দলবোৰৰ ভূমিকাক লৈ ভোটাৰৰ মাজত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হয় । কিয়নো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাহিৰে এই দলবোৰৰ আন কোনো ধৰণৰ ভূমিকা দেখিবলৈ পোৱা নাযায়। ৰাজনৈতিক প্ৰেক্ষাপটত কেতিয়াও নাম শুনিবলৈ নোপোৱা এই দলবোৰৰ নিৰ্বাচনৰ সময়তহে দেখিবলৈ পোৱা যায় । দেখিবলৈ পোৱা যায় বুলি ক'লে ভুল হ'ব, কাৰণ সেই দলবোৰক প্ৰতিদ্বন্দ্বিতাৰ তালিকাতহে দেখা যায় । ৰ‍াজনীতিৰ ক্ষেত্রখনত দেখিবলৈ পোৱা নাযায় । ব্যতিক্ৰম নহয় এইবাৰৰ লোকসভা নিৰ্বাচন ।

এইবাৰৰ লোকসভা নিৰ্বাচনতো আৱিৰ্ভাৱ ঘটিছে তেনে কিছুমান অস্তিত্বহীন দলৰ যিয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা । ইতিমধ্যে উজনিৰ পাঁচটা সমষ্টি লখিমপুৰ, যোৰহ‍াট, ডিব্ৰুগড়, কাজিৰঙা আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈছে । ২৬ এপ্ৰিলত পাঁচটা সমষ্টি ক্ৰমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, ৭ মে'ত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৩৫ গৰাকী । সেইদৰে দ্বিতীয় পৰ্যায়ত ৬১ গৰাকী আৰু তৃতীয় পৰ্যায়ত ৪৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । অৰ্থাৎ অসমৰ ১৪টা লোকসভা সমষ্টিত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৪৩ গৰাকী । এই ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত প্ৰধান ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ উপৰি বহু সংখ্যক প্ৰাৰ্থী নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছে ।

আনহাতে, আন একাংশ অৱতীৰ্ণ হৈছে অপৰিচিত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে । এইখিনিতে প্ৰশ্ন হয় যে নিৰ্বাচনৰ সময়ত এই দলবোৰৰ কিহৰ বাবে আৱিৰ্ভাৱ ঘটে ? আগৰ নিৰ্বাচনতো এনেবোৰ দলে প্রতিদ্বন্দ্বিতাত নামি ই ভি এমত প্ৰাৰ্থীৰ তালিকা বৃদ্ধি কৰিছিল । এইবাৰো এনে দল আৰু প্ৰাৰ্থীৰ বাবে প্ৰাৰ্থীৰ তালিকাখন দীঘলীয়া হৈছে । লক্ষণীয় বিষয় যে কোনো ধৰণৰ ভেটি নথকা তথা ভোটাৰ ৰাইজৰ বাবে সম্পূৰ্ণ অপৰিচিত দলৰ পৰা যিসকল প্রার্থীয়ে প্রদ্বিন্দ্বিতাত অৱতীৰ্ণ হয় তেওঁলোকে অতি নগণ্যসংখ্যক ভোটহে লাভ কৰে । আনহাতে, সেই দলসমূহে নিৰ্বাচনৰ বাবে বিশেষ কোনো প্ৰচাৰো নচলায় । এনে দল আৰু প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাৰ আঁৰত থকা ৰহস্য ভোটাৰ ৰাইজৰ মাজত এক প্ৰকাৰ সাঁথৰ হৈ থাকে ।

উল্লেখ্য যে অসমত সততে পৰিচিত ৰাজনৈতিক দলসমূহ হৈছে বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ, অগপ, বি পি এফ, ইউ পি পি এল, তৃণমূল কংগ্ৰেছ, চি পি আই (এম), চি পি আই, চি পি আই এম এল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি । এই দলসমূহে নিজৰ প্ৰাৰ্থী দিয়াৰ লগতে ব্যাপক প্ৰচাৰ অভিযানো চলাই আহিছে । আনহাতে, বিধানসভা নাইবা লোকসভাৰ নিৰ্বাচনত জয়লাভ নকৰিলেও অসমৰ নিৰ্বাচনত সমাজবাদী পার্টি, চি পি আই, চি পি আই (এম এল) আদি দলে বহু আগৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামি আহিছে । কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ ৰাজনীতিত নিৰ্বাচনৰ সময়ত ভোটাৰে হঠাৎ ই ভি এমত দেখে কেতবোৰ দলৰ নাম । আনকি নিৰ্বাচনী প্ৰচাৰৰো সময়তো এই দলসমূহৰ নাম শুনিবলৈ নাপাই ভোটাৰ ৰ‍াইজে ।

ইফালে, পূৰ্বৰ নিৰ্বাচন সমূহৰ ফলাফল চালে দেখা যায় যে এনে দলসমূহে প্রার্থী থিয় কৰাই যদিও তেওঁলোকে লাভ কৰে অতি সামান্য পৰিমাণৰ ভোট । লোকসভাৰ এটা সমষ্টিত ২০ লাখৰো অধিক ভোটাৰ থাকে । উদাহৰণস্বৰূপে গুৱাহাটী লোকসভা সমষ্টিত ২০১৯ ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল প্ৰায় ১৭.৬৩ লাখ। সমষ্টিটোত মূল প্রতিদ্বন্দ্বিতা হৈছিল বিজেপি আৰু কংগ্ৰেছৰ মাজত । বিজেপিৰ প্ৰাৰ্থীয়ে ১০.০৮ লাখ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৬.৬৩ লাখ ভোট । ১৭.৬৩ লাখ ভোটাৰ থকা গুৱাহাটী সমষ্টিত বিগত লোকসভাৰ নিৰ্বাচনত ভোটাৰৰ বাবে অপৰিচিত দল স্বৰ্ণ ভাৰত পাৰ্টিৰ প্ৰাৰ্থীয়ে লাভ কৰিছিল মাত্র ৪,১১০টা ভোট । তেনেদৰে ভোটাৰ তথা ৰাইজৰ অজ্ঞাত দল ৰিপাব্লিকান পাৰ্টি ইণ্ডিয়াৰ প্ৰাৰ্থীগৰাকীয়ে মাত্র ৩,৬৫০টা, ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থীয়ে ২,৫৯০টা, পূর্বাঞ্চল জনতা পার্টি চেকুলাৰৰ প্ৰাৰ্থীয়ে ২,৪৫৬টা, ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থীয়ে ২,৩৫১টা, হিন্দুস্তান নির্মাণ দলৰ প্ৰাৰ্থীয়ে ২,১২২টা, নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ২,০৬৪টা ভোট লাভ কৰিছিল ।

লোকসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা সাধাৰণতে দুটা নাইবা তিনিটা দলৰ প্ৰাৰ্থীৰ মাজতে আবদ্ধ থাকে যদিও প্ৰতিদ্বন্দ্বিতাত নামে বহু কেইটা দল । এইবাৰো গুৱাহাটী লোকসভা সমষ্টিত ভোটাৰ ৰাইজে নাম নুশুনা তথা নজনা বহু কেইটা দলে নিজৰ প্ৰাৰ্থী দিছে । এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত মুঠ আঠগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও দুইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হয় । প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা আঠগৰাকী প্ৰাৰ্থী হৈছে বিজেপিৰ বিজুলী কলিতা মেধি, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়ো , নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ । ইয়াৰে ভাৰতীয় গণ পৰিষদ, বহুজন মহাপাটি, একম সনাতন ভাৰত দল, ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনল আদি দলৰ নাম ভোটাৰৰ বাবে অপৰিচিত । আনহাতে, এই দলসমূহ প্ৰচ‍াৰ কাৰ্যৰ পৰাও বহু নিলগত আছে । কেৱল ই ভি এম মেচিনতহে এই দলসমূহ আছে । কেৱল যে গুৱাহাটী সমষ্টিতে এই দলসমূহে প্ৰাৰ্থী দিছে তেনে নহয়, প্ৰায় কেইটা সমষ্টিতে ভোটাৰৰ বাবে অজ্ঞাত এই দলসমূহে প্ৰাৰ্থী দিছে ।

লগতে পঢ়ক:তৃতীয় পৰ্যায়ত 4 টা সমষ্টিত 47 জন প্ৰাৰ্থীৰ মাজত হ’ব নিৰ্বাচনী যুঁজ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.