গুৱাহাটী, ২০ জুলাই : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসগৃহত আজি হঠাতে উপস্থিত হয় ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন । পত্নী আৰু পুত্ৰক লগত লৈ সাংসদগৰাকীয়ে প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱাৰ লগতে পৰিয়ালৰ সকলোৰে খবৰ লয় ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গামোচা পিন্ধায় সাংসদ ৰকিবুল হুছেইনে ৷ আনহাতে মহন্তৰ পৰিয়ালেও তেওঁলোকক গামোচাৰে আদৰণি জনায় । সাংসদ ৰকিবুল হুছেইনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পিচতে চৰ্চালৈ আহিছে আন এক প্ৰসংগ । দীৰ্ঘসময় চৰ্চাত নথকা এজন যুৱনেতা পুনৰ চৰ্চালৈ আহিছে । তেওঁ হৈছে প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ ।
অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপে যোগদান কৰিব নেকি কংগ্ৰেছত ? ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে শ্যামন্ত কাশ্যপক কংগ্ৰেছ দলে সাজু কৰিব বিচাৰিছে নেকি? ৰকিবুল হুছেইনৰ সাক্ষাতৰ পিচতে ৰাজনৈতিক মহলত এই প্ৰশ্নৰ অৱতাৰণা হৈছে ।
অৱশ্যে এনে প্ৰশ্ন তথা চৰ্চা অবাস্তৱো নহয় । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ বৰ্তমান সক্ৰিয় ৰাজনীতিত নাই যদিও কংগ্ৰেছ দলত যোগদান কৰাৰ প্ৰসংগটো ৰকিবুল হুছেইনৰ সাক্ষাতৰ পিচতে চৰ্চিত হৈছে । ইফালে প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰাৰ বিষয়টো অৰাজনৈতিক বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে ৷
প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে অহা বুলি ৰকিবুল হুছেইনে জানিবলৈ দিয়ে । এই সাক্ষাতক সৌজন্যমূলক সাক্ষাৎ বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে বহুদিন সাক্ষাৎ কৰিব পৰা নাছিল তেওঁ ৷ আজি সময় উলিয়াই পৰিয়ালৰ সৈতে মহন্তৰ পৰিয়াৰক সাক্ষাৎ কৰা বুলি সাংসদগৰাকীয়ে কয় ।
সাংসদ হুছেইনে কয় যে তেওঁৰ পিতৃৰ অসুস্থতাৰ খবৰ লোৱাৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়াল তেওঁৰ ঘৰলৈ গৈছিল । সেই কথাবোৰ আজিৰ সাক্ষাতৰ সময়ত স্মৰণ কৰা হয় বুলি উল্লেখ কৰি সাংসদ হুছেইনে কয় যে এই সাক্ষাৎ সম্পূৰ্ণ ঘৰুৱা । ইয়াত আন কোনো কথা নাই ।
লগতে পঢ়ক : বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ...
লগতে পঢ়ক : বিজেপিত এতিয়া তোষামোদকাৰীৰ ৰাজত্ব : দলত্যাগৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰি ক’লে অশোক শৰ্মাই
লগতে পঢ়ক : জনজাতীয় লোকৰ বাবে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই : ৰকিবুল হুছেইন