ETV Bharat / politics

জয়ন্ত মল্লবৰুৱাই ললিপপ খুৱালে নেকি অমিয় কান্তি দাসক ? - DHOLAI BYE ELECTION 2024

ঘৰৰ ল'ৰা-ছোৱালী কিবা কাৰণত অসন্তুষ্ট হ'লে অভিভাৱকে ললিপপ দি হ'লেও শান্ত কৰে । অমিয় কান্তিৰ ক্ষেত্ৰত জয়ন্ত মল্লবৰুৱাই এই কামটো কৰিছে ৷

Dholai Bye Election 2024
অমিয় কান্তি দাসৰ মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত সাংসদ পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 3:23 PM IST

শিলচৰ : "ঘৰৰ কোনোবা ল'ৰা-ছোৱালী যদি কিবা কাৰণত অসন্তুষ্ট হয়, তেনেহ'লে অভিভাৱকে ললিপপ দি হ'লেও শান্ত কৰে । অমিয় কান্তিৰ ক্ষেত্ৰত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কামটো কৰিছে ৷" অমিয় কান্তিৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ সন্দৰ্ভত এই মন্তব্য সাংসদ পৰিমল শুক্লবৈদ্যৰ ।

ধলাই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কাছাৰ বিজেপিৰ দুই জ্যেষ্ঠ নেতাৰ মাজত চলা শীতল যুঁজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । সাংসদ পৰিমল শুক্লবৈদ্য আৰু কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি অমিয় কান্তি দাসৰ শীতল যুদ্ধৰ ফলত আকৰ্ষণীয় হৈ পৰিছে ধলাইৰ উপ-নিৰ্বাচন ।

অমিয় কান্তি দাসৰ মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত সাংসদ পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

দলীয় টিকট লাভ নকৰাত সাংসদ পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি দলত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ধলাই উপ-নিৰ্বাচনত মনোনয়ন দাখিল কৰিছিল অমিয় কান্তি দাসে । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বুজনিত মনোনয়ন প্ৰত্যাহাৰ কৰি পুনৰ দললৈ উভতি আহে অমিয় কান্তি দাস ।

আনহাতে, মুখ্যমন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰীৰ আবেদনত দললৈ উভতি অহা অমিয় কান্তিৰ মনোনয়ন প্ৰত্যাহাৰক লৈ সাংসদ পৰিমল শুক্লবৈদ্যই পুনৰ কটাক্ষ কৰিছে । এই কথাই ইংগিত দিয়ে যে অমিয়কান্তিৰ লগত চলা তেওঁৰ শীতল যুঁজ এতিয়াও অব্যাহত আছে ।

অমিয় কান্তিৰ মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই কয়, "ঘৰৰ কোনো ল'ৰা-ছোৱালী কিবা কাৰণত অসন্তুষ্ট হ'লে, অভিভাৱকৰ দায়িত্ব থাকে তেওঁক বুজনি দিয়া । লাগিলে ললিপপ দি হ'লেও তেওঁক শান্ত কৰাটো অভিভাৱকৰ দায়িত্ব । আৰু অমিয় কান্তিৰ ক্ষেত্ৰত ঠিক একেই কাম কৰিছে অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । যাৰ বাবে জয়ন্ত মল্লবৰুৱাক মই ধন্যবাদ জনাইছো ।"

ইফালে পৰিমল শুক্লবৈদ্যৰ কাৰণেই টিকট লাভ নকৰিলে বুলি অমিয় কান্তিৰ অভিযোগ সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, "বিজেপি নেতৃত্বতক মই তেওঁৰ নাম চুপাৰিশ কৰা নাই । ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হিচাপে তেওঁৰ নাম চুপাৰিশ কৰাটো কি বাধ্যতামূলক নেকি ? ধলাইত তেওঁৰ বাহিৰে বিজেপিৰ আন কাৰোবাৰ নাম চুপাৰিশ কৰিব নালাগে বুলি বিজেপিৰ সংবিধানত লিখা আছে নেকি ।"

তেওঁ লগতে কয়, "মোক কোনোৱে তেওঁৰ নাম চুপাৰিশ কৰিবলৈ কোৱা নাই । প্ৰাৰ্থিত্বৰ বাবে ধলাইৰ বিজেপি কৰ্মীসহ ভোটাৰে যিসকলৰ নাম কৈছে মই সেইসকলৰ নাম পাৰ্টীক দিছো । কোনেও মোক অমিয়কান্তি দাসৰ নাম দিব লাগে বুলি কোৱা নাই । যদি ক'লেহেঁতেন তেনেহ'লে মই পাৰ্টীক চুপাৰিশ কৰিলোঁহেঁতেন ।"

লগতে পঢ়ক :মনোনয়ন প্ৰত্যাহাৰৰ বাবে অমিয় কান্তি দাসক বিজেপিয়ে দিলে নেকি ডাঙৰ টোপ !
লগতে পঢ়ক :মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ; শাম কাটিলে নেকি টিকট নোপোৱাৰ ক্ষোভ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.