ETV Bharat / politics

মই সম্পত্তি কৰিবলৈ ৰাজনীতিলৈ অহা নাই: গৌৰৱ গগৈ - MP Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:25 PM IST

MP Gaurav Gogoi in Amguri : নীতিন গাডকাৰীক গৌৰৱ গগৈয়ে কিয় গামোচা পিন্ধাব ? গৌৰৱ গগৈয়ে সাংসদ উন্নয়ন পুঁজিৰে আমগুৰি সামূহিক চিকিৎসালয়লৈ প্ৰদান কৰিব জেনেৰেটৰ ।

MP Gaurav Gogoi in Amguri
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

আমগুৰি, ১৯ আগষ্ট: সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সোমবাৰে প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ আমগুৰিত উপস্থিত হৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সাংসদগৰাকীয়ে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে আমগুৰি পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰী পত্নীৰ সম্পত্তিৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বানপানী নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণ ৰূপে ব্য়ৰ্থ হোৱা বুলি মন্তব্য় কৰে গৌৰৱ গগৈয়ে ।

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

মই সম্পত্তি কৰিবলৈ ৰাজনীতিলৈ অহা নাই:

শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ নামত থকা সকলো সম্পত্তি ৰাইজৰেই সম্পত্তি বুলি মন্তব্য় কৰাৰ পিছত গৌৰৱ গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সাংসদগৰাকীক কটাক্ষ কৰিছিল । আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়," মই সম্পত্তি কৰিবলৈ ৰাজনীতিলৈ অহা নাই । ৰাজনীতিত টকা-পইচা,সম্পত্তি কৰিবলৈ অহা নাই। মই অসমখনক আগুৱাই নিবলৈ ৰাজনীতিলৈ আহিছো । "

সাংসদগৰাকীয়ে পুনৰ কয়," যি সময়ত একাংশ সংবাদ প্ৰতিষ্ঠান আৰ্থিক অনাটনৰ বাবে বন্ধ হৈছে, তেনে সময়ত অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ কেনেকৈ ইমান উন্নতি হৈছে ? মোক ইমান সম্পত্তিৰ প্ৰয়োজন নাই, কিন্তু মই জানিব বিচাৰো মুখ্যমন্ত্ৰীৰ ইমান সম্পত্তি হ'ল কেনেকৈ ? মুখ্যমন্ত্ৰীয়ে বোলে মোৰ নামত ৯৯% সম্পত্তি দিব । মোক সম্পত্তি নালাগে,কিন্তু আমাৰ জনাৰ অধিকাৰ আছে এজন মানুহৰ ইমান সম্পত্তি কেনেকৈ হ'ল ?"

তেওঁ পুনৰ কয়," মুখ্যমন্ত্ৰীয়ে সম্পত্তি গোটাইছে তাত আমাৰ ক'বলগীয়া নাই । কিন্তু সকলোৰে সমানে সম্পত্তি হওক । চিকিৎসক, শিক্ষক, সাংবাদিক আনকি বাগিচাৰ শ্ৰমিকৰ পৰা সাধাৰণ লোকজনলৈকে সকলোৰে সম্পত্তি হওক । কিন্তু এজন মানুহৰহে ইমান সম্পত্তি কেনেকৈ হ'ল ? যি সময়ত সমগ্ৰ সংবাদ উদ্য়োগ লোকচানৰ সন্মুখীন হৈছে,বহু মিডিয়া হাউছ ধনৰ অভাৱত বন্ধ হৈছে,কৰ্মচাৰীক দৰমহা দিব পৰা নাই,অৰ্ণৱ গোস্বামীৰ দৰে ব্যক্তিয়ে চেনেল চলাব নোৱাৰি ধাৰ ল'ব লগা হৈছে,সেই সময়ত অসমৰ এটা চেনেলে কেনেকৈ ইমান লাভ কৰিছে ? লাভৰ টকাৰে চাহ বাগিচা ক্ৰয় কৰিছে,ৰিজ'ৰ্ট, দামী ব্যক্তিগত বিদ্যালয় খুলিছে । এইটো কেনেকৈ সম্ভৱ কৰিছে তাকেহে ৰাইজে জানিবলৈ বিচাৰে । "

আমগুৰি অঞ্চলৰ কংগ্ৰেছ কৰ্মী,ৰাইজ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আদৰণি জনোৱা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানতে সাংসদগৰাকীয়ে যোৰহাট সংসদীয় সমষ্টিত বহু সমস্যা আছে বুলি মন্তব্য কৰি বিশেষকৈ কৃত্ৰিম বানৰ সমস্যাৰ কথা উল্লেখ কৰি কয়," কৃত্ৰিম বানৰ বাবে সমষ্টিটোৰ বিভিন্ন ঠাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ডুব যোৱা বাবে ৰাইজ গুৰুতৰ সমস্যাৰ সন্মুখীন হয় । সেয়েহ এই সমস্যাবোৰ সমাধান কৰিব লাগিব । সমষ্টিটোৰ নগৰ বিলাকৰ যি ধৰণে উন্নয়ন হ'ব লাগিছিল তেনেধৰণে উন্নতি হোৱা নাই । নগৰ উন্নয়নৰ বাবে পৰ্যাপ্ত ধন আহে যদিও একাংশ ঠিকাদাৰে মুনাফা লাভৰ ওপৰত অধিক গুৰুত্ব দিয়াত আৱণ্টিত অধিকাংশ ধনৰ উপযুক্ত ব্যয় নহয় । "

স্মাৰ্ট নগৰেই দেখিবলৈ পোৱা নাযায় :

শেহতীয়াকৈ গুৱাহাটীত হোৱা বানপানীৰ সমস্যাৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয়," বৰ্তমান স্মাৰ্ট চিটি বাদেই, স্মাৰ্ট নগৰো দেখিবলৈ পোৱা নাযায় । গুৱাহাটীত মানুহে বাৰিষাৰ দিনত ঘৰৰ পৰা ওলাবলৈ মন নকৰে,কাৰণ ক'ত কৃত্ৰিম বানৰ বাবে ঘৰলৈ কেতিয়া উভতি আহিব পৰা যায় তাৰ কোনো নিশ্চয়তা নাথাকে ।"

২০২৬ৰ বিধানসভা নিৰ্বাচনত ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে ?

আগন্তুক বিধানসভা নিৰ্বাচনত ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই লৈ চৰ্চা হৈ থকা সন্দৰ্ভত কয়," ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দলে যি দায়িত্বই দিয়ে বা যি সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিয়ে সেই সমষ্টিৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হম ।"

নীতিন গাডকাৰীক গামোচা পিন্ধাব গৌৰৱ গগৈয়ে :

চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সন্দৰ্ভত মন্তব্য় কৰি তেওঁ কয়," অহা ফেব্ৰুৱাৰীৰ ভিতৰত নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈকে চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব । এই বিষয়ত মই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে কথা পতিছো । তেওঁ আশ্বাস দিছে । কাম সম্পূৰ্ণ কৰিব পাৰিলে মই নিজে গৈ নীতিন গাডকাৰীক গামোচা পিন্ধাম। "

আমাৰ খবৰ ৰাখিব নালাগে মুখ্য়মন্ত্ৰীয়ে :

আলফা স্বাধীনে বোমা সংস্থাপন কৰা প্ৰসংগত সাংসদ গৌৰৱ গগৈয়ে কয়, "স্বাধীনতা দিৱসৰ দিনটোত অসমৰ বিভিন্ন স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰাটো অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ এক বৃহৎ বিফলতা । মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদায়েই কয় যে তেওঁ কংগ্ৰেছৰ ভিতৰ চ'ৰাৰ সকলো খবৰ পাই থাকে । আমাৰ খবৰ ৰখাতকৈ তেওঁ আলফা স্বাধীনে কি কৰিছে তাৰ খবৰ ৰাখক ।"

আনহাতে, আমগুৰি সামূহিক চিকিৎসালয়ত জেনেৰেটৰ অভাৱৰ কাৰণে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গৌৰৱ গগৈয়ে সাংসদ উন্নয়ন পুঁজিৰ পৰা আমগুৰিলৈ প্ৰথমটো উন্নয়নৰ কাৰণে জেনেৰেটৰ প্ৰদান কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে । উল্লেখ্য যে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে সাংসদগৰাকীয়ে আমগুৰি পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে । নাজিৰাৰ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানটোত আমগুৰি ৰাজহ চক্ৰ বিষয়া জয়ন্ত চক্ৰৱৰ্তী, বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া,বিধায়ক ভাস্কৰ বৰুৱা আদি উপস্থিত থাকে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাই যি বিভাগৰেই দায়িত্ব লৈছে সেই বিভাগেই হৈছে ব্যৰ্থ: গৌৰৱ গগৈ - MP Gaurav Gogoi

সম্পত্তিৰ উইল জনোৱাৰ পৰিৱৰ্তে বিৰোধীৰ সম্পত্তিৰ হিচাপ বিচাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই - Property Controversy of CM Wife

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.