ETV Bharat / politics

কৰিমগঞ্জত 14 লক্ষাধিক ভোটাৰৰ হাতত 24 গৰাকী প্ৰাৰ্থীৰ ভাগ্য - LOK SABHA ELECTION 2024

LOK SABHA ELECTION 2024 : আজি ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ইভিএমত বন্দী হ’ব 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ তাৰ ভিতৰত কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 24 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 14 লক্ষাধিক ভোটাৰে ৷

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 7:09 AM IST

Etv Bharat
কৰিমগঞ্জত 14 লক্ষাধিক ভোটাৰ

গুৱাহাটী, 26 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ অসমৰ 5 টা সমষ্টিত আজি অনুষ্ঠিত হ’ব ভোটযুদ্ধ ৷

এই সমষ্টিসমূহৰ ভিতৰত আছে অন্যতম কৰিমগঞ্জ লোকসভা সমষ্টি ৷ সমষ্টিটোত স্বচ্ছ-নিকা আৰু শান্তিপূর্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

লক্ষণীয় বিষয় যে, সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত অনুষ্ঠিত এই নিৰ্বাচনে বহন কৰিছে বিশেষ তাৎপৰ্য ৷ প্ৰায় প্ৰতিটো সমষ্টিৰে সীমা আৰু জনগাঁথনিৰ ব্যাপক সাল-সলনি ঘটোৱা হৈছে ৷ পূৰ্বে কৰিমগঞ্জ লোকসভা সমষ্টিত আঠটাকৈ বিধানসভা সমষ্টি আছিল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াৰ সালসলনি কৰাত বিধানসভা সমষ্টিৰ সংখ্যা 6 টালৈ হ্ৰাস পায় ৷

কৰিমগঞ্জ লোকসভা সমষ্টিৰ 24 গৰাকী প্ৰাৰ্থী :

কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 24 গৰাকী প্ৰাৰ্থী এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইয়াৰে 18 গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্দলীয় ৷

  • বিজেপিৰ কৃপানাথ মাল্লা
  • কংগ্ৰেছৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী
  • এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী
  • এছ ইউ চি আইৰ (চি) প্ৰাজ্বল সুদীপ্ত দেৱ
  • বেংগলী নৱনিৰ্মাণ সেনাৰ দেৱাশীষ ঘোষ
  • ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আহাদ উদ্দিন
  • নিৰ্দলীয় আব্দুল বাচিত তপাদাৰ
  • নিৰ্দলীয় দিলীপ কুমাৰ
  • নিৰ্দলীয় বিনয় কৃষ্ণ ৰায়
  • নিৰ্দলীয় আব্দুল হামিদ
  • নিৰ্দলীয় ৰকিবুল হুছেইন চৌধুৰী
  • নিৰ্দলীয় ছৰিফুল ৰহমান হাজাৰি
  • নিৰ্দলীয় গোপাল চন্দ্ৰ পাল
  • নিৰ্দলীয় ৰচিদ আহমেদ চৌধুৰী
  • নিৰ্দলীয় চালেহ আহমেদ
  • নিৰ্দলীয় আব্দুচ সুভন তপাদাৰ
  • নিৰ্দলীয় আব্দুল কালাম মজুমদাৰ
  • নিৰ্দলীয় দেৱজ্যোতি নাথ
  • নিৰ্দলীয় জীৱেশ দেৱ
  • নিৰ্দলীয় ৰচিদ আহমেদ লস্কৰ
  • নিৰ্দলীয় নজৰুল ইছলাম লস্কৰ
  • নিৰ্দলীয় আলিম উদ্দিন মজুমদাৰ
  • নিৰ্দলীয় মুজাক্কিৰ হাচান লস্কৰ
  • নিৰ্দলীয় আব্দুল গফৰ তালুকদাৰ

কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ আঠটাৰ সলনি কৰিমগঞ্জ লোকসভা সমষ্টিৰ অধীনষ্ঠ বিধানসভা সমষ্টিৰ সংখ্যা ছয়টালৈ হ্ৰাস কৰা হয় । সেই বিধানসভা সমষ্টি কেইটা হৈছে -

  • হাইলাকান্দি
  • আলগাপুৰ-কাটলিচেৰা
  • উত্তৰ কৰিমগঞ্জ
  • দক্ষিণ কৰিমগঞ্জ
  • পাথাৰকান্দি
  • ৰামকৃষ্ণ নগৰ (এছ চি)
  • সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আলগাপুৰ বিধানসভা সমষ্টিৰ নাম সলনি হৈ হ’ল আলগাপুৰ-কাটলিচেৰা কৰা হয়
  • বদৰপুৰৰ নাম সলনি হৈ হ’ল উত্তৰ কৰিমগঞ্জ কৰা হয়
  • উত্তৰ কৰিমগঞ্জৰ নাম সলনি হৈ হ’ল দক্ষিণ কৰিমগঞ্জ
  • দক্ষিণ কৰিমগঞ্জৰ নাম সলনি কৰি কৰা হয় পাথাৰকান্দি সমষ্টি
  • ৰাতাবাৰী সমষ্টিৰ নাম সলনি কৰি ৰামকৃষ্ণ নগৰ (এছ চি) কৰা হয়

কৰিমগঞ্জ সমষ্টিৰ ভোটাৰ আৰু ভোটকেন্দ্ৰ :

ছটা বিধানসভা সমষ্টিৰে গঠিত কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা হৈছে -

  • মুঠ ভোটাৰ 14,12,148 গৰাকী
  • পুৰুষ ভোটাৰ 7,23,111 জন
  • মহিলা ভোটাৰ 6,89,025 গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ 12 গৰাকী
  • সংখ্যালঘু ভোটাৰৰ হাৰ 62 শতাংশ
  • হিন্দুলোকৰ হাৰ 38 শতাংশ
  • স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যা 94 টা
  • সংবেদনশীল অঞ্চল 44 টা
  • নিয়োজিত হৈছে 5072 গৰাকী পোলিং বিষয়া
  • আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা 11 টা
  • মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা 11 টা
  • ৱেবকাষ্ট ভোটকেন্দ্ৰৰ সংখ্যা 581 টা
  • কৰিমগঞ্জ লোকসভা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 1660 টা ।

সমষ্টিটোৰ পূৰ্বৰ স্থিতি :

দীৰ্ঘসময় ধৰি কংগ্ৰেছৰ দখলত থকা কৰিমগঞ্জ সমষ্টিটো 2019 ৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল আৰু সমষ্টিটোৰ বৰ্তমানৰ সাংসদ হৈছে কৃপানাথ মাল্লা ।

  • 2019 ৰ নিৰ্বাচনত সংখ্যালঘু ভোট বিভাজন হোৱাৰ বাবেই বিজেপিৰ জয় সম্ভৱ হৈছিল
  • 2019 ৰ নিৰ্বাচনত বিজেপিৰ কৃপানাথ মাল্লাই লাভ কৰিছিল 4,73,046 টা (44.62 শতাংশ) ভোট
  • এ আই ইউ ডি এফ-ৰ ৰাধেশ্যাম বিশ্বাসে লাভ কৰিছিল 4,34,657 টা (41 শতাংশ) ভোট
  • কংগ্ৰেছৰ স্বৰূপ দাসে লাভ কৰিছিল 1,20,452 টা (11.36 শতাংশ) ভোট
  • বিগত নিৰ্বাচনত সংখ্যালঘু ভোট কংগ্ৰেছ আৰু এ আই ইউ ডি এফ-ৰ মাজত বিভাজন হৈছিল
  • কৰিমগঞ্জ সমষ্টিত 1962 চনৰ পৰা 1984 চনলৈ পাঁচবাৰকৈ একেৰাহে প্ৰতিনিধিত্ব কৰিছিল কংগ্ৰেছৰ নিহাৰ ৰঞ্জন লস্কৰে
  • 1984 চনত প্ৰতিনিধিত্ব কৰে ইণ্ডিয়ান কংগ্ৰেছৰ সুদৰ্শন দাসে
  • 1991 আৰু 1996 চনত সমষ্টিটোক প্ৰতিনিধিত্ব কৰে বিজেপিৰ দ্বাৰকা নাথ দাসে
  • 1998 আৰু 1999 চনত কংগ্ৰেছৰ নেপাল চন্দ্ৰ দাস সাংসদ আছিল
  • 2004 আৰু 2009 চনত কংগ্ৰেছৰ ললিত মোহন শুক্লবৈদ্য সমষ্টিটোৰ সাংসদ হিচাপে নিৰ্বাচিত হয়
  • 2014 চনৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাস জয়ী হয়

কৰিমগঞ্জ লোকসভা সমষ্টিৰ মুঠ ২৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ইভিএমত । শেষ হাঁহি কোনে মাৰিব, সেয়া জানিব পৰা যাব ফলাফলতহে । নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ-নিকা আৰু সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ভোটকেন্দ্রত লাইভ মণিটৰিং তথা বেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, পর্যাপ্ত বিদ্যুৎ যোগানৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ভোটাৰ আৰু বয়স্ক লোকৰ বাবে ৰেম্প, হুইল চেয়াৰ আদিৰ ব্যৱস্থা কৰা হৈছে । ভোটাৰৰ সুবিধাৰ লগতে ভোটকেন্দ্ৰৰ নিৰপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে চাওক: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: ৰাজ্যত ১,২২০ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ , ২৯ টা মাৰণাস্ত্ৰ-৭২ জাঁই গুলী জব্দ - Lok Sabha Election 2024

অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.