ETV Bharat / politics

ধুবুৰী নহয় নগাঁওহে মোৰ পচন্দ: ৰকিবুল হুছেইন - নিৰ্বাচনী কুচকাৱাজ

Lok sabha election2024 : ‘মই ধুবুৰী লোক সভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা নাই । মই নগাঁও সমষ্টিৰ পৰাহে প্ৰাৰ্থিত্ব বিচাৰিছো’- এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ ৷

mla rakibul_Hussain comments on upcoming lok sabha election
বিধায়ক ৰকিবুল হুইছেন
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 1:49 PM IST

Updated : Feb 21, 2024, 2:51 PM IST

বিধায়ক ৰকিবুল হুইছেনৰ মন্তব্য

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ নিৰ্বাচনকেন্দ্ৰিক আলোচনাৰ বাবে নেতৃত্বাধীন বিজেপি চৰকাৰৰ সমূহ নেতৃত্ব পাইছিলগৈ দেশৰ ৰাজধানী ৷ আনহাতে কংগ্ৰেছত লাগিছে টিকটক লৈ খোৱা-কামোৰা ৷ লগতে উঠিছে কংগ্ৰেছ দল ত্যাগ কৰাৰ জোৱাৰ ৷ ইজনৰ পিচত সিজনকৈ নেতা-কৰ্মীয়ে এৰিছে দল ৷ আনহে নালাগে অন্তৰ্গত দলীয় অসন্তুষ্টিৰ বাবে বহুতেই দলত থাকিয়ে সমৰ্থন আগবঢ়াইছে বিজেপিলৈ ৷

কংগ্ৰেছত শেহতীয়াকৈ টিকট বিচাৰি দলীয় কন্দল আৰম্ভ হৈছে ৷ বৰ্তমানলৈকে দলে একো থিৰাং কৰা নাই ৷ কিন্তু বিধায়ক ৰকিবুল হুছেইনৰ এটা মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ‘মই ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা নাই । মই নগাঁও সমষ্টিৰ পৰাহে প্ৰাৰ্থিত্ব বিচাৰিছো’- এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ । নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ দলত দেখা দিয়া সংঘাত সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ৰকিবুল হুছেইনে ।

বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে কয় যে ধুবুৰীত তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, নগাঁৱতহে কৰিছে । কিন্তু ধুবুৰীত প্ৰাৰ্থিত্বৰ বিষয়টো কিয় ওলাইছে এইক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰে তেওঁ । বিধায়কগৰাকীয়ে লগতে কয় যে এ আই চি চিয়ে য’তেই টিকট দিব তাতেই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’ব । ধুবুৰীত স্থানীয় লোকক প্ৰাৰ্থিত্ব দিবলৈ তেওঁ এ আই চি চিক ক’ব বুলি সদৰী কৰে ৷

ৰকিবুল হুইছেনে কয় যে ধুবুৰীত তেওঁ নিৰ্বাচন খেলিব বিচৰা নাই । নগাঁওহে তেওঁৰ পছন্দ । তেওঁ লগতে কয় যে সাংসদ আব্দুল খালেককে ধৰি বিধায়ক আব্দুৰ ৰচিদ মণ্ডল, ৱাজেদ আলী চৌধুৰীয়ে ধুবুৰীত স্থানীয় লোকক টিকট দিয়াৰ কথা কৈছে । সেই কথাৰ প্ৰতি সন্মান জনাই স্থানীয় লোকক টিকট দিবলৈ দলৰ নেতৃত্বক জনাব বুলি মন্তব্য কৰে ৷ নগাঁৱৰ স্থানীয় বাবেই তাৰ পৰা টিকট বিচৰা বুলি লগতে সদৰী কৰে তেওঁ । ইফালে নিজৰ পুত্ৰক চামগুৰি সমষ্টিত সংস্থাপিত কৰাৰ বাবে তেওঁ ধুবুৰীত খেলিব বিচৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক : কংগ্ৰেছ দল শেষ হৈ গ’লেও মই অকলে নলবাৰী জিলাত দলটো জীয়াই ৰাখিম: ৰাতুল পাটোৱাৰী

Last Updated : Feb 21, 2024, 2:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.