ETV Bharat / politics

আমবাৰীৰ কাৰ্যালয়ত আবেগিক ফণীভূষণ চৌধুৰী, নিবিচাৰে লোকসভা নিৰ্বাচন খেলিবলৈ - MLA Phani Bhushan Choudhary

MLA Phani Bhushan Choudhary: কোনো কাৰণতে তেওঁ সমষ্টিবাসীক এৰি দিল্লীলৈ যাব নিবিচাৰে বিধায়ক ফণীভূষণ চৌধুৰী ৷ দলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোৱাব বিচৰাৰ ফলত আবেগিক হৈ পৰিল জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰী ৷

MLA Phani Bhushan Choudhary
বিধায়ক ফণীভূষণ চৌধুৰী
author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 5:30 PM IST

Updated : Mar 9, 2024, 7:48 PM IST

অগপৰ সদৰত আবেগিক বিধায়ক ফণীভূষণ চৌধুৰী

গুৱাহাটী, ৯ মাৰ্চ: সমষ্টি এৰি যাবলৈ কোনো কাৰণতে নিবিচাৰে বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে । লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অলপো ইচ্ছা নাই বিধায়কগৰাকীৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে বিজেপিয়ে মিত্ৰদল অগপক বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি এৰি দিছে আৰু ইয়াৰে বৰপেটা সমষ্টিটোত অগপই বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব দিবলৈ বিচাৰিছে । আনহাতে বিজেপি দলেও ফণীভূষণ চৌধুৰীকে বৰপেটাৰ পৰা বিচাৰিছে । যাৰ ফলত অগপ দলেও ফণীভূষণ চৌধুৰীকে দলীয় প্ৰাৰ্থী হিচাপে বৰপেটাৰ পৰা অৱতীৰ্ণ কৰোৱাৰ কথা চিন্তা কৰিছে ।

কিন্তু দলৰ এই চিন্তা-চৰ্চাক লৈ মুঠেই সন্তুষ্ট নহয় বিধায়ক ফণীভূষণ চৌধুৰী । এই সন্দৰ্ভত শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক ফণীভূষণ চৌধুৰী হঠাৎ আবেগিক হৈ পৰে ।

চকুলো টুকি বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয়, ‘‘মোৰ এটাই ব্যর্থতা যে মই বেলেগৰ আদৰ্শ ল'ব নোৱাৰিলো । দলে যদি মোৰ লগত আলোচনা নকৰি প্ৰাৰ্থিত্ব দিয়ে তেন্তে তাতকৈ আৰু দুখ মোৰ বাবে একো নাথাকিব ।’’ তেওঁ লগতে কয়, ‘‘বিগত ৩৮ টা বছৰ মই দলৰ বাবে কাম কৰিছো । গতিকে যদি মই ভবামতে দলে কাম নকৰে, তেতিয়া মই ভাবিম যে দলে মোক উপেক্ষা কৰিছে । মই দলৰ বাবে নিজকে উৎসৰ্গা কৰিছো, শেষ মুহূৰ্তলৈকে মই ভাবো যে দলে মোৰ অমতত কিবা এটা সিদ্ধান্ত নল'ব ।’’

বিধায়কগৰাকীয়ে লগতে কয় যে এতিয়ালৈকে তেওঁক একো জনোৱা হোৱা নাই যদিও তেওঁ নিজৰ নামটো বাহিৰে বাহিৰে শুনি আছে । ‍আবেগিক হৈ তেওঁ কয় যে সমষ্টিবাসীয়ে লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাটো বিচৰা নাই আৰু তেওঁ নিজেও ভবা নাই লোকসভা নিৰ্বাচন খেলাটো । সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকা সময়তে বিধায়কগৰাকী উচুপি উঠিল ।

উল্লেখ্য যে শনিবাৰে অগপৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী বাচনিক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । প্ৰাৰ্থী বাচনিৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিখন জিলা সমিতিৰ পৰা লোৱা হৈছে মতামত । সকলোকে পচন্দৰ প্ৰাৰ্থীৰ নাম কোৱাৰ সুবিধা দিয়া হৈছে । এখন এখনকৈ নিমন্ত্ৰণ জনোৱা হয় সমষ্টিটোৰ অন্তৰ্গত প্ৰতিখন জিলা সমিতিক ।

বৈঠকত উপস্থিত থাকে অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতা । উল্লেখ্য যে বৰপেটা আৰু ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বাচনিৰ বাবে দলে তিনিজনীয়াকৈ দুখন সমিতি গঠন কৰি দিছিল । বৰপেটা সমষ্টিৰ বাবে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত গঠন কৰা তিনিজনীয়া কমিটিত আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ডাঃ কমলা কলিতা ।

সেইদৰে ধুবুৰী সমষ্টিৰ বাবে সত্যব্ৰত কলিতাৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটিখনত আছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ভূপেন ৰায় । উল্লেখ্য যে এই কমিটি দুখনে দুয়োটা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ লগতে দলীয় কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰি উপযুক্ত প্ৰাৰ্থী বাচনি কৰিব ।

দুয়োখন কমিটিয়ে সমষ্টি দুটাৰ দলীয় কৰ্মকৰ্তাৰ লগত মিলিত হৈ কোনজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিলে ভাল হয় সেই সম্পৰ্কে মতামত ল’ব । ইয়াৰ পিচত এটা সিদ্ধান্তত উপনীত হ'ব দুয়োখন কমিটি । কমিটি দুখনে ১০ মাৰ্চৰ ভিতৰত নিজৰ প্ৰতিবেদন দলৰ সভাপতি অতুল বৰাক দাখিল কৰিব ।

প্ৰতিবেদন লাভৰ পিচতে সভাপতি অতুল বৰাই সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব । সেই অনুসৰি ১০ মাৰ্চত অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে । শনিবাৰে বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কমিটিখনে বৈঠক অনুষ্ঠিত কৰে । য'ত আবেগিক হৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ।

লগতে পঢ়ক: কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

Last Updated : Mar 9, 2024, 7:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.