ETV Bharat / politics

এন ডি এ নে ইণ্ডি এলায়েন্স ? কোন মন্ত্ৰী-বিধায়কে কৰিলে কি দাবী - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:39 PM IST

Assam Lok Sabha Election Results 2024 : আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । ইতিমধ্যে আৰম্ভ হৈছে ভোটগণনা । ইয়াৰ সমান্তৰালভাৱে প্ৰতিটো দলৰ বিধায়ক-মন্ত্ৰীসকলে ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰিছে ।

ASSAM LOK SABHA ELECTION RESULTS 2024
বিজেপি নে ইণ্ডি এলায়েন্স, বিধায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 4 জুন : দেশত লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী তথা দলীয় নেতাকলৰ কৌতূহল বৃদ্ধি পাইছে । তাৰ মাজতে অসমৰ শাসক-বিৰোধীৰ একাংশ বিধায়ক তথা মন্ত্ৰীয়ে মনৰ ভাব প্ৰকাশ কৰিছে ।

বৰপেটা:

বিধায়ক ৰফিকুল ইছলাম (etv bharat assam)

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা ধুবুৰী লোকসভা সমষ্টিৰ ভোট গণনাত উপস্থিত হৈছে বিধায়ক ৰফিকুল ইছলাম ৷ ধুবুৰীত বদৰুদ্দিন আজমল জয়ী হ’ব বুলি আশাবাদী বিধায়ক ৰফিকুল ইছলাম ৷

ডিব্ৰুগড়:

বিধায়ক প্ৰশান্ত ফুকন (etv bharat assam)

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে ডিব্ৰুগড়ৰ লাহোৱাল পলিটেকনিকত আৰম্ভ হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগণনা । পুৱা 8 বজাৰ পৰা ডিব্ৰুগড়ৰ লাহোৱাল পলিটেকনিকত নিৰ্বাচনী আয়োগে স্থাপন কৰা ভোটগণনা কেন্দ্ৰত ডিব্ৰুগড়, খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান আৰু চাবুৱা-লাহোৱাল সমষ্টিৰ ভোটকেন্দ্ৰত ভোটগণনা অব্যাহত আছে ।

ভোটগণনা আৰম্ভ হোৱাৰ পাচতে ফলাফলক লৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কয় যে, 3 লাখ 60 হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল । ফলাফলৰ পিচতে সৰ্বানন্দ সোণোৱালৰ সৈতে ডিব্ৰুগড় চহৰত এক ৰেলী উলিয়াব । ইতিমধ্যে তেওঁ লাডু, আতচবাজী লৈ কাৰ্যকৰ্তাৰ সৈতে সাজু হৈছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: মেজিক নাম্বাৰতকৈ অধিক আসনত অগ্ৰগতি এন ডি এৰ - Lok Sabha Election Results 2024

গোৱালপাৰা:

বিধায়ক আব্দুৰ ৰছিদ মণ্ডল (etv bharat assam)

ইফালে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ ধুবুৰী লোকসভা সমষ্টিৰ ভোটগণনা কেন্দ্ৰত উপস্থিত কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ৷ দুটাকৈ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু মীৰা বৰঠাকুৰে নিশ্চিতভাৱে জয়লাভ কৰিব বুলি উল্লেখ কৰে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে । বিধায়কগৰাকীয়ে যে, সংবাদমাধ্যমক উদ্দেশ্যি কয় যে, গোডী মিডিয়াই বিজেপিৰ পক্ষত বেছিকৈ আসন দি আছে কিন্তু প্ৰকৃতাৰ্থত এইবাৰ নিৰ্বাচনত ইণ্ডি মহাগোট বন্ধনে চৰকাৰ গঠন কৰিব ৷

তিনিচুকীয়া

শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ (etv bharat assam)

ইফালে তিনিচুকীয়াত বিজেপিৰ বিজয় উৎসৱৰ আয়োজন ৷ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে দাবী কৰে যে, চাৰি লক্ষাধিক ভোটত জয়যুক্ত হ’ব ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল । সকলোৱে যাতে শান্তিপূৰ্ণভাৱে এই ভোটগণনা সম্পন্ন কৰে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে বিজয় উৎসৰ বাবে প্ৰতিগৰাকী দলীয় কৰ্মকৰ্তা সাজু থকা বুলি উল্লেখ কৰে ৷

ডিব্ৰুগড়

মন্ত্ৰী বিমল বড়া (etv bharat assam)

ডিব্ৰুগড়ৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হয় কেবিনেট মন্ত্ৰী বিমল বড়া আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ৷ সৰ্বানন্দ সোণোৱালে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব লাভ কৰিব বুলি দৃঢ়বিশ্বাসী মন্ত্ৰী বিমল বড়া ৷ লগতে তেওঁ কয় যে, ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ব ৷ প্ৰথম অৱস্থাত কিছু কিছু ভোটকেন্দ্ৰত পিচপৰি ৰ'লেও কিছুসময়ৰ পিচতে প্ৰকৃত ছবিখন ওলাই পৰিব ৷

বিধায়ক চক্ৰধৰ গগৈ (etv bharat assam)

আনহাতে বিধায়ক চক্ৰধৰ গগৈয়ে কয়, "আমি জিকিম ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল বিজয়ী হোৱাটো নিশ্চিত ৷ ক’ৰবাত কম ভোট পালেও শেষ হাঁহি মাৰিম আমি ৷"

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.