নগাঁও, 6 মাৰ্চ: কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক পুনৰ এবাৰ বিজেপিৰ ফুটবল আখ্যা দিলে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে । নগাঁৱত উপস্থিত হৈ তাছাৰ সমান্তৰালভাৱে শাসকীয় দলটোক কটাক্ষ কৰে গগৈয়ে ৷ বুধবাৰে নগাঁৱত উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ হ’ব বুলি ইংগিত দিলে বিৰোধী ঐক্যমঞ্চৰ নেতা অখিল গগৈয়ে ।
যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈক প্ৰক্ষেপ কৰিলে নগাঁৱৰ প্ৰাৰ্থী কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলিয়েই ইংগিত বহন কৰিছে অখিল গগৈৰ মন্তব্যত । নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক তীব্ৰ কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে । নগাঁও লোকসভা সমষ্টিত বিজেপি পৰাজিত হোৱাৰ উমান পাই বিজেপি নেতাক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে ন বিজেপি নেতা সুৰেশ বৰাক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব দিছে বুলি অভিযোগ তোলে গগৈয়ে ।
উল্লেখ্য যে, ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে কিছু ইংগিত দিলেও নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ইয়াকে লৈ বৰ্তমানেও ৰাজ্যত অব্যাহত জল্পনা কল্পনাৰ । বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক এখন যুঁজ চলি থকা বুলি সৰ্বত্ৰে চলিছে ব্যাপক চর্চা । লক্ষণীয় বিষয় যে, নগাঁও লোকসভা সমষ্টিৰ বাবে শাসকীয় দল বিজেপিয়ে ইতিমধ্যেই প্ৰাৰ্থী ঘোষণা কৰি আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । অৱশ্যে আজিও চূড়ান্ত প্ৰাৰ্থী ঘোষণা কৰা নাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যই ।
লগতে পঢ়ক: কংগ্ৰেছী নেতা হাৰাশাস্তি কৰিব বিচাৰিছে চৰকাৰে: দেৱব্ৰত শইকীয়া