ETV Bharat / politics

পাৰে যদি খেদক না, খেদিব নোৱাৰে : মিঞা খেদাৰ প্ৰসংগত বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ প্ৰত্যাহ্বান - Mla Abdur Rashid Mandal

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 9:06 PM IST

Abdur Rashid Mandal on Miya Muslims : উজনি অসমৰ পৰা মিঞাক খেদি পঠিয়াব নোৱাৰে বুলি প্ৰত্যাহ্বান বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ ৷ মিঞা অৰ্থনীতি টনকিয়াল কৰা সম্প্ৰদায় বুলি দাবী বিধায়কগৰাকীৰ ৷ এজন দোষীৰ বাবে জাতিটোক শত্ৰুজ্ঞান কৰাটো ভালকথা নহয় বুলি মন্তব্য বিধায়ক মণ্ডলৰ ৷

Abdur Rashid Mandal on Miya Muslims
মিঞা খেদাৰ প্ৰসংগত বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ প্ৰত্যাহ্বান (ETV Bharat Assam)

গুৱাহাটী, ২৪ আগষ্ট : ‘‘মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰত থকা সকলোৱে মিঞা জনগোষ্ঠীৰ ওপৰত দি থকা বিদ্বেষমূলক বক্তব্যবোৰে এনেধৰণৰ সিদ্ধান্ত লোৱাত উদগনি যোগাইছে ।’’ এই মন্তব্য কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ । বহুকেইটা সংগঠনে উজনি অসমৰ পৰা মিঞাক খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰাৰ প্ৰসংগত বিধায়ক মণ্ডলে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

এনেধৰণৰ হুংকাৰৰ আঁৰত চৰকাৰৰ উদগনি আছে বুলি মন্তব্য কৰি বিধায়ক মণ্ডলে কয়, ‘‘সকলো মিঞা অপৰাধী নেকি? ৰাস্তা-ঘাটে শ্ৰম কৰা মিঞাসকল অপৰাধী নেকি ? তেওঁলোক ভাৰতৰ নাগৰিক নহয় নেকি? ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনৈতিক শোষণ কৰা কিছুমান নাগৰিকক বৰপীৰা পাৰি দিবা আৰু যিবিলাকে দিনহাজিৰা কৰে তেওঁলোকক খেদিবা ! এইটো কেনেকুৱা কথা ?’’

বিধায়কগৰাকীয়ে তদুপৰি কয়, ‘‘উজনি অসমত থকা মিঞাৰ কোনোবাই কাৰোবাৰ ঘৰত হাজিৰা খাটিছে, কোনোবাই কাৰোবাৰ দোকানত কাম কৰিছে, কোনোবাই ৰাস্তাত কাম কৰিছে, কোনোবাই পথাৰত কাম কৰিছে । অৰ্থনীতি টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰাসকলক বৰপীৰা পাৰি দিবা । এইটো কেনেকুৱা নীতি ? এইটো কেনেকুৱা জাতীয়তাবাদ? জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ? জাতীয়তাবাদৰ সংজ্ঞা এতিয়া নতুনকৈ শিকিব লাগিব ।’’

তেওঁ কয়, ‘‘দোষী লোকৰ চূড়ান্ত শাস্তি হওক । কিন্তু এজন দোষী লোকৰ বাবে গোটেই জাতিটোক শত্ৰুজ্ঞান কৰাটো কেতিয়াও ভালকথা নহয় ।’’ মিঞা খেদাৰ প্ৰসংগত বিধায়ক মণ্ডলে কয়, ‘‘পাৰে যদি খেদক না । খেদিব নোৱাৰে । প্ৰত্যাহ্বান জনাইছো খেদিব নোৱাৰে । ভাৰতৰ নাগৰিকক ভাৰতৰ পৰা খেদিব পাৰিব ? কোনে পাৰিব ? কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিকক খেদিবলৈ ? মুখত কোৱাটো সহজ । তেওঁলোকে আইন প্ৰণয়ন কৰি বাংলাদেশী আনি আছে আৰু ভাৰতীয় নাগৰিকক অসমৰ পৰা খেদিবা ! ইমানদিনে কেইজন খেদিব পাৰিছা ? অসমত ৯ বছৰ চৰকাৰ চলাই কেইজনক খেদিব পাৰিলে ।’’

আব্দুৰ ৰচিদ মণ্ডলে কয়, ‘‘ৰেকৰ্ডত ১১৯৫৭০ গৰাকী ডি ভোটাৰ আছে । ইয়াৰ ভিতৰত ২০১৮ চনত ১৩ গৰাকীক, ২০১৯ চনত ৬ গৰাকীক, ২০২০ চনত এগৰাকীক, ২০২১ চনত ৩ গৰাকীক, ২০২২ চনত দুগৰাকীক, ২০২৩ চনত এগৰাকীক আৰু ২০২৪ চনত এগৰাকীক খেদিব পাৰিছে । লাখ লাখ বিদেশী থকা দেশত মাত্ৰ এই কেইজনক খেদিলে । কিয় খেদিব পৰা নাই ? কোনখন আইনে বাধা দিছে ? অসমৰ পৰা খেদিম বুলি মুখত বহু কথাই ক’ব পাৰি ।’’

লগতে পঢ়ক : মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন: কি কি সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.