ETV Bharat / politics

প্রার্থী বাচনি সন্দৰ্ভত দলীয় আলোচনাত বহিল মন্ত্ৰী ৰণোজ পেগু

Lok Sabha elections: ৩নং ডিফু লোকসভা সমষ্টিৰ প্ৰার্থী নিৰ্বাচন ৷ তিনিখন পাহাৰীয়া জিলা সমিতিৰ সৈতে বৈঠকত বহিল মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷

minister ranoj pegu visits diphu to have a conversation with bjp leaders regarding lok sabha elections
মন্ত্ৰী ৰণোজ পেগু
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 10:49 PM IST

Updated : Feb 28, 2024, 7:32 AM IST

মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য

ডিফু, ২৭ ফেব্ৰুৱাৰী : তিনিখন পাৰ্বত্য জিলাৰ একমাত্ৰ লোকসভা আসনখনৰ প্ৰার্থী নির্ণয় কৰাৰ উদ্দেশ্যে মঙলবাৰে ডিফুত তিনিখন পাৰ্বত্য জিলাৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় পর্যবেক্ষক মন্ত্ৰী ডাঃ ৰণোজ পেগু । ডিফুৰ বিজেপি কার্যালয়ত বিয়লি ৪ বজাত পৃথকে পৃথকে তিনিওখন জিলা কমিটীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে পর্যবেক্ষক তথা অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

উল্লেখ্য যে, ডিফু লোকসভা আসনখনৰ বাবে এইবাৰ বর্তমানৰ সাংসদ হৰেণ ছিং বে’ৰ উপৰিও আন বহু কেইগৰাকী প্ৰার্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে । সাংসদ হৰেণ ছিং বে’ৰ উপৰিও ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, জ্যেষ্ঠ বিজেপি নেতা লংকি ফাংচ’, আৰএছএছ নেতা বলৰাম ফাংচ', পৰিষদৰ শক্তিশালী কার্যবাহী সদস্য অমৰছিং তিচ', গড়কাপ্তানি বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা তথা আয়ুক্ত ৰাজেশ কেম্প্ৰাইও প্ৰাৰ্থিত্বৰ দৌৰত আছে । ইয়াৰোপৰি প্ৰাক্তন সাংসদ জয়ন্ত ৰংপিৰ পুত্ৰ তথা পৰিষদৰ মনোনীত সদস্য মংবে ৰংপি, পৰিষদৰ গড়কাপ্তানি বিভাগৰ বর্ড অধ্যক্ষ লংছিং টকবিয়েও প্ৰাৰ্থিত্বৰ বাবে অনুষ্ঠানিকভাৱে আবেদন কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ ।

উল্লেখনীয় যে বৰ্তমানৰ সাংসদ হৰেণ ছিং বে’ এইবাৰ দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই অধিক বুলি ইতিমধ্যে ব্যাপক চর্চা চলিছে । ইয়াৰ বিপৰীতে পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অতি ঘনিষ্ঠ তথা প্ৰভাৱশালী কার্যবাহী সদস্য অমৰছিং তিচ'ৰ নাম এইবাৰ শীৰ্ষত থকা বুলি সূত্ৰই দাবী কৰিছে । আনহাতে, তিনিখন জিলা সমিতিৰ সৈতে আলোচনাৰ অন্তত সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত মন্ত্ৰী পেগুৱে কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰার্থী বাছনি কৰাৰ ক্ষেত্ৰত তিনিখন পাৰ্বত্য জিলাব দলীয় কর্মকর্তাসকলৰ মনৰ বুজ ল’বলৈ দলে আমাক দায়িত্ব প্ৰদান কৰিছে আৰু সেই মৰ্মে আজি আমি ডিফুত উপস্থিত হৈ তিনিখন জিলা কমিটীৰ সৈতে আলোচনাত মিলিত হৈছো ।’

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰাৰ্থিত্বৰ বাবে কিমানে আবেদন কৰিছে সেই সন্দর্ভত কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে পেগু । বিজেপি এটা বৃহৎ দল বুলি উল্লেখ কৰি এই দলে বিভিন্ন উৎসৰ পৰা তথ্য আহৰণ কৰি সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰি দলীয় নেতৃত্বই এই সন্দর্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ সংবাদমাধ্যমৰ আগত মন্তব্য কৰে । আনহাতে, মহাবিদ্যালয়সমূহ একত্ৰিকৰণৰ সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, একত্ৰিকৰণ হ’ব বুলি ক’তো কোনো অধিসূচনা জাৰি কৰা হোৱা নাই । কিন্তু একাংশ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম হোৱা কাৰণে সি বহনক্ষম হোৱা নাই ।

যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হৈ যায় আৰু শিক্ষকৰ সংখ্যা বেছি হৈ যায় একত্ৰীকৰণ কৰিবলে বাধ্য হৈ হ‘ব চৰকাৰ । বর্তমান সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিবলৈ চৰকাৰে চেষ্টা চলাইছে । মন্ত্ৰীগৰাকীয়ে লগতে কয়- "মই বিশেষভাৱে অনুৰোধ জনাইছো যে যিবোৰ শিক্ষনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পৰিমাণ কম সেইসমূহ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকল ছাত্ৰ-ছাত্ৰীৰ মাজলৈ যাওক আৰু বিদ্যালয়সমূহলৈ যাওক, গুণগত শিক্ষা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰক তেতিয়া নিশ্চয়কৈ ছাত্ৰ-ছাত্ৰী আহিব ৷" মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকললৈ আহ্বান জনাই মন্ত্ৰী পেগুৱে কয় যে, তেওঁলোকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে কার্যকৰী ব্যবস্থা গ্ৰহণ কৰক ।

লগতে পঢ়ক : উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা

Last Updated : Feb 28, 2024, 7:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.