ETV Bharat / politics

ৰকিবুলক সতৰ্কবাণী অতুল বৰাৰ, কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ কিয় প্ৰচাৰ দিপ্লুৰঞ্জন শৰ্মাৰ ?

চামগুৰিত বিজেপিৰ বিশাল প্ৰচাৰ সভাত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত । ৰকিবুলক সতৰ্কবাণী অতুল বৰাৰ । চামগুৰিত ট্ৰিপল ইঞ্জিন চলোৱাৰ ঘোষণা বিধায়ক জিতু গোস্বামীৰ ।

Samaguri Bye Election 2024
চামগুৰিত বিজেপি প্ৰাৰ্থীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 2:22 PM IST

Updated : Nov 5, 2024, 4:13 PM IST

চামগুৰি : প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ খহাই চামগুৰি দখলৰ বাবে উঠি-পৰি লাগিছে শাসকীয় দল বিজেপি আৰু ইয়াৰ মিত্ৰজোঁট । চামগুৰি সমষ্টিৰ সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত এলেকা কাঠপাৰাত সোমবাৰে নিৰ্বাচনী ৰণশিঙা বজায় অগপ, বিজেপি মিত্ৰদলে । সহস্ৰাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰা জনসভাত ভাষণ প্ৰসংগত ৰকিবুল হুছেইনক টাৰ্গেট কৰি লয় বিধায়ক জিতু গোস্বামীৰ পৰা মন্ত্ৰী অতুল বৰালৈকে ।

ৰকিবুল হুছেইনক সতৰ্কবাণী অতুল বৰাৰ

চামগুৰিত বিজেপি প্ৰাৰ্থীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা (ETV Bharat Assam)

চামগুৰি সমষ্টিৰ কাঠপাৰাত অনুষ্ঠিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা । সভাত উদাত্ত ভাষণ প্ৰদান কৰি ৰকিবুল হুছেইনক সতৰ্কবাণী মন্ত্ৰী অতুল বৰাৰ, "চামগুৰিত আৰু চলিব দিয়া নহ'ব ৰকিবুল হুছেইনৰ গুণ্ডাৰাজ । ভয়-ভাবুকি আৰু প্ৰলোভনেৰে সন্তানক জয়ী কৰাব নোৱাৰে ৰকিবুল হুছেইনে ।"

সুদীৰ্ঘ সময় চামগুৰি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰিত্ব লাভ কৰাৰ পাছতো সমষ্টিটো উন্নয়নৰ বাবে বিশেষ কোনো কাম নকৰা বুলি ৰকিবুল হুছেইনক কটাক্ষ কৰি মন্ত্ৰী অতুল বৰাৰ মন্তব্য, "এজন ফুলকুমলীয়া অনভিজ্ঞ যুৱকৰ পৰা একো আশা কৰিব নোৱাৰে ।" ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকা সময়ত গঁড় হত্যা হোৱা বুলিও তীব্ৰ কটাক্ষ মন্ত্ৰী অতুল বৰাৰ ।

কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ কিয় প্ৰচাৰ চলাবলগীয়া হ'ল দিপ্লুৰঞ্জনে ?

চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হৈ দিপ্লুৰঞ্জন শৰ্মাই প্ৰচাৰ চলাবলগীয়া হয় বুলি সমষ্টিটোৰ কাঠপাৰাত অনুষ্ঠিত এখন ৰাজহুৱা সভাতে মন্তব্য কৰে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই । চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত এতিয়াও কংগ্ৰেছৰ প্ৰাৰ্থীক চিনিয়েই নোপোৱা বহু লোকে প্ৰশ্ন কৰাত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম বিজেপি প্ৰাৰ্থীৰ মুখেৰেই ক'বলগীয়া হোৱা বুলিও কটাক্ষ কৰে দিপ্লুৰঞ্জন শৰ্মাই ।

বহুকেইটা প্ৰতিশ্ৰুতি লৈ চামগুৰি সমষ্টিবাসীৰ কাষ চপা বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিধায়ক হিচাপে নিৰ্বাচিত হ'লে সমষ্টিটোৰ চাৰিটা জিলা পৰিষদ এলেকাত চাৰিটাকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ আশ্বাসো প্ৰদান কৰে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ।

চামগুৰিত ট্ৰিপল ইঞ্জিন চলোৱাৰ ঘোষণা

দিনক দিনে অধিক আকৰ্ষণীয় হৈ পৰা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত এইবাৰ আৰম্ভ হৈছে ট্ৰিপল ইঞ্জিনৰ প্ৰসংগ । সোমবাৰে সমষ্টিটোৰ কাঠপাৰাত অনুষ্ঠিত একেখন সভাতেই অংশগ্ৰহণ কৰি চামগুৰিত এইবাৰ ট্ৰিপল ইঞ্জিন চলোৱাৰ কথা ঘোষণা কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

উল্লেখ্য যে, উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা চামগুৰি সমষ্টি সম্প্ৰতি তিনি ভাগত বিভক্ত হৈ পৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নিৰ্বাচন অনুষ্ঠিত হোৱা চামগুৰি সমষ্টিৰ এটা অংশ জিতু গোস্বামীয়ে প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে আন এটা অংশ মন্ত্ৰী কেশৱ মহন্তই প্ৰতিনিধিত্ব কৰা কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি চামগুৰিৰ পৰা দিপ্লুৰঞ্জন শৰ্মা জয়ী হ'লে তিনিওগৰাকী বিধায়ক তথা এগৰাকী মন্ত্ৰীয়ে সমষ্টিটোৰ উন্নয়ন কৰিব বুলি মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে ।

সোমবাৰে অনুষ্ঠিত অগপ-বিজেপিৰ প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্তয়ো ভাষণ প্ৰসংগত ৰকিবুল হুছেইনেৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । সভাত শিল্পী সীমান্ত শেখৰ, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, জিলা অগপৰ সভাপতি মণিমাধৱ মহন্ত প্ৰমুখ্যে বহুকেইগৰাকী অগপ-বিজেপিৰ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী; বৰাকৰ পৰা আৰম্ভ কৰিলে অভিযান
লগতে পঢ়ক :চামগুৰিত কংগ্ৰেছৰ পৰিবৰ্তে এইবাৰ বিজেপিক সমৰ্থন আলিম সমাজৰ

Last Updated : Nov 5, 2024, 4:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.