ডিফু, 28 মার্চ : প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতে আজি বোকাজানত উপস্থিত হয় 6 নং ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰার্থী জয়ৰাম ইংলেং ৷ উপস্থিত হোৱাৰ পিচতেই বোকাজান ব্লক কংগ্ৰেছ কার্যালয় প্ৰেক্ষাগৃহত শ শ দলীয় কর্মী আৰু সমর্থকে প্ৰার্থীগৰাকীক উষ্ম আদৰণি জনায় ৷ এই আদৰণী অনুষ্ঠানতেই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন কার্যবাহী সদস্য লংকি তিমুঙে ভালেসংখ্যক বিজেপি কর্মী- সমর্থকসহ কংগ্ৰেছ দলত আনুষ্ঠানিকভাবে যোগদান কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই সভাত বোকাজান বিধানসভা সমষ্টিৰ অধীনৰ দেওপানী, বৰজান, সৰুপথাৰ, বোকাজান আদি পৰিষদীয় সমষ্টিৰ বহু লোকে আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান কৰে ৷ আনহাতে প্ৰাক্তন বিধায়ক তথা বিজেপিৰ প্ৰাক্তন কার্যবাহী সদস্য জগতছিং ইংতিয়ে এই সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ কয় যে এতিয়া বিজেপি বুলি কোনো দল নাই ৷ এতিয়া কেৱল এজন ব্যক্তিয়েহে চৰকাৰ চলাই আছে ৷ ইয়াত বাকীবিলাকৰ কোনো কাম নাই ৷ পুৰণা নিষ্ঠাৱান বিজেপি কর্মী এতিয়া দলত নাই ৷ বিজেপি চৰকাৰে কৰা প্ৰতাৰণা আৰু ম্যিথাচাৰ এতিয়া ৰাইজে বুজি পাইছে বুলি কয় তেওঁ ৷
কংগ্ৰেছৰ প্ৰার্থী জয়ৰাম ইংলেঙে কয় যে এতিয়া সকলো একত্ৰিত হৈ বিজেপিৰ অপশাসন ওফৰাব লাগিব ৷ নহ'লে গণতান্ত্ৰিক ব্যৱস্থাটো একেবাবে শেষ হৈ যাব ৷ কাৰ্বি আংলঙৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল এ পি এইছ এল চিক বিজেপিৰ 'বি' টীম বুলি উল্লেখ কৰি তেওঁ কয় যে লোকসভা নিৰ্বাচনত তেওঁ জয়ী হয়, তেনেহ'লে কাৰ্বি আংলঙৰ জনসাধাৰণৰ ওপৰত তুলিৰাম কোম্পানীয়ে অবৈধভাবে জাপি দিয়া কৰৰ ক্ষেত্ৰত ৰাইজক সকাহ দিব ৷
তেওঁ কয় যে, বিজেপি চৰকাৰ অহাৰ লগে লগেই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সাংবিধানিকভাবে পোৱা অধিকাৰ সমূহ ক্ৰমাৎ সংকুচিত হৈ আহিছে ৷ ষষ্ঠ অনুসূচীৰ সুবিধাসমূহ অতি চতুৰালিৰে বিজেপি চৰকাৰে লাহে লাহে কাঢ়ি নিছে বুলি মন্তব্য কৰে ইংলেঙে ৷ এই সভাত কংগ্ৰেছৰ বিদ্যাছিং ৰংপি, প্ৰদীপ ছিংনাৰ, ৰতন ইংতি, জগতছিং ইংতি, ছেমছন ইংতি, অশোক তেৰণ, চন্দন পাটিকাৰ, সুৰেন্দ্ৰৰ ছিংনাৰ, প্ৰদীপ ডিফুছা, বাপুছিং তিমুং, জেমছন তিমুং, অম্বিকা বে'পী, গীতালী চাংমাসহ ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে ৷