ETV Bharat / politics

অনাগত দিনত অসম গণ পৰিষদ দল উজ্জিৱীত হৈ উঠিব: মন্ত্ৰী অতুল বৰা - মন্ত্ৰী অতুল বৰা

Minister Atul Bora: অসম গণ পৰিষদ ৰাইজৰ তেজ আৰু আত্মত্যাগৰ বিনিময়ত গঠন হোৱা দল বুলি মন্তব্য দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৷ আছুকে ধৰি বহু দল-সংগঠনৰ নেতা-কৰ্মীয়ে সোমবাৰে অগপত যোগদানৰ সম্ভাৱনা ৷

Minister Atul Bora
মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 9:46 PM IST

বোকাখাতত মন্ত্ৰী অতুল বৰা

সৰুপথাৰ, 18 ফেব্ৰুৱাৰী : অসম গণ পৰিষদ ৰাইজৰ তেজেৰে গঢ়া দল ৷ এই মন্তব্য অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ ৷ বোকাখাতত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী বৰাই ৷ আজি বোকাখাতত এলানি উন্নয়নমূলক কাৰ্যসূচী সমাপন কৰাৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অগপৰ সভাপতি গৰাকীয়ে কয় যে অগপ অসমৰ একমাত্ৰ আঞ্চলিক দল ৷ অসম গণ পৰিষদ ৰাইজৰ তেজ আৰু আত্মত্যাগৰ বিনিময়ত গঠন হোৱা দল ৷ স্বাভাৱিকতে দলটোৰ প্ৰতি ৰাইজৰ আকৰ্ষণ আছে বুলি কয় মন্ত্ৰী বৰাই ৷

তেওঁ পুনৰ কয় যে, আঞ্চলিকতাবাদত বিশ্বাসী সকলৰ আগমণক দললৈ আদৰণি জনোৱা হ’ব ৷ দলটোৱে বৰ বেয়া দিন পাৰ কৰি আহিছে ৷ অতি কষ্টৰে দলটোক এই পৰ্যায় পোৱাত শুভাকাংক্ষীসকলৰ সহযোগিতা আছে বুলি উল্লেখ কৰে অগপৰ সভাপতিগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে আছুকে ধৰি বহু দল-সংগঠনৰ নেতা-কৰ্মীয়ে সোমবাৰে অগপত যোগদানৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে ৷ সোমবাৰে অগপত যোগদান কৰিব পাৰে শতাধিক আছু কৰ্মীয়ে ৷ গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা মাঘ বিহুৰ উৰুকাৰ পৰম্পৰাগত ভোজলৈ মন্ত্ৰী-বিধায়কক নিমন্ত্ৰণ জনোৱাৰ কাৰ্যত ক্ষোভিত হৈ গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকক অপসাৰণ কৰাৰ পাছতে বহু ছাত্ৰ কৰ্মীয়ে আছুৰ পৰা পদত্যাগ কৰিছিল ৷

সদ্য পদত্যাগী এই সকল শতাধিক প্ৰাক্তন আছু কৰ্মীয়ে সোমবাৰে গোলাঘাটত অসম গণ পৰিষদ দলত যোগদান কৰাৰ সম্ভাৱনাৰ ইংগিত দিয়ে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ আছুৰ পৰা অপসাৰিত আৰু পদত্যাগী কিমান সংখ্যকে অসম গণ পৰিষদত যোগদান কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নত- "কালিলৈ আপোনালোকক গোলাঘাটত লগ পাম" বুলি বিষয়ৰ পৰা ফালৰি কাটে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিশাল পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.