ETV Bharat / politics

জাতিৰ প্ৰতি সৰ্ববৃহৎ ভাবুকি হিমন্ত বিশ্ব শৰ্মা নিজেই : লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:44 PM IST

Lurinjyoti Gogoi on Himanta Biswa Sarma : মুখ্যমন্ত্ৰী বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া অজাপৰ সভাপতিৰ । সমস্যাৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ মুখ্যমন্ত্ৰীয়ে মেৰুকৰণৰ ৰাজনীতি কৰিছে । অসম চুক্তি ৰূপায়ন নকৰা কাৰণেই জাতিৰ প্ৰতি নামিছে ভাবুকি । ৰাজ্যলৈ যদি জীৱন মৰণৰ সমস্যা আহিছে তেন্তে তাৰ বাবে মুখ্যমন্ত্ৰী নিজেই দায়ী । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থাকিলে অসমৰ সমস্য সমাধান নহয় ।

Lurinjyoti Gogoi on Himanta Biswa Sarma
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্য়োতি গগৈ (ETV Bharat Assam)

গুৱাহাটী, ২১ জুলাই : ‘‘ শেহতীয়া লোকসভা নিৰ্বাচনত বিজেপিবিৰোধী ঢৌ দেখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে আৰু আগন্তুক উপ-নিৰ্বাচন তথা পৰৱৰ্তী বিধানসভা নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি মেৰু বিভাজনৰ উদ্দেশ্যে সাম্প্ৰদায়িক বক্তব্যৰে অসমৰ বতাহ কলুষিত কৰিছে ৷’’- এই বক্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত অজাপৰ সভাপতিগৰাকীয়ে কয় যে ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ পৰা ৰাইজ তথা সংবাদ মাধ্যমৰ দৃষ্টি আঁতৰাবলৈ মুখ্যমন্ত্ৰীয়ে সততে আগবঢ়োৱা সংগতিবিহীন বক্তব্যৰ অংশ হিচাপে শেহতীয়া বক্তব্যটো প্ৰদান কৰিছে ৷ তেওঁ কয় যে এইটো কথাত কাৰো দ্বিমত নাই যে অসম চুক্তি ৰূপায়ন হ’লে, এন আৰ চি উন্নীতৰকণ হ'লে, বিদেশী বহিষ্কাৰ হ’লে আৰু বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন অনুসৰি স্থানীয় লোকৰ বাবে বিধানসভা-লোকসভা তথা নিগম নিকায় আৰু চাকৰিত আসন সংৰক্ষিত হ'লে অসমীয়া জাতি সুৰক্ষিত হ’ ব ৷ সেই কাৰণে বিজেপি দলে নিজেই বিগত আঢ়ৈ দশক ধৰি উক্ত দাবীসমূহ উত্থাপন কৰি আহিছে ।

তেওঁ কয় যে বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জাৰি কৰা নিৰ্বাচনী ইস্তাহাৰত উক্ত প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰাই নহয়, স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিজেপিৰ শীৰ্ষ নেতাসকলে অসংখ্য ৰাজহুৱা সভাত উক্ত প্ৰতিশ্ৰুতিসমূহ দিছিল । প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ১৬ মে’ৰ পিচত বিদেশীয়ে টালি-টোপোলা বান্ধি এই দেশৰ পৰা যাব লাগিব বুলিও হুংকাৰ দিছিল । পূৰ্বৰ চৰকাৰসমূহে এই বিষয়সমূহ সমাধান নকৰাৰ বাবেই বিজেপিৰ প্ৰতিশ্ৰুতিত বিশ্বাস কৰি ৰাইজে বিজেপিক ভোট দিছিল ৷ কিন্তু ক্ষমতালৈ অহাৰ পিত আটাইকেইটা প্ৰতিশ্ৰুতিলৈ পিঠি দিলে বিজেপিয়ে ৷ বিগত দহ বছৰীয়া শাসনকালত উক্ত বিষয়সমূহ বিজেপিৰ চৰকাৰে সমাধান কৰা হ’লে এই ‘জীৱন মৰণৰ সমস্যা’টোৰ উদ্ভৱ নহ’লহেঁতেন বুলি তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই ডাঙৰ সমস্যা বুলি মন্তব্য কৰি তেওঁ কয় যে ড৹ শৰ্মা ২০০২ চনৰে পৰা অসমৰ সৰ্বময় কৰ্তা হৈছে । জাতিৰ প্ৰতি সৰ্ববৃহৎ ভাবুকি হিমন্ত বিশ্ব শৰ্মা নিজেই বুলি মন্তব্য কৰি প্ৰয়াত তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত তেৱেঁই অঘোষিত মুখ্যমন্ত্ৰী আছিল বুলি কয় লুৰীণজ্যোতি গগৈয়ে ৷ সৰ্বানন্দ সোণোৱালৰ পাঁচ বছৰীয়া কাৰ্যকালতো ড৹ শৰ্মা দ্বিতীয় সৰ্বাধিনায়ক আছিল আৰু এতিয়া তেখেত ৰাজ্যৰ মুখ্যমন্ত্ৰী । এনে অৱস্থাত ৰাজ্যলৈ যদি জীৱন মৰণৰ সমস্যা আহিছে, তেতিয়াহ'লে তাৰ বাবে তেখেত নিজেই দায়ী । তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা নিজে দীৰ্ঘকালৰ অসমচুক্তি ৰূপায়ন দপ্তৰৰ মন্ত্ৰী আছিল । অসমচুক্তি ৰূপায়ন আৰু এন আৰ চি উন্নীতকৰণ সম্পৰ্কীয় যোৱা দুই দশকত যিমান কেবিনেট কমিটী গঠন হৈছে সকলোতে হিমন্ত বিশ্ব শৰ্মা সদস্য আছিল । বিগত দহ বছৰ ধৰি কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছে আৰু ড৹ শৰ্মা বিজেপি দলৰ এজন ডাঙৰ নেতা । অসমতো বিগত প্ৰায় ৮ বছৰে বিজেপিৰে চৰকাৰ । তেনে অৱস্থাত অসমলৈ যদি ডাঙৰ বিপদ আহিছে তেনেহ'লে সেই বিপদ অহাৰ বাবে দায়ী মুখ্যমন্ত্ৰী নিজেই বুলি তেওঁ মন্তব্য কৰে ।

জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নেৰে ৰাজ্যৰ জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰা হ'ব বুলি পূৰ্বে একাধিকবাৰ ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উক্ত আইন কিয় ৰূপায়ন কৰা নাই বুলি প্ৰশ্ন কৰি তেওঁ কয় যে 'কা' প্ৰৱৰ্তনেৰে অসমত বিদেশীয়ে নাগৰিকত্ব গ্ৰহণৰ পথ ড৹ শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলেই মুকলি কৰিলে । দহ বছৰীয়া শাসন কালত বিজেপিৰ চৰকাৰে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ব্যৱস্থা নল'লে, সীমান্ত ছীল নকৰিলে । আচলতে ৰাজ্যৰ জ্বলন্ত সমস্যা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব নোৱৰাৰ ফলত বিজেপি দল ৰাইজৰ ৰোষত পৰাৰ কথা উপলব্ধি কৰি মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিভেদৰ জৰিয়তে মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ তথা ৰাজ্যৰ বাহিৰলৈ গৈ নতুন নতুন বিতৰ্ক সৃষ্টিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ কৌশল হিচাপে উক্ত মন্তব্য আগবঢ়াই নিজৰ চৰকাৰ আৰু নিজ দলৰে ব্যৰ্থতা উদঙাই দিছে বুলি তেওঁ মন্তব্য কৰে ।

ৰাজ্যলৈ বিপদ আহিলে সেয়া শাসক-বিৰোধী নিৰ্বিশেষে সকলোৱে একেলগে মিলি নিবাৰণ কৰাটো সকলোৰে দায়িত্ব । তেনে বিপদ সন্দৰ্ভত শাসক-বিৰোধী উভয় পক্ষৰ দল-সংগঠনক লৈ আলোচনাত বহি সকলোৰে সহমতৰ ভিত্তিত সমাধান সূত্ৰ উলিওৱাটো উচিত আছিল । তাৰ হকে চৰকাৰে যোগাত্মক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিল । কিন্তু তাকে নকৰি দুদিন পিচে পিচে ৰাজ্যৰ বাহিৰলৈ গৈ সংবাদ মাধ্যমৰ আগত বক্তব্য দি অন্য ৰাজ্য তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থাকিলে অসমৰ সমস্য সমাধান নহয় বুলি কয় লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : মুছলমানৰ সংখ্যা বৃদ্ধিৰ প্ৰসংগক লৈ পুনৰ যুক্তি প্ৰদৰ্শন মুখ্যমন্ত্রীৰ

লগতে পঢ়ক : মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীয়ে গোকাট মিছা কৈছে : ৰিপুণ বৰা

লগতে পঢ়ক : অহংকাৰ কৰিলে পতন অনিবাৰ্য : বিৰোধীক ঐক্যবদ্ধ হৈ থকাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.