ETV Bharat / politics

ভোটযুদ্ধ LIVE : শান্তিপূৰ্ণভাৱে সামৰণি পৰিল ভোটগ্ৰহণ, 5 বজালৈ ভোটদানৰ সামগ্ৰিক হাৰ 74.86 % - Lok Sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 7:04 AM IST

Updated : May 7, 2024, 5:51 PM IST

Lok Sabha Elections 2024
তৃতীয় পৰ্যায়ত অসমৰ চাৰিটা সমষ্টিৰ শেহতীয়া খবৰ LIVE

17:42 May 07

সন্ধিয়া 5 বজালৈকে সমষ্টিভিত্তিক অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ 74.86 %

  • গুৱাহাটী 67.68 %
  • ধুবুৰী 79.70 %
  • কোকৰাঝাৰ 74.24 %
  • বৰপেটা 76.20 %

16:07 May 07

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁও হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ২২৪ নং খণ্ডত উপস্থিত হৈ তেওঁৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।‌ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলেও একেলগে এই কেন্দ্ৰটোতে ভোটাধিকাৰ সাব্যস্ত কৰে । সাধাৰণ‌ ভোটাৰৰ লগতে শাৰী পাতি ড৹ শৰ্মাই ভোটদান কৰে ।

15:36 May 07

দিনৰ 3 বজালৈকে সমষ্টিভিত্তিক অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ 63.08 %

  • গুৱাহাটী 57.46 %
  • ধুবুৰী 65.51 %
  • কোকৰাঝাৰ 63.64 %
  • বৰপেটা 65.20 %

14:10 May 07

নলবাৰীত ভোটাধিকাৰ সাব্যস্ত সাংসদ দিলীপ শইকীয়াৰ ৷ সাংসদ গৰাকীয়ে 36নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 262 পূৰ্ণ কামদেৱ বালিকা প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে ৷

13:41 May 07

ভোটাধিকাৰ সাব্যস্ত কৰিলে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী, বৰষাৰাণী বিষয়া, আঙুৰলতা ডেকা, জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শর্মাকে ধৰি বহু কেইগৰাকী শিল্পীয়ে । ভোটদান সাব্যস্ত কৰি অভিনেত্ৰী নিশিতা গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়, "ভোটদান আমাৰ গণতন্ত্ৰৰ আটাইকেইটা ডাঙৰ অধিকাৰ । সেয়ে সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে" ।

13:32 May 07

দিনৰ 1 বজালৈকে সমষ্টিভিত্তিক অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ 45.88 %

  • গুৱাহাটী 42.13 %
  • ধুবুৰী 47.73 %
  • কোকৰাঝাৰ 46.43 %
  • বৰপেটা 46.83 %

12:58 May 07

এইবাৰ নিৰ্বাচন আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ- এই মন্তব্য বিধায়ক অখিল গগৈৰ । গুৱাহাটীৰ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি অখিল গগৈয়ে সকলোকে সচেতন হৈ ভাবি চিন্তি ভোটদান কৰিবলৈ আহ্বান জনায় ।

12:39 May 07

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাতা আশ্ৰাবাৰীৰ ৯৪৫ নং বাঁশবাৰী এল পি স্কুলৰ ১০৬ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ ৷ বৰগয়াৰীয়ে সংবাদ মাধ্যমক জনায় যে, ৭০% শতাংশ ভোট লাভ কৰিব বিপিএফ দলে ।

12:23 May 07

প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী ৷ পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পত্নীৰ সৈতে ভোটদান কৰিলে চানমাৰিৰ পি এইচ ইত ৷ ভোটদান কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, বৰপেটা সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব ৷

11:42 May 07

পুৱা 11 বজালৈকে সমষ্টিভিত্তিক অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ 27.34 %

  • গুৱাহাটী 26.25 %
  • ধুবুৰী 27.77 %
  • কোকৰাঝাৰ 28.28 %
  • বৰপেটা 27.19 %

10:52 May 07

Lok Sabha Elections 2024 : 9 বজালৈকে অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ 10.12% ৷ সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৷

সৰভোগত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৷ সৰভোগৰ উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে তালুকদাৰে ৷ প্ৰতিকুল বতৰৰ মাজতো ভোটাৰসকলক ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় চি পি আই এমৰ প্ৰাৰ্থীগৰাকীয়ে ৷ তেতিয়াহে ভোটৰ পৰিমাণ ভাল হ’ব বুলি কয় তালুকদাৰে ৷

09:35 May 07

পুৱা 9 বজালৈকে সমষ্টিভিত্তিক অসমৰ সামগ্ৰিক ভোটদানৰ হাৰ 10.12%

  • গুৱাহাটী 10.38%
  • ধুবুৰী 10.75%
  • কোকৰাঝাৰ 9.77%
  • বৰপেটা 9.26%

09:14 May 07

গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ ১৭২ নং শ্ৰী সূৰ্যগিৰি এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল । পুৱাৰে পৰা আৰম্ভ হৈছিল ভোট গ্ৰহণ প্ৰক্ৰিয়া ১৪৯ টা ভোট গ্ৰহণ পাচতে হঠাৎ বিকল হৈ পৰে ইভিএম । প্ৰায় আধা ঘন্টা পাচত নতুন ইভিএম লৈ নিৰ্বাচনী বিষয়া উপস্থিত হয় ভোটগ্ৰহণ কেন্দ্ৰত ।

08:03 May 07

প্ৰতিকুল বতৰকো নেওচি পুৱা ৭ বজাৰে পৰা ভোটকেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী । ইফালে পুৱা ৭.৩০ বজাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হ’ল গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ । ৩৩ নং দিছপুৰ সমষ্টিৰ ৮২ ক নং নৰবমা এল পি স্কুল ভোটকেন্দ্ৰত শাৰী পাটি নিজৰ জীয়ৰীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷

বতৰ বেয়া যদিও ছাটি লৈ হ’লেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বোটাৰ ৰাইজক আহ্বান মীৰা বৰঠাকুৰৰ ৷

06:33 May 07

পুৱা 7 বজাৰ লগে লগে দেশৰ 13 খন ৰাজ্যৰ 94 টা সমষ্টিত আৰম্ভ হৈছে ভোটযুদ্ধ ৷ দেশৰ 13 ৰাজ্যৰ লগতে অসমৰ 4টা সমষ্টিটো পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

অসমৰ 4 টা সমষ্টি ৰ মুঠ 81,49,091 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিব বিয়লি 5 বজাত ৷ আজি অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 4 টা সমষ্টি হৈছে -

  • গুৱাহাটী
  • ধুবুৰী
  • কোকৰাঝাৰ
  • বৰপেটা

Last Updated : May 7, 2024, 5:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.