ETV Bharat / politics

আৰম্ভ হ’ল ভোটগণনা: কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 7:49 AM IST

Updated : Jun 4, 2024, 8:05 AM IST

Counting of Votes : লোকসভা নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব । ভোটগণনাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে । দেশত সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বহু ৰথী-মহাৰথীয়ে মাৰিব শেষ হাঁহি, বহুতৰে হ’ব স্বপ্নভংগ ৷ চাওক সবিশেষ...

Etv Bharat
Etv Bharat (Etv Bharat)

নেশ্যনেল ডেস্ক, 4 জুন : আজি বহু প্ৰত্যাশিত মঙলবাৰ ৷ আজিৰ দিনটোতে ভৱিষ্যত নিৰ্ধাৰণ হ’ব দেশৰ ৰাজনৈতিক ৰথী-মহাৰথীৰ ৷ সকলোৰে লক্ষ্য দিল্লীৰ মচনদ দখলত ৷ পিছে শেষ হাঁহি মাৰিব কোনে?

ইতিমধ্যে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই পুৱা 8 বজাৰে পৰা দেশজুৰি আৰম্ভ হ’ব লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ তাৰবাবে সম্পূৰ্ণ হৈছে যাৱতীয় সকলো ব্যৱস্থা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে যদিও কেন্দ্ৰত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক শক্তি(এন ডি এ) ক ক্ষমতাৰ পৰা আঁতৰাবলৈ বহু পৰিমাণে আশাবাদী হৈ উঠিছে বিৰোধী পক্ষ ৷

লগতে পঢ়ক: কাৰ ভাগ্য উদয়ত সহায় কৰিব মঙলে ? ৰাজ্যৰ 52 টা কেন্দ্ৰত নিৰ্ণয় হ’ব 143 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ - LOK SABHA ELECTION RESULTS 2024

ভাৰতীয় নিৰ্বাচন আয়োগে ভোটগণনাৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৷ তদুপৰি প্ৰতিটো কেন্দ্ৰতে ব্যৱস্থা কৰিছে তিনি তৰপীয়া নিৰাপত্তাৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, ভোটগণনাৰ সময়ত দেশৰ দৃষ্টি আৱদ্ধ থাকিব উত্তৰ প্ৰদেশত ৷ য’ৰ পৰা দেশৰ ভিতৰতে সৰ্বাধিক 80 গৰাকী সাংসদ নিৰ্বাচিত হয় ৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, ৰাজ্যখনৰ 75 খন জিলাৰ 81 টা কেন্দ্ৰত গণনা অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত ৰাজ্যখনত শোভাযাত্ৰা বাহিৰ কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগে জাৰি কৰিছে নিষেধাজ্ঞা ৷

লগতে পঢ়ক: ৪ জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ ? - LOK SABHA ELECTION RESULTS 2024

মহাৰাষ্ট্ৰত 289 টা কেন্দ্ৰৰ 4,309 খন টেবুলত অনুষ্ঠিত হ’ব ভোটগণনা ৷ এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব 14,507 জন কৰ্মচাৰীয়ে ৷ মহাৰাষ্ট্ৰৰ পৰা দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক 48 গৰাকী সাংসদ নিৰ্বাচিত কৰা হয় ৷

তেলেংগানাৰ 17 টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু হৈছে প্ৰায় 10,000 কৰ্মচাৰী ৷ ভোটগণনা অনুষ্ঠিত হ'ব 34 টা কেন্দ্ৰত ।

লগতে পঢ়ক: কাউণ্ট ডাউন আৰম্ভ : নিৰ্ণয় হ'ব ১৪৩ প্ৰাৰ্থীৰ ভাগ্য; কি আছিল ২০১৯ৰ প্ৰেক্ষাপট - Lok Sabha Election 2024

কেৰালাত 20 টা কেন্দ্ৰত ভোটগণনা অনুষ্ঠিত হ'ব ৷ প্ৰশাসনে উত্তৰ কেৰালাৰ কোজিকোড আৰু ভাদাকাৰা লোকসভা সমষ্টিৰ ভোটগণনা কেন্দ্ৰত জাৰি কৰিছে কিছু নিৰ্দেশনা । আনহাতে, ওড়িশাৰ 70 টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই ভোটগণনা ।

অন্ধ্ৰপ্ৰদেশত চাবলৈ গ’লে সমগ্ৰ ৰাজ্যৰ 33 টা স্থানত স্থাপন কৰা হৈছে ভোটগণনা কেন্দ্ৰ ৷ ইয়াৰে 401 টা কেন্দ্ৰৰ 2,443 খন টেবুলত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ বিপৰীতে 2,446 খনকৈ টেবুলত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷ সমান্তৰালকৈ তামিলনাডুতো 39 খন আসনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ পুডুচেৰীত আছে মাত্ৰ এখন আসন ৷

লগতে পঢ়ক: কোনে মাৰিব শেষ হাঁহি ? কি বিচাৰে গুৱাহাটীৰ সাধাৰণ জনতাই ? - LOK SABHA ELECTION RESULTS 2024

একেদৰে গুজৰাটৰ 26 টা কেন্দ্ৰত, মিজোৰামৰ 23 টা কেন্দ্ৰত, পশ্চিমবংগত 55 টা, বিহাৰত 36 টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগণনা ।

হাৰিয়ানাৰ 10 খন লোকসভা আসনৰ বাবে ভোটগণনা 91 টা কেন্দ্ৰত অনুষ্ঠিত হ'ব । শান্তিপূৰ্ণভাৱে ভোটগণনা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে মোতায়েন কৰা হৈছে 10,000 ত কৈও অধিক আৰক্ষী-নিৰাপত্তাৰক্ষী ৷

লগতে পঢ়ক: ভোটগণনাৰ ফলাফলৰ বাবে সাজু কংগ্ৰেছ : যিকোনো বিসংগতি বা চক্ৰান্তৰ ওপৰত চকু ৰাখিবলৈ দলীয় কৰ্মীক নিৰ্দেশ - Lok Sabha Election Results 2024

আনহাতে, উত্তৰাখণ্ডৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া বিজয় কুমাৰ যোগদাণ্ডে ভোটগণনাৰ সন্দৰ্ভত কয় যে, সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত নজৰ ৰাখিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰিছে 27 জন পৰ্যবেক্ষক ৷ তদুপৰি প্ৰতিটো কেন্দ্ৰতে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত অসমত আছে মুঠ 52 টা ভোটগণনা কেন্দ্ৰ ৷ অসমত 14 খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল 143 গৰাকী প্ৰাৰ্থীয়ে ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

Last Updated : Jun 4, 2024, 8:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.