ETV Bharat / politics

কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা : বৃহৎ অগ্ৰগতি অমৃতপাল সিঙৰ - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 3:41 PM IST

Lok Sabha Election Results 2024: সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল সিং । কাৰাগাৰৰ পৰাই পাঞ্জাবৰ খাদুৰ চাহিব আসনৰ পৰা সিঙে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ সিং প্ৰায় ৫০ হাজাৰৰ ভোটত অগ্ৰগতি লাভ কৰিছে ।

Lok Sabha Election Results 2024
বৃহৎ অগ্ৰগতি অমৃতপাল সিঙৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,৪ জুন : লোকসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে । ইতিমধ্যে ভোটগণনাৰ শেহতীয়া প্ৰৱণতাই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে । তাৰ মাজতে চৰ্চাত আছে কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিং । শেহতীয়া প্ৰৱণতা অনুসৰি পাঞ্জাবৰ খাদুৰ চাহিব আসনৰ পৰা অমৃতপাল সিঙে ৫০,৪০৫ টা ভোটত আগবাঢ়ি আছে । সমষ্টিটোত অমৃতপাল সিং নিৰ্দলীয় প্ৰাৰ্থী । আনহাতে কংগ্ৰেছ নেতা কুলবীৰ সিং জিৰা পিছ পৰি আছে । একেদৰে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী ৫১,৩২৮ টা ভোটত পিছ পৰি আছে ।

লগতে পঢ়ক :ক্ৰমাৎ আকৰ্ষণীয় অসমৰ নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট : ধুবুৰীত পিছ পৰিছে বদৰুদ্দিন আজমল, যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

উল্লেখ্য যে খালিস্তানপন্থী নেতাজনক যোৱা বছৰ এপ্ৰিলত পাঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । এমাহৰো অধিক সময় ধৰি পলায়ন কৰি থকাৰ পিচত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

খাদুৰ চাহিব আসনখনৰ পৰা ২০১৯ চনত কংগ্ৰেছৰ জছবীৰ সিং গিল জয়ী হৈছিল । কংগ্ৰেছে এইবাৰ কুলদীপ সিং জিৰাক আসনখনৰ বাবে মনোনীত কৰিছে আনহাতে বিজেপিৰ পৰা মনজিৎ সিং মান্নাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ললজিৎ সিং ভুল্লাৰে আপক প্ৰতিনিধিত্ব কৰিছে আৰু অকালি দলক বীৰচা সিং ভালতোহাই প্ৰতিনিধিত্ব কৰিছে । পাঞ্জাবৰ ১৩ খন লোকসভা আসনৰ বাবে ভোটদান ১ জুনত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত অনুষ্ঠিত হৈছিল । ইফালে, প্ৰাৰম্ভিক প্ৰৱণতা অনুসৰি কেৰালাৰ ৱায়ানাড় আৰু উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ দুয়োখন লোকসভা আসনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আগবাঢ়ি আছে ।

ইফালে অন্ধ্ৰ প্ৰদেশৰ ১৭৫ টা বিধানসভা সমষ্টি আৰু ওড়িশাৰ ১৪৭ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ভোটগণনাও অব্যাহত আছে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.