ETV Bharat / politics

মোক কোনো পদবী নালাগে, দুবছৰ অসমত মোক এৰি দিয়ক: কিয় ক’লে গৌৰৱ গগৈয়ে ? - Gaurav Gogoi on Congress victory - GAURAV GOGOI ON CONGRESS VICTORY

Gaurav Gogoi in Rajiv Bhawan: এতিয়া সম্বৰ্ধনা-শুভেচ্ছা লৈ এলেহুৱা হ’লে নহ’ব, সমুখত পঞ্চায়ত নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পৰা পোৱা ফলাফলসমূহ নিৰীক্ষণ কৰি আগুৱাই যাব লাগিব এই নিৰ্বাচনত ৷ ৰাজীৱ ভৱনত এইদৰে মন্তব্য কৰিলে গৌৰৱ গগৈয়ে ৷ অহা দুবছৰ অসমৰ বাবে কাম কৰাৰো ইচ্ছা প্ৰকাশ যুৱ নেতাগৰাকীৰ ৷

Gaurav Gogoi
Gaurav Gogoi on Congress victory (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 6:05 PM IST

গুৱাহাটী, ৭ জুন: ‘‘বিগত সময়ত দলে বিভিন্ন দায়িত্ব দিয়াৰ বাবে অসমৰ হৈ কাম কৰিব পৰা নাই । গতিকে এইবাৰ মই দলীয় নেতৃত্বক অনুৰোধ জনাইছো যে মোক কোনো পদবী নালাগে । সাংসদ হ'লেও মই দুবছৰ অসমত সেৱা কৰিব বিচাৰো । অসম কংগ্ৰেছৰ হৈ কাম কৰিব বিচাৰো ।’’ এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ ।

ৰাজীৱ ভৱনত গৌৰৱ গগৈ (ETV Bharat Assam)

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ তিনিগৰাকী নৱ-নিৰ্বাচিত সাংসদক বিপুল আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত তেওঁ বিগত সময়ত দলৰ গধূৰ দায়িত্বৰ বাবে অসম কংগ্ৰেছৰ হৈ কাম কৰিব নোৱৰাৰ বাবে এনেদৰে আক্ষেপ প্ৰকাশ কৰে । গৌৰৱ গগৈয়ে কয় যে তেওঁক কোনো ধৰণৰ পদবী আৰু নালাগে । আগন্তুক দুটা বছৰ তেওঁ অসমখনক সময় দিব বিচাৰে ৷ অসমৰ ৰাইজে যি দিছে তাৰ পাচত আৰু কোনো পদবী নালাগে । বিজেপিৰ শাসনত অসমৰ ৰাইজ শংকাত আছে বুলি সদৰী কৰি গগৈয়ে কয় যে তেওঁ অসমৰ হৈ কাম কৰিব বিচাৰে ।

লগতে পঢ়ক: ৰাজীৱ ভৱনত বিজয় উৎসৱ : নৱ-নিৰ্বাচিত তিনি সাংসদক বিপুল সম্বৰ্ধনা - APCC victory celebration

আনহাতে বিজয় উৎসৱৰ নামত কেৱল আনন্দ-ফুৰ্তি কৰি থাকিলে নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে আৰু বিধানসভা নিৰ্বাচনলৈও মাত্ৰ দুবছৰ আছে । অসমৰ ৰাইজে বিচৰা ধৰণে কাম কৰিব লাগিব বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে শান্তিৰ অসম বিচাৰিলে আৰু কাম কৰিবলগীয়া আছে ।

তেওঁ লগতে কয়, ‘‘মোৰ বাবে নিৰ্বাচন শেষ হোৱা নাই । ছেমি ফাইনেল গৈছে আৰু দুবছৰ পাচত ফাইনেল আছে । গতিকে বহি থাকিলে নহ'ব । বহুত কাম আছে । আনন্দৰ নামত বেছি জিৰণি ল'ব নালাগে । এলাহ কৰিব নালাগে । ভৱিষ্যতলৈ চাব লাগিব ।’’

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ তিনি ৰাজ্যত কিয় খালী হাতে উভতিল বিজেপি ? - lok sabha election results 2024

ভাষণৰ আৰম্ভণিতে পিতৃ তৰুণ গগৈক স্মৰণ কৰি তেওঁ কয় যে পিতৃৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হোৱা যোৰহাটত তেওঁ ৰাইজৰ অভূতপূৰ্ব মৰম-আশীৰ্বাদ পালে । তাৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । অসমত এই ফলাফলে দলটোক শক্তি প্ৰদান কৰিছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে এই ফলাফল সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে বৃহৎ জয় । তেওঁ ধুবুৰীৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰে । গগৈয়ে কয় যে ৰাইজৰ বিবেক ভোটৰ বাবে এ আই ইউ ডি এফ নাইকিয়া হ'ল ।

আনহাতে যোৰহাটৰ ৰাইজে অভিভাৱকৰ দায়িত্ব পালন কৰিলে বুলি সদৰী কৰি তেওঁ কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে দায়িত্ব ল’লে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো নিশ্চিত । তেওঁ লগতে কয় যে কেৱল নিৰ্বাচিত তিনিজনকে নহয় 14 টা সমষ্টিৰ কংগ্ৰেছৰ প্ৰতিগৰাকী প্ৰাৰ্থীকে শুভেচ্ছা দিব লাগে । প্ৰত্যেকেই যথেষ্ট কষ্ট কৰিছে আৰু জোৰদাৰ যুঁজ দিছে । ‘‘তেওঁলোকক লৈ আমি গৌৰৱ কৰিছোঁ’’ বুলিও তেওঁ কয় ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.