ETV Bharat / politics

ৰাজ্যত এটা সপ্তাহত অপৰাধৰ কিমানটা ঘটনা সংঘটিত হ'ল: তথ্য সহকাৰে দিলে ৰিপুণ বৰাই - TMC slams Assam Govt

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 11:12 PM IST

Crime in Assam: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত দ্রুতগতিত আইন-শৃংখলাৰ অৱনতি ঘটিব ধৰিছে আৰু লাহে লাহে অসমত জংঘলৰাজ আৰম্ভ হ'ব ধৰিছে বুলি অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ । আৰক্ষীৰ লোকো সম্প্ৰতি অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈছে বুলি অভিযোগ কৰে তেওঁ ৷

ASSAM TMC PRESS MEET
ৰিপুণ বৰাৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 28 জুন : ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গৃহ বিভাগ ৷ এই অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ শুকুৰবাৰে দলৰ গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই কয় যে বিগত সাত দিনত ৰাজ্যত 25 টাৰো অধিক হত্যা, ধৰ্ষণ, লুণ্ঠনৰ দৰে অপৰাধৰ ঘটনা সংঘটিত হৈছে ৷ তেওঁ কয় যে আৰক্ষী ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হ'ব লাগিব ৷ বৰ্তমান সময়ত আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা নোহোৱা হৈছে ৷ আৰক্ষীৰ লোকো সম্প্ৰতি অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈছে ৷

ৰিপুণ বৰাৰ সংবাদমেল (ETV BHARAT ASSAM)

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত দ্ৰুতগতিত আইন-শৃংখলাৰ অৱনতি ঘটিব ধৰিছে আৰু লাহে লাহে অসমত জংঘলৰাজ আৰম্ভ হ'ব ধৰিছে ৷ সংবাদমেল যোগে ৰিপুণ বৰাই 20 জুনৰ পৰা 27 জুনলৈ অসমত হোৱা হত্যা, ধর্ষণ আদি অপৰাধ তথ্য সহকাৰে দাঙি ধৰে ৷ এক সপ্তাহতে যদি এনেদৰে অপৰাধ বৃদ্ধি পাই তেন্তে বিজেপি চৰকাৰৰ বাকী থকা আঢ়ৈ বছৰত অসমৰ আইন-শৃংখলাই কি ৰূপ ধাৰণ কৰিব সহজে অনুমান কৰিব পাৰি বুলি তেওঁ কয় ৷

ৰিপুণ বৰাই দিয়া তথ্য অনুসৰি সপ্তাহটোৰ অপৰাধৰ তালিকা-

  1. ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড ৷ মৃতদেহৰ ডি এন এ টেষ্টৰ পিচত মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি পোহৰলৈ আহিছে ৷ বৰ্তমানেও জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে বা সুনীল গগৈ সমগ্ৰ ঘটনাৰ লগত কিদৰে জড়িত সেই কথা এতিয়াও তদন্ততেই সীমাবদ্ধ ৷
  2. জালুকবাৰীত এটি 10 বছৰীয়া শিশুক যৌন নির্যাতন দিলীপ দাস নামৰ লোকজনৰ ৷
  3. লাওখোৱা অভয়াৰণ্যত ৰৌমাৰী বিলত মাছ মাৰিবলৈ যাওঁতেই দুই মাছমৰীয়া ভাতৃ আব্দুল জলিল আৰু ছমিৰ আলীক গুলিয়াই হত্যা বনৰক্ষীৰ ৷
  4. লাহোৱালত কনিষ্ঠ ভাতৃ অৰূপজ্যোতি দত্তৰ সহযোগত পিতৃ মনোজ দত্ত আৰু মাতৃ পল্লৱী দত্তই দাৰে ঘপিয়াই হত্যা কৰিলে জেষ্ঠ পুত্ৰ হীৰকজ্যোতি দত্তক ৷
  5. যোগীঘোপাত 13 বছৰীয়া ছাত্ৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ ৷ ইউনিফর্ম পিন্ধি থকা অৱস্থাতেই দুৰ্বৃত্তই হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ ৷
  6. কাছাৰত এনকাউন্টাৰঃ কাছাৰৰ লক্ষীপুৰত যুৱতী অপহৰণত অভিযুক্তৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা ৷
  7. গোৱালপাৰাৰ বগুৱানত বোৱাৰীক হত্যা কৰি পেলাই দিলে পুখুৰীত ৷
  8. হাজোৰ দামপুৰত 23 জুনৰ নিশা ৰাজপথৰ পৰা অপহৰণ কৰি যুৱকক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ দলৰ ৷ ৰক্তাক্ত অৱস্থাত পথাৰত উদ্ধাৰ আহত আলকাছ আলী ৷
  9. 22 জুনত ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক 5 যুৱকৰ দলবদ্ধধর্ষণ ৷
  10. শিৱসাগৰ জিলা সদৰ থানাৰ সমীপতে মোবাইল ফোন চুৰিক কেন্দ্ৰ কৰি গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা ৷ উন্মাদ আক্ৰমণত নিহত পালু গোৱালা ৷ মৃত্যুৰ সৈতে যুঁজ দিছে নির্যাতনত আহত দাদু ওৰাঙে ৷
  11. সুৰাৰ নিচাত মত্ত হৈ কোকৰাঝাৰ জিলাৰ নিউ আমগুৰিত বন্ধু বগা বসুমতাৰীয়ে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিলে নিজৰে বন্ধু দেহাছাৎ বসুমতাৰীক ৷
  12. গুৱাহাটীৰ কাহিলীপাৰাৰ ভাড়াঘৰত দুই সন্তানৰ সন্মুখতে মাতৃয়ে প্ৰেমিক তথা বিজেপি নেতা অৰূপ দাসৰ সৈতে মিলি স্বামী তথা চি আৰ পি এফৰ জোৱান দিতুমনি হালৈক হত্যা কৰে ৷ অভিযুক্ত পত্নী তথা দুটি সন্তানৰ মাতৃৰ নাম হীৰামণি হালৈ ৷
  13. মাজবাটৰ পিছত ঢেকীয়াজুলিৰ অৰুণ চাহবাগিছাত টিউচনৰ পৰা উভতি অহা দশম শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ চহিদুল আলী নামৰ লোকজনৰ ৷
  14. হোজাই জিলাৰ ডবকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ ৷ পিতৃ পৰিয়ালৰ হত্যাৰ অভিযোগ ৷
  15. কোকৰাঝাৰৰ হাতীমাঘাত ড্ৰাগছ ক্ৰয়ৰ বাবে ধন নোপোৱাৰ বাবেই মাতৃক হত্যা কৰিলে অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ পুত্ৰ পদ্মপাণি ব্ৰহ্মই ৷
  16. সৰ্থেবাৰীৰ এৰাগাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ মৃত মহিলাগৰাকী এৰাগাঁৱৰ প্ৰণৱ দাসৰ পত্নী দীপাঞ্জলী দাস ৷
  17. গোলাঘাটৰ কলেজ তিনিআলিত অগ্নিদগ্ধ হৈ এগৰাকী বোৱাৰীৰ মৃত্যু ৷ বোৱাৰীগৰাকী গোলাঘাটৰ কলেজ তিনিআলিস্থিত নিৰঞ্জন বৰ্মনৰ পত্নী পৰিস্মিতা দাস ৷
  18. কোকৰাঝাৰত বেংকত এল আই চিৰ ধন জমা দিবলৈ যাওঁতেই দুৰ্বৃত্তই লুটি নিলে প্ৰায় 34 লাখ টকা ৷
  19. বশিষ্ঠত ৰক্ষকেই ভক্ষকৰ ৰূপত ৷ তিনি সুৰামত্ত আৰক্ষী বিষয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ভৰি ভাঙিলে মানসিকভাৱে বাধাগ্ৰস্ত যুৱকৰ ভৰি ৷ মহিলাসহ মুঠ চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত সুৰামত্ত আৰক্ষীৰ নিৰ্মম অত্যাচাৰত ৷
  20. বঙাইগাঁৱত বাইকত অহা দুই পিষ্টলধাৰী দুৰ্বৃত্তই কাশীডোবাৰ তিনিআলি চ'কত দিন দুপৰতে গুলিয়াই হত্যা কৰিলে চিপনশিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসক ৷
  21. মৰিয়নীত পত্নীৰ দাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ ৷
  22. নলবাৰীৰ দাহুদীত পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনত অতীষ্ঠ মহিলাৰ জুই লগাই আত্মহননৰ চেষ্টা ৷
  23. মানকাছাৰত একেদিনাই উদ্ধাৰ দুগৰাকী বোৱাৰীৰ মৃতদেহ ৷

তদুপৰি তেওঁ কয় যে, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চিচি কেমেৰা থকা সত্ত্বেও মটৰবাইকত অহা যুৱকে চিলনী চোৰৰ দৰে মহিলাৰ অলংকাৰ, বেগ থাপ মাৰি নিয়া ঘটনা নিত্যনৈমিত্তিক হ'ব ধৰিছে ৷ এন চি আৰ বিৰ 2022-23 চনৰ প্ৰতিবেদনত অসমত মহিলা নির্যাতন সম্পৰ্কীয় অপৰাধ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক হোৱাৰ লগতে 2024 চনৰ প্ৰতিবেদনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অপৰাধ সংক্ৰান্তত অসম 6 নং ৰাজ্য হিচাপে পৰিগণিত হৈছে ৷ এই তথ্যই প্ৰমাণ কৰে অসমৰ আইন-শৃংখলাৰ ফোঁপোলা স্বৰূপ ৷

সংবাদমেলত ৰিপুণ বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত আইন আৰু আৰক্ষীক নিজৰ গতিত চলিবলৈ নিদি ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ ফলত পুলিচৰ মনোবল ভাঙি পৰাৰ লগতে আইন-শৃংখলা সফলতাৰে ৰক্ষা কৰাত ঋণাত্মক প্ৰভাৱ পৰিছে ৷

এই সন্দৰ্ভত ৰিপুণ বৰাই দাঙি ধৰা তথ্য : বিগত বৰ্ষৰ 14 ডিচেম্বৰত যোৰহাট সেনা শিবিৰত আলফা স্বাধীনৰ দ্বাৰা গ্ৰেণেড নিক্ষেপ ঘটনাত যোৰহাটৰ দিপাংকৰ গগৈ নামৰ যুৱকজনক পুলিচে গ্ৰেপ্তাৰ কৰি উপৰ্যুপৰি জেৰা কৰিছিল আৰু যোৰহাট জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকে দিপাংকৰ গগৈক এই ঘটনাত জড়িত থকা বুলি সংবাদমেলত ঘোষণা কৰিছিল ৷ পৰৱৰ্তীকালত দিপাংকৰ গগৈয়ে পুলিচৰ শাৰীৰিক আৰু মানসিক আতিশয্য সহিব নোৱাৰি আত্মহত্যা কৰিছিল ৷

কিন্তু এই ঘটনা সন্দৰ্ভত শেহতীয়াভাৱে 'NIA'ই দিয়া অভিযোগনামাত আলফা নেতা ৰুমেল অসমসহ আন তিনিজনৰ নামহে আহিল ৷ দিপাংকৰ গগৈৰ নাম নাহিল ৷ আনহাতে বটদ্ৰৱাত মুখ্যমন্ত্ৰী তথা আন কোনো বিজেপি মন্ত্ৰীৰ মৌখিক নিৰ্দেশত আচামীৰ ঘৰ পুলিচে বুলডজাৰৰে ভাঙি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰি তিনি আৰক্ষী বিষয়া শাস্তিৰ সন্মুখীন হৈছে ৷ এতিয়া কিয় বিজেপি চৰকাৰে সেই তিনি আৰক্ষী বিষয়াক নিৰপত্তা দিব নোৱাৰিলে বুলি ৰিপুণ বৰাই প্ৰশ্ন কৰে ৷

লগতে পঢ়ক : খাহীৰ তেলেৰে মাহৰ দাইলৰ ভোজ খুৱাই ধমক খালে বৰ্ণালী ডেকাই : জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ - Cabinet Meeting in Nalbari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.