ETV Bharat / politics

বিৰোধীৰ ঐক্যমঞ্চত লাগিছে আউল ! যোৰহাটত প্ৰাৰ্থী দিব চিপিআইয়ে - Election 2024

CPI to contest in Jorhat LS : অসমৰ বিৰোধীৰ ঐক্যমঞ্চত বিপৰ্যয় অব্যাহত ৷ যোৰহাটত প্ৰাৰ্থী দিব চিপিআইয়ে । কাইলৈ চিপিআই নেতৃত্বৰ সৈতে আলোচনাত বহিব ভূপেন বৰা ।

যোৰহাটত প্ৰাৰ্থী দিব চিপিআইয়ে
যোৰহাটত প্ৰাৰ্থী দিব চিপিআইয়ে
author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:06 PM IST

গুৱাহাটী, ৭ মাৰ্চ : বিপৰ্যয়ে এৰা দিয়া নাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চক ৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চত প্ৰাপ্য সন্মান নোপোৱাৰ বাবে এইবাৰ কংগ্ৰেছৰ সংগ এৰিব বিৰোধী ঐক্যমঞ্চৰ সহযোগী দল চিপিআই (CPI)য়ে ৷ ৰাজ্যিক চিপিআই নেতৃত্বৰ সৈতে শুকুৰবাৰে বৈঠকত বহিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ নগাঁৱত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিলে যোৰহাটত প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত চিপিআইৰ ৷

নিজাকৈ যোৰহাটৰ লগতে আন দুটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব 'ইণ্ডিয়া’ৰ অন্যতম সহযোগী চিপিআইয়ে । চিপিআইৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই প্ৰসংগত সিদ্ধান্ত লোৱা বুলি অৱগত কৰিছে চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা দলটোৰ ৰাজ্যিক সহকাৰী সম্পাদকৰ দায়িত্বত থকা কণক গগৈয়ে ৷

অসমৰ বিৰোধী ঐক্যৰ পৰিস্থিতি এতিয়া সুচল হৈ থকা নাই । বিৰোধী ঐক্যত এটাৰ পিচত আন এটা মোক্ষম আঘাত ৷ প্ৰথমে আপে তিনিখন, তৃণমূল কংগ্ৰছে ৪ খন আসনত লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছিল ৷ কিন্তু পাচত ৰাজ্যৰ তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা চিপিআইৰ ৷ যোৰহাট, কাজিৰঙা, লখিমপুৰত প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত চিপিআইৰ ।

চিপিআইৰ দলীয় সূত্ৰ অনুসৰি যোৰহাট লোকসভা সমষ্টিত কণক গগৈ, লখিমপুৰত ধীৰেন কছাৰীক আৰু কাজিৰঙাত পৰমানন্দ দাসক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে বাওঁপন্থী দলটোৱে ৷ যোৰহাট আৰু মণিপুৰৰ এটা লোকসভা সমষ্টিত নিজা প্ৰাৰ্থিত্ব দিয়াৰ বাবে ইতিমধ্যে চিপিআইৰ ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত লোৱা বুলি ই-টিভি ভাৰতক জনাইছে দলটোৰ এগৰাকী ৰাজ্যিক নেতা কণক গগৈয়ে ।

অসমৰ বিৰোধীৰ ঐক্যমঞ্চত সহযোগী দল হিচাবে চিপিআইৰ আসনৰ ভাগ-বতৰা প্ৰসংগত কোনো ধৰণৰ আলোচনা কৰা নাই কংগ্ৰেছ নেতৃত্বই ৷ এই বিষয়টোতো যথেষ্ট ক্ষুন্ন চিপিআই । চিপিআই ৰাষ্ট্ৰীয় নেতৃত্বক ৰাজ্যিক নেতৃত্বই অৱগত কৰিছে । অৱশ্যে ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশৰ ওপৰতে বিষয়টো নিৰ্ভৰ কৰিব বুলি মন্তব্য যোৰহাট লোকসভাৰ চিপিআইৰ সাম্ভাব্য প্ৰাৰ্থী কণক গগৈৰ ।

বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ স্বাৰ্থত যোৰহাটত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিলে সমষ্টিটোত নিৰ্বাচন খেলিবলৈ ব্যক্তিগত ইচ্ছা নাই কণক গগৈৰ । কিন্তু যদিহে নগাঁৱৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলে তেন্তে যোৰহাট আসনখনৰ পৰা চিপিআইয়ে প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত বুলি সদৰী কৰিছে কণক গগৈয়ে ।

আনহাতে এই বিষয়টোত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভপেন বৰাই । শুকুৰবাৰে চিপিআইৰ ৰাজ্যিক নেতৃত্বৰ মুনীন মহন্ত আৰু যোৰহাটৰ সাম্ভাব্য প্ৰাৰ্থী কণক গগৈৰ সৈতে আলোচনাত বহিব ভূপেন বৰাসহ কংগ্ৰেছ নেতৃত্ব ৷

অহা ১৫ মার্চত আনুষ্ঠানিকভাৱে চিপিআইৰ ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ কথা ৷ তাৰ পূৰ্বে অসমত বিৰোধীৰ মিত্ৰজোঁটৰ অংশীদাৰ চিপিআইয়ে ৰাজ্যখনত নিজা প্ৰাৰ্থী দিবলৈ আগবঢ়োৱা বিষয়টোত তাৎপৰ্য বহন কৰিছে ৷ ভূপেন বৰাই চিপিআইৰ ৰাজ্যিক নেতৃত্বক সৈমান কৰিব পাৰিবনে নাই সেয়াও হ’ব মন কৰিবলগীয়া ।

লগতে পঢ়ক : কা বাতিলৰ দাবীত আমগুৰিত তীব্ৰ প্ৰতিবাদ, জি পি সিঙৰ ভূমিকাক সমালোচনা প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.