নেশ্যনেল ডেস্ক, 15 মে’: লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ দায়িত্বত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে পৰিভ্ৰমণ কৰে ওড়িশা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূৱনেশ্বৰত বিশেষ সম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰি বিৰোধী দল কংগ্ৰেছৰ বিপক্ষে সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷
মুখ্যমন্ত্ৰী শৰ্মাই ভাৰতীয় জনতা পাৰ্টি(বিজেপি) ৰ বিৰুদ্ধে উত্থাপিত সংবিধান পৰিৱৰ্তনৰ অভিযোগক একেমুখে নস্যাৎ কৰি কয় যে, বিজেপিয়ে সংবিধানৰ মতাদৰ্শৰ সৈতে সংগতি ৰক্ষা কৰি চৰকাৰ চলাই আছে ৷ ইয়াৰ বিপৰীতে সংবিধানক কংগ্ৰেছ দলেহে লঘু কৰিছে বুলি তেওঁ বিৰোধী দলটোক কঠোৰ সমালোচনা কৰে ৷
হিমন্ত বিশ্ব শৰ্মাই তেওঁ বক্তব্যত প্ৰকাশ কৰা কথাবোৰ সংবিধানৰ পৰিপন্থী নহয় বুলি প্ৰকাশ কৰে ৷ এয়া জনসাধাৰণৰ স্বাৰ্থত সংবিধানত লিপিবদ্ধ কথা বুলিহে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ৷
"আমাৰ সংবিধানে সম্পূৰ্ণ কাশ্মীৰক ভাৰতৰ ভূ-খণ্ডৰ অংশ হিচাপে স্বীকৃতি দিছে । আমাৰ সংবিধানে সেই দিনৰ চৰকাৰক গো হত্যাৰ বিৰুদ্ধে চলিবলৈ কৰ্তৃত্ব প্ৰদান কৰে । বিজেপিয়ে যিবোৰ মৌলিক নীতিৰ ওপৰত কাম কৰি আছে, সেই সকলোবোৰ আমাৰ সংবিধানত উল্লেখ কৰা হৈছে" বুলিও হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ দাবী উত্থাপন কৰি কয় ।
সেয়েহে বিজেপিয়ে সংবিধান সলনি কৰাৰ প্ৰয়োজন নাই বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
আনহাতে, কংগ্ৰেছক একপ্ৰকাৰ আক্ৰমণ কৰি শৰ্মাই কয়, "যেতিয়া কংগ্ৰেছৰ কথা আহে, তেওঁলোকে শ্বৰিয়াৰ প্ৰচাৰ কৰিব বিচাৰে । কংগ্ৰেছ দলে ধৰ্মৰ আধাৰত শ্ৰেণী সংৰক্ষণ কৰাৰ পোষকতা কৰে ৷ সেয়েহে তেওঁলোকে সংবিধান সলনি কৰিব লাগিব" বুলি বাৰে বাৰে দাবী কৰে ।
কিন্তু বিজেপিৰ মতাদৰ্শ সংবিধানৰ সৈতে সংযোজিত । কংগ্ৰেছৰ মতাদৰ্শ সংবিধানৰ বাবে বিদেশী ৷ সংবিধানৰ প্ৰতি আস্থা মাথো কংগ্ৰেছ দলৰহে নাই ৷ সেইবাবে যেতিয়াই সংবিধান সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে, তেতিয়াই কংগ্ৰেছে ফালৰি কটা বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ যি কাম বিজেপিয়ে কেতিয়াও কৰা নাই ৷
কংগ্ৰেছে সংৰক্ষণ বা সংবিধানৰ দৰে বিষয়ত বিজেপিক আক্ৰমণ কৰাটোৱে বিজেপিৰ নিৰ্বাচনী ৰণ জিকাৰ সম্ভাৱনাত প্ৰভাৱ পেলাইছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "মই ভাবো এইটোৱে আমাক কংগ্ৰেছ দলৰ সংবিধান অপব্যৱহাৰৰ বিষয়ত মুখ খোলাৰ এটা ভাল সুযোগ দিছে ৷ অন্যথা এই নিৰ্বাচনত আমি ধৰ্মৰ ওপৰত আধাৰিত সংৰক্ষণৰ বিষয়ত কোনো আলোচনা নকৰিলোহেঁতেন" বুলি মুখ্যমন্ত্ৰী শৰ্মাই কৌশলী মন্তব্য প্ৰদান কৰে ।
এই নিৰ্বাচনত বিজেপিয়ে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ত আলোচনা নকৰাৰ প্ৰসংগ টানি আনি হিমন্ত বিশ্ব শৰ্মাই কয় যে, যিহেতু কংগ্ৰেছে সংবিধানৰ বিষয়টো উত্থাপন কৰিছে, তাৰ উত্তৰ দিয়াতো প্ৰয়োজন ৷ পিছে কংগ্ৰেছৰ এই কৌশলে সহায় কৰিছে বিজেপিকহে ৷ কিয়নো এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে এই বিষয়ৰ ৷
সম্প্ৰতি এই বিতৰ্কৰ অন্ত পৰিছে ৷ লগতে অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি শ্ৰেণীৰ লোকসকলে কংগ্ৰেছে কিয় ধৰ্মৰ আধাৰত সংৰক্ষণ কৰাক লৈ নিৰ্বাচনী প্ৰচাৰ কৰিছে, তাক লৈ খড়্গহস্ত হৈ পৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷
আনহাতে, বিজেপিয়ে 400 খন আসন জিকিব বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিজেপিয়ে 400+ আসন লাভ কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷