ETV Bharat / politics

যুৱ প্ৰজন্মৰ যোগদানৰ যোগেদি এটা দল শক্তিশালী হয় : ভূপেন বৰা - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 7:35 PM IST

APCC Joining Programme : ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী। আম আদমি পাৰ্টীৰ শতাধিক যুৱ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান। ৯ আগষ্টত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। বিজেপি ত্যাগ কৰা জ্যেষ্ঠ নেতা অশোক শৰ্মা আৰু অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ব্ৰজেনজিৎ সিনহাৰ উপৰি ভালেসংখ্যক নেতাই যোগদান কৰিব কংগ্ৰেছ দলত।

ASSAM CONGRESS JOINING PROGRAMME
আপৰ শতাধিক যুৱ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান (ETV Bharat Assam)

গুৱাহাটী, 4 আগষ্ট : কংগ্ৰেছ দলত এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ উপৰিও বিভিন্ন সংগঠনৰ নেতা তথা ব্যক্তি বিশেষৰ আগমন অব্যাহত আছে ৷ 9 আগষ্টত কংগ্ৰেছৰ এক বিশাল যোগদান কাৰ্যসূচী আছে, য'ত বিজেপি ত্যাগ কৰা জ্যেষ্ঠ নেতা অশোক শৰ্মা আৰু অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ব্ৰজেনজিৎ সিনহাৰ উপৰিও ভালেসংখ্যক নেতাই কংগ্ৰেছ দলত যোগদান কৰিব ৷ যোগদানৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে দেওবাৰে কংগ্ৰেছ দলত আম আদমি পাৰ্টীৰ শতাধিক যুৱ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সকলোকে দললৈ আদৰণি জনায় ৷

গুৱাহাটীৰ ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী (ETV Bharat Assam)

ভাষণ প্ৰসংগত ভূপেন বৰাই কয় - 'অসম চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতি অসমীয়া জাতিটোৰ বাবে অতিকৈ ভয়ংকৰ আৰু চিন্তনীয় ৷ চৰকাৰখনে সম্পদ লীজত দিছে ৷ বিদ্যুতৰ বিল বাৰে বাৰে বৃদ্ধি কৰিবলগীয়া হৈছে ৷ ইফালে চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ লৈ এক লাখ কোটিৰ ঘৰ অতিক্ৰম কৰিলে ৷ ৰাজ্যখন ধাৰত পোত গৈ থকাৰ পাচতো চৰকাৰখনে ধাৰ লোৱাৰ চিন্তা কৰি আছে ৷ আনহাতে খৰচ কমাবলৈ নিৰামিষ খাম বুলি কৈ মুখ্যমন্ত্ৰীয়ে ভূমি পূজন লাইভ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ এফালে চৰকাৰ চলিব নোৱাৰি ধাৰ লোৱা চৰকাৰখনে সম্পত্তি লীজত দিছে আৰু আনফালে মুখ্যমন্ত্ৰীৰ ভূমি পূজন লাইভ কৰিবৰ বাবে জনসংযোগ বিভাগে সংবাদ মাধ্যমক নিৰ্দেশ দিয়ে ৷ পৰিস্থিতি যিয়েই নহওক কিয় মুখ্যমন্ত্ৰীৰ অনুষ্ঠান লাইভ হ'ব লাগিব ৷ লাগিলে ঔষধৰ দাম বৃদ্ধি কৰিব, বিদ্যুতৰ বিল বৃদ্ধি কৰিব আৰু লাগিলে বাগান বিক্ৰী কৰিব ৷ কিন্তু মুখ্যমন্ত্ৰী য'ত থাকিব সেয়া লাইভ হ'ব লাগিব ৷'

লগতে পঢ়ক : বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নাহিল সৰ্বানন্দ সোণোৱাল - STATE BJPS EXTENDED EXECUTIVE

কংগ্ৰেছ দলত যোগদান কৰা যুৱ নেতা-কৰ্মীসকলক উদ্দেশ্যি ভূপেন বৰাই কয় - 'এটা দল শক্তিশালী তেতিয়া হয় যেতিয়া দলত যুৱ প্ৰজন্মই যোগদান কৰে ৷ আজি সেয়া হৈছে আমাৰ দলত ৷ আজি 100 জন যুৱক-যুৱতীয়ে আমাৰ দলত যোগদান কৰিছে ৷ মৰম দিলে মৰম পায়, গতিকে আমিও নতুনক আদৰি লৈ মৰম দিব লাগিব, তেতিয়া আমি মৰম পাম ৷ যদি কিবা কথা থাকে তেন্তে মোক জনাব ৷' অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ লগতে ভালেসংখ্যক নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে আজি বিয়লি বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ৷ বৈঠকত 18 টা দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক : অসম আঞ্চলিক মৰ্চা : গঠন হ'ল চাৰি আঞ্চলিক দলৰ উমৈহতীয়া মঞ্চ - Assam Regional Front

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.