ETV Bharat / politics

ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ : অপেক্ষা বিজেপিয়ে চৰকাৰ গঠন কৰালৈ - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 8:32 PM IST

Himanta Biswa Sarma Jharkhand visit : বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰত অসন্তুষ্টি প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে ঝাৰখণ্ডৰ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত ড৹ শৰ্মাই লক্ষ্য কৰি ল’লে হেমন্ত ছোৰেন চৰকাৰক ৷

Himanta Biswa Sarma Jharkhand visit
ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

নিউজ ডেস্ক, ১০ আগষ্ট : ঝাৰখণ্ড ভ্ৰমণত থকা ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে ৷ ঝাৰখণ্ড বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপি শাসনলৈ অহাৰ লগে লগে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজ আৰম্ভ হ’ব ৷

ঝাৰখণ্ডত আদিবাসী, হিন্দুৰ সংখ্যা হ্ৰাস : ড৹ শৰ্মা

তেওঁ কয় যে ঝাৰখণ্ডত অব্যাহত থকা পৰিস্থিতিৰ ফলত আদিবাসী লোকৰ লগতে হিন্দুৰ সংখ্যাও হ্ৰাস পাইছে । তেওঁ কয়, ‘‘ হিন্দুৰ সংখ্যা নিৰন্তৰ হ্ৰাস হৈ আহিছে, ই অতি উদ্বেগজনক ৷ ৰাজ্যখনৰ ২০ টা বিধানসভা সমষ্টি আপোনালোকৰ হাতৰ পৰা আঁতৰি গৈছে, যাৰ ফলত কোনো ৰাজনৈতিক দলে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰে ।’’

অসমত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ইমূৰৰ পৰা সিমূৰলৈ যুঁজ :

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখামুখি যুঁজ চলি আছে ৷ তেওঁ কয়, ‘‘ বৰ্তমান তেওঁলোকৰ জনসংখ্যা ৪০ শতাংশলৈ বৃদ্ধি হৈছে । যদি লোকপিয়ল কৰা হয়, তেন্তে তেওঁলোকৰ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশ পোৱা যাব ৷ আমি অসমত প্ৰতিদিনে যুদ্ধ কৰি আছো আৰু প্ৰতিদিনে বাংলাদেশীৰ অনুপ্ৰৱেশ হৈয়েই আছে ৷ আজিও ডিজিপিয়ে ফোন কৰি কৈছে যে অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা আঠজন লোকক বাধা দিয়া হৈছে ৷’’

অনুপ্ৰৱেশকাৰীক ভোটবেংক বনোৱাটো কৰাটো সহজ হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাংলাদেশত যি হৈ আছে, সেয়া পাকুৰতো হৈ আছে । এনেকুৱা হৈ থাকিলে বৰ্তমান বাংলাদেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, 10 বছৰৰ পিচতে ঝাৰখণ্ডতো হ’ব ৷ তেওঁ কয়, ‘‘ এয়া বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক ভোটবেংক বনোৱাৰ পৰিণাম ৷ অনুপ্ৰৱেশকাৰীসকলক ভোটবেংক বনোৱাটো সহজ হৈ পৰিছে ৷ ভোটৰ নামত চাকৰি নিদিয়া আৰু বিভিন্ন প্ৰতিশ্ৰুতি ৰক্ষা নকৰা কাম ঝাৰখণ্ডত চলি আছে ।’’

বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে ক্ষোভ :

বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে বাংলাদেশৰ পৰিস্থিতি ভাল নহয় । প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ বাবে পদক্ষেপ হাতত লৈছে ৷ ড৹ শৰ্মাই আশা প্ৰকাশ কৰে যে দেশখনত গঠন হ’বলগীয়া নতুন চৰকাৰখনে নিশ্চিতভাৱে প্ৰথমেই জনসাধাৰণক সুৰক্ষিত ৰখাৰ বাবে কাম কৰিব ।

লগতে পঢ়ক : বাংলাদেশৰ হিন্দু সংখ্যালঘু সন্দৰ্ভত কংগ্ৰেছ নীৰৱ কিয় ? ঝাৰখণ্ডত ড৹ শৰ্মাই আঁহ ফালি বুজালে

ধাৰণা কৰা ধৰণে বাংলাদেশত হিন্দুসকল অসুৰক্ষিত নহয় : গোবিন্দ চন্দ্ৰ প্ৰামাণিক

হাছিনা যুগৰ অৱসান ভাৰতীয় সুৰক্ষা গতিশীলতাৰ বাবে এক অস্বস্তিকৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.