ETV Bharat / politics

চৈধ্যটা সমষ্টিত অৱতীৰ্ণ শাসক-বিৰোধীৰ বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থী - Heavyweight candidates in Assam - HEAVYWEIGHT CANDIDATES IN ASSAM

Lok Sabha Election Assam: ৰাজ্যৰ 14 টা লোকসভা সমষ্টিত অৱতীৰ্ণ হৈছে ২৫ গৰাকীৰো অধিক শক্তিশালী প্ৰার্থী ৷ দলৰ সভাপতিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ কেবিনেট মন্ত্ৰীকে ধৰি সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন বিধায়ক, স্বায়ত্তশাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহীৰ উপৰিও কংগ্ৰেছৰ দুটা মুখ্য শাখা সংগঠনৰ মুৰব্বীও নামিছে নিৰ্বাচনী যুঁজত ।

Lok Sabha Election Assam
লোকসভা নিৰ্বাচন অসম 2024
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 3:36 PM IST

গুৱাহাটী, ২১ মার্চ: অসমত প্ৰথম তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত অসমৰ ১৪ টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্যে ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি নিৰ্বাচনী ৰণত নামি পৰিছে । সমষ্টিয়ে সমষ্টিয়ে এতিয়া নিৰ্বাচনৰ গৰম বতাহ ।

অসমৰ ১৪ টা লোকসভা সমষ্টিত এইবাৰ বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । ইতিমধ্যে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । শাসক-বিৰোধী উভয়ে নিৰ্বাচনী যুঁজলৈ আগুৱাই দিছে নিজৰ নিজৰ শক্তিশালী প্ৰাৰ্থী । প্ৰাৰ্থীৰ তালিকাত কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ কেবিনেট মন্ত্ৰীকে ধৰি বৰ্তমানৰ সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন বিধায়ক আৰু স্বায়ত্তশাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহীকে ধৰি ২৫ গৰাকীৰো অধিক শক্তিশালী প্ৰার্থীৰ পয়োভৰ ঘটিছে ।

আনহাতে এটা আঞ্চলিক দলৰ সভাপতি আৰু কংগ্ৰেছৰ দুটা মুখ্য শাখা সংগঠনৰ মুৰব্বীয়েও লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্তিত্ব লাভ কৰিছে । ইফালে কংগ্ৰেছ দলে ১২ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে যদিও লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই । লখিমপুৰ সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে উদয় শংকৰ হাজৰিকা আৰু প্ৰাক্তন সাংসদ ৰাণী নৰহৰ নামটো চৰ্চাত আছে । দুয়োগৰাকীৰ ভিতৰত এগৰাকীয়ে প্ৰাৰ্থিত্ব লাভ কৰিব ।

উদয় শংকৰ হাজৰিকা প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছ দলৰ বাবে নতুন মুখ হ’লেও তেওঁ পূৰ্বে বিজেপিৰ প্ৰাৰ্থীৰূপে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল । কংগ্ৰেছৰ হৈ কোনে প্ৰাৰ্থিত্ব পাব সেয়া লক্ষ্যণীয় হ'ব । উল্লেখ্য যে এইবাৰ ছয়গৰাকীকৈ সাংসদে লাভ নকৰিলে টিকট । কংগ্ৰেছৰ এজন আৰু বিজেপিৰ পাঁচজন বৰ্তমানৰ সাংসদ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ।

কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেক টিকটৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে শাসকীয় দল বিজেপিৰ সাংসদ ক্ৰমে গুৱাহাটীৰ কুইন ওজা, ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী, শিলচৰৰ ৰাজদ্বীপ ৰয়, তেজপুৰৰ পল্লব লোচন দাস আৰু ডিফুৰ হৰেণ সিং বে’ টিকটৰ পৰা বঞ্চিত হ’ল । লক্ষ্যণীয়ভাৱে এইবাৰৰ নিৰ্বাচনত দিছপুৰ এৰি দিল্লীলৈ যাবলৈ মন মেলিছে সাতজনকৈ বিধায়কে । সেইদৰে তিনিজন প্ৰাক্তন বিধায়ক, দুজন প্ৰাক্তন সাংসদ, এজন মন্ত্ৰী আৰু বৰ্তমানৰ দহজন সাংসদে বিভিন্ন দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ।

প্ৰধান ৰাজনৈতিক দলসমূহে ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ আৰু বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে সংসদীয় ৰাজনীতিত নতুন । লগতে দুয়োগৰাকীয়ে মহিলা প্ৰাৰ্থী । কংগ্ৰেছৰ হৈ মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ হৈ বিজুলী কলিতা মেধি গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে । সেইদৰে ডিফু সমষ্টিত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেং আৰু কৰিমগঞ্জত বিজেপিৰ সাংসদ কৃপানাথ মাল্লাৰ বাদে সমষ্টি দুটাত আন প্ৰার্থীসকল সংসদীয় ৰাজনীতিত নতুনকৈ প্ৰৱেশ কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে ।

অৱশ্যে কৰিমগঞ্জত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰা হাফিজ ৰচিদ আহমেদ চৌধুৰী অভিজ্ঞতা সম্পন্ন জ্যেষ্ঠ ৰাজনীতিক । এই তিনিটা সমষ্টিৰ বাদে আন সমষ্টিসমূহত একাধিক বর্তমানৰ সাংসদ, বিধায়ক বা প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । বৰপেটা সমষ্টিত বৰ্তমানৰ দুজন জ্যেষ্ঠ বিধায়ক অগপৰ ফণীভূষণ চৌধুৰী আৰু চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰৰ লগতে তৃণমূল কংগ্ৰেছে প্ৰাক্তন বিধায়ক আব্দুল কালাম আজাদক প্ৰাৰ্থিত্ব দিছে ।

তেনেদৰে ধুবুৰীত এ আই ইউ ডি এফৰ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলৰ বিপৰীতে কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন আৰু অগপৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামে নিৰ্বাচনী ৰণত নামিছে । সেইদৰে ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ।

লক্ষ্যণীয় বিষয় যে দুয়োজনেই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা । ইফালে যোৰহাটত এইবাৰ দুই সাংসদৰ মুখামুখি যুঁজ হ'ব । যোৰহাটত বিজেপিৰ সাংসদ তপন গগৈৰ বিপৰীতে কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে সাংসদ গৌৰৱ গগৈ । লক্ষ্যণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ সীমাৰ ব্যাপক সাল-সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থিত্ব প্ৰদানৰ বেলিকাও যথেষ্ট নতুনত্ব দেখিবলৈ পোৱা গৈছে ।

কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ গৌৰৱ গগৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিটো নোহোৱা হৈ পৰাত যোৰহাটৰ পৰা অৱতীৰ্ণ হৈছে । কলিয়াবৰ সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহ নতুনকৈ হোৱা কাজিৰঙা আৰু নগাঁও লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে । এইবাৰ অসমত লোকসভাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব বুলি ধাৰণা কৰা হৈছে । ইয়াৰ কাৰণ হৈছে যে নিৰ্বাচনত অৱতীৰ্ণ হ'বলগা প্ৰাৰ্থীসকলৰ বেছিভাগৰে আছে নিৰ্দিষ্ট কিছুমান গুৰুত্ব ।

নতুনকৈ গঠন হোৱা কাজিৰঙা সমষ্টিৰ বাবে এইবাৰ বিজেপিৰ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিপৰীতে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰাক্তন বিধায়ক ৰ'জলিনা তিৰ্কীয়ে । আনহাতে নগাঁও সমষ্টিত কংগ্ৰেছৰ পৰা পুনৰবাৰ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব দিছে বৰ্তমানৰ বিধায়ক আমিনুল ইছলামক । আনহাতে বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে সুৰেশ বৰাক ।

ইফালে লখিমপুৰ সমষ্টিত বিজেপিৰ পৰা বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে যদিও কংগ্ৰেছে এতিয়ালৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ হৈ যুঁজিবলৈ সাজু হৈছে বৰ্তমানৰ সাংসদ দিলীপ শ‍ইকীয়া । সমষ্টিটোত কংগ্ৰেছৰ হৈ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বি পি এফৰ হৈ বৰ্তমানৰ বিধায়ক দুর্গাদাস বড়োৱে প্ৰাৰ্থিত্ব লাভ কৰিছে ।

আনহাতে শোণিতপুৰ সমষ্টিত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বৰ্তমানৰ বিধায়ক ৰঞ্জিত দত্তই । সমষ্টিটোত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব দিছে প্ৰেমলাল গুঞ্জুক । কোকৰাঝাৰ সমষ্টিত বৰ্তমানৰ সাংসদ নৱ শৰণীয়া অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইউ পি পি এলে বিধায়ক জয়ন্ত বসুমতাৰী, বি পি এফে প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আৰু কংগ্ৰেছ দলে গৰ্জন মুছাহাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

শিলচৰ সমষ্টিত অসম মন্ত্ৰীসভাৰ সদস্য পৰিমল শুক্লবৈদ্যই বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাসক । কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে সূৰ্যকান্ত সৰকাৰক । বৰপেটা সমষ্টিত কংগ্ৰেছ দলে প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ দীপ বায়নক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

সমষ্টিটোত আন দুজন হেভীৱেইট প্ৰার্থী হৈছে অগপৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰী আৰু চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ । এনে প্ৰেক্ষাপটত এইবাৰ সমষ্টিয়ে সমষ্টিয়ে হেভীৱেইট প্ৰাৰ্থীৰ মাজত দুই-তিনিকোণীয়া আকৰ্ষণীয় যুঁজ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী হ’ব বিৰোধীৰ প্ৰধান ইছ্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.