ETV Bharat / politics

ছোনিয়া গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন গৌৰৱ গগৈৰ - Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 5:36 PM IST

Congress deputy leader in Lok Sabha : লোকসভাত দলৰ উপ-দলপতি হিচাপে মনোনীত কৰাৰ বাবে ছোনিয়া গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে গৌৰৱ গগৈয়ে ৷ শনিবাৰে যোৰহাটৰ সাংসদগৰাকীক উপ-দলপতি হিচাপে মনোনীত কৰে ছোনিয়া গান্ধীয়ে ৷

Congress deputy leader in Lok Sabh
ছোনিয়া গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন গৌৰৱ গগৈৰ (ETV Bharat Assam)

নিউজ ডেস্ক, ১৪ জুলাই : দেওবাৰে কংগ্ৰেছ দলে ঘোষণা কৰে লোকসভাত কংগ্ৰেছৰ উপ-দলপতিৰ নাম ৷ সাংসদ গৌৰৱ গগৈক উপ-দলপতি হিচাপে মনোনীত কৰা হয় ৷ তদুপৰি সাংসদ কে সুৰেশক লোকসভাত মুখ্য হুইপ হিচাপে মনোনীত কৰে কংগ্ৰেছে ৷ আনহাতে সাংসদ মণিকম ঠাকুৰ আৰু মোঃ জাৱাইদে দলৰ হুইপ হিচাপে কাম কৰিব ৷

ইয়াৰ পিচতে সাংসদ গগৈয়ে এক্সৰ জৰিয়তে কংগ্ৰেছ নেত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তেওঁৰ ওপৰত দলৰ নেতৃত্বই আস্থা ৰাখি এই দায়িত্ব অৰ্পণ কৰাৰ বাবে কৃতজ্ঞ সাংসদগৰাকী ৷ উল্লেখ্য যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে ৷ কংগ্ৰেছ সাংসদ কে চি বেণুগোপালে ‘এক্স’ৰ জৰিয়তে এই নতুন নিযুক্তিৰ সন্দৰ্ভত এক পোষ্ট কৰে ৷

কে চি বেণুগোপালে এক্সত লিখে, ‘‘ কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ শ্ৰীমতী ছোনিয়া গান্ধীয়ে মাননীয় লোকসভা অধ্যক্ষলৈ পত্ৰ লিখি লোকসভাত কংগ্ৰেছ দলৰ বাবে উপ-নেতা, মুখ্য হুইপ আৰু দুজন হুইপৰ নিযুক্তিৰ বিষয়ে অৱগত কৰোৱাইছে ৷ উপ-নেতা গৌৰৱ গগৈ, মুখ্য হুইপ কে সুৰেশ, হুইপ মণিকম ঠাকুৰ আৰু মোঃ জাৱাইদ ৷ নতুনকৈ নিযুক্তি লাভ কৰাসকলক অভিনন্দন ৷’’

ইয়াৰ পিচতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও এক্সৰ জৰিয়তে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ সাংসদগৰাকীয়ে লিখে, ‘‘ চি পি পিৰ মাননীয় অধ্যক্ষ শ্ৰীমতী ডাঙৰীয়ানীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ মোৰ ওপৰত আস্থা আৰু বিশ্বাসৰ বাবে । মোৰ সহকৰ্মীসকলক অভিনন্দন জনাইছোঁ । সংসদৰ ভিতৰত ভাৰতৰ জনসাধাৰণৰ কণ্ঠ উত্থাপনৰ লগতে গণতন্ত্ৰক শক্তিশালী কৰাটোৱেই আমাৰ লক্ষ্য ৷’’

উল্লেখ্য যে গৌৰৱ গগৈয়ে অষ্টাদশ লোকসভাত যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছে ৷ তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ তপন কুমাৰ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷

আনহাতে মুখ্য হুইপ হিচাপে মনোনীত কে সুৰেশ হ’ল আটাইতকৈ দীৰ্ঘ সময়ৰ সাংসদ ৷ 29 বছৰ ধৰি তেওঁ সাংসদ হৈ আছে ৷

লগতে পঢ়ক : লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব সাংসদ গৌৰৱ গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.