ETV Bharat / politics

ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি উপ-সভাপতিৰ পদ ত্যাগ ৰাজু চাহুৰ - Raju Sahu resigns as VP of APCC

Conflicts in APCC: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতিৰ পদ ত্যাগ ৰাজু চাহুৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৷

RAJU SAHU RESIGNS AS VP OF APCC
LOKSABHA ELECTION 2024
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 4:24 PM IST

তিনিচুকীয়া, ২৭ মাৰ্চ: দেশজুৰি নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে এটাৰ পিচত আন এটা মোক্ষম আঘাতে জৰ্জৰিত কৰিছে প্ৰদেশ কংগ্ৰেছত । ইজনৰ পিচত সিজনকৈ নেতাই এৰিছে কংগ্ৰেছ দল । দুদিন পূৰ্বে জ্যেষ্ঠ নেতা তথা নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে কংগ্ৰেছ ত্যাগ কৰাৰ পিচত এইবাৰ কংগ্ৰেছৰ উপ-সভাপতিৰ পদ এৰিলে প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ।

RAJU SAHU RESIGNS AS VP OF APCC
ৰাজু চাহুৰ পদত্যাগ পত্ৰ

মংগলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰা দিনটোতেই তিনিচুকীয়া জিলা কংগ্ৰেছৰৰ সভাপতি প্ৰণৱ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বিৰিঞ্চি নেওগসহ চাৰিজনীয়া দলে কংগ্ৰেছ ত্যাগ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল ।

LOKSABHA ELECTION 2024
লুৰীণজ্যোতি গগৈৰ মনোনয়ন দাখিলৰ সমদলত ৰাজু চাহু

ইফালে, বুধবাৰে পুনৰ তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি ৰাজু চাহুৱে উপ-সভাপতি পদ ত্যাগ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰালৈ এক পত্ৰৰ জৰিয়তে সভাপতিগৰাকীৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি উপ-সভাপতি পদ ত্যাগ কৰা বুলি চাহুৱে উল্লেখ কৰে পত্ৰখনত ৷

উল্লেখযোগ্য যে, মঙলবাৰৰে পৰা তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই মোবাইল ফোন অফ কৰি ৰখাৰ বিপৰীতে প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু চাহুৱে বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত সংগ দিছিল ৷ কিন্তু নিশাটোৰ ভিতৰতেই সকলোকে আচৰিত কৰি হঠাৎ পুৱাই উপ-সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই বিজেপিত যোগদান কৰাৰ পিচত তৎকালীনভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৰুৱাক বহিষ্কাৰ কৰি জয়ন্ত কলিতাক জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰে । জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজু চাহুৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আলোচনা নকৰাৰ বাবেই উপ-সভাপতিৰ দায়িত্ব ত্যাগ কৰা বুলি এতিয়া চৰ্চিত হৈছে মুখে মুখে ৷

ইফালে, কংগ্ৰেছ নেতাসকলৰ বিজেপি গমনৰ প্ৰাকমুহূৰ্তত নিজৰ পদ ত্যাগ কৰাটো এক পৰম্পৰাগতলৈ পৰিণত হৈছে ৷ কিছুদিন ধৰি প্ৰথমে নিজৰ দায়িত্ব ত্যাগ কৰি এদিন বা দুদিনৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰি আন দলত যোগ দি আহিছে একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই । গতিকে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজু চাহুৱেও অতি কম সময়ৰ ভিতৰতে গেৰুৱা বসন পিন্ধিব বুলি এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ৷

লগতে পঢ়ক: ভৰত নৰহ‌ৰ কংগ্ৰেছ ত্যাগ; একে পথৰে পথিক হ’ব নেকি টিকট বঞ্চিত পত্নী ৰাণী ? - Bharat Chandra Narah quits Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.