গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী: ‘‘কংগ্ৰেছ দলত এতিয়া ভাল নেতাৰ অভাৱ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা উন্নয়নৰ প্ৰতি আপ্লুত হৈছোঁ, লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ লগত কাম কৰাৰ ইচ্ছা আছিল । সেয়েহে মই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো ।" এই মন্তব্য আজি বিজেপিত যোগদান কৰা সদ্য পদত্যাগী কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ।
- " class="align-text-top noRightClick twitterSection" data="">
বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে বিজেপিৰ গলবস্ত্ৰ পৰিধান কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাণা গোস্বামীয়ে । বিজেপিত যোগদান কৰি ৰাণা গোস্বামীয়ে কয় যে মূল কথা হৈছে ৰাজনৈতিক পলিচী ।
তেওঁ কয়, ‘‘আগতে মই কাৰো লগত কথা পতা নাছিলোঁ ৷ বিজেপিৰে কথা পাতি সন্তুষ্ট হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ । আজিৰে পৰা মই নতুন খেলপথাৰৰ খেলত নামিম ৷ বিজেপিত যোগদান কৰা এই সিদ্ধান্ত মই ৰাইজৰ স্বাৰ্থত গ্ৰহণ কৰিছোঁ ।’’
ৰাইজৰ মাজত কাম কৰা মানুহ বুলি নিজৰ বিষয়ে কৈ আজি বিজেপিত যোগদান কৰা ৰাণা গোস্বামীয়ে কয় যে বৰ্তমান তেওঁ ৰাইজৰ মাজত কাম কৰিব নোৱৰা হৈছে । লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নৰ প্ৰতি আপ্লুত হৈছে । সেয়ে মুখ্যমন্ত্ৰীৰ লগত কাম কৰাৰ মানসিকতাৰে বিজেপিত যোগদান কৰে ৰাণা গোস্বামীয়ে ।
ইয়াৰোপৰি ৰাণা গোস্বামীয়ে কয় যে বিগত দিনসমূহত ৰাইজৰ সেৱা কৰিব নোৱাৰি তেওঁৰ হৃদয়ে কান্দি উঠিছিল । গোলাম নৱী আজাদ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই কিয় কংগ্ৰেছ এৰি গৈছিল সেয়া হেনো ৰাণা গোস্বামীক কৈছিল । গোস্বামীয়ে কয় যে কংগ্ৰেছ দলত এতিয়া ভাল নেতাৰ অভাৱ হৈছে ৷ অসমত এতিয়া হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ বা বিজয় সন্দিকৈৰ দৰে নেতা নাই বুলিও কয় দুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা নেতাগৰাকীয়ে ।
দিল্লীৰ নেতাই এতিয়া অসম চলায় বুলি মন্তব্য কৰে ৰাণা গোস্বামীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে আজিকালি সহায়ৰ হাত দিবলৈ নেতা নাই কংগ্ৰেছত ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোৰহাটলৈ আহোতে ৰাহুল গান্ধীয়ে পথ ভুল কৰি সোমাই গ’ল ৷
লগতে তেওঁ কয় ‘‘ যোৰহাটত মোৰ বিৰুদ্ধেও কেছ হ’ল । ৩১ তাৰিখে হাজিৰ হ’বলৈ কৈছিল, কিন্তু মই যাব নোৱাৰিলোঁ ৷ সেইদিনাই মোক ভূপেন বৰাই ফোন কৰি ক'লে- ৰাহুল গান্ধীয়ে কৈছে তেখেতৰ একো চিন্তা নাই । কপিল ছিব্বালক বিশেষ বিমানেৰে পঠাই দি মোকলাই নিব । কিন্তু মোৰ কথা নক’লে ৷ তেতিয়াই অন্তৰত দুখ লাগিল ।’’
নিৰ্বাচনত প্ৰাৰ্থিত্বৰ আশাত বিজেপিলৈ অহা নাই বুলি মন্তব্য কৰি ৰাণা গোস্বামীয়ে কয় যে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ তেওঁ জঁপিয়াই পৰিব ৷
লগতে পঢ়ক: অৱশেষত বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে