ETV Bharat / politics

এ আই ইউ ডি এফ দলত টিকটৰ কাৰণে ধনৰ লেনদেন হয় : প্ৰাক্তন বিধায়ক অনন্ত মালোৰ অভিযোগ - Former AIUDF MLA Joins BJP - FORMER AIUDF MLA JOINS BJP

ANANTA MALO JOINS BJP : বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৱে ৷ এ আই ইউ ডি এফ দলত টিকটৰ কাৰণে ধনৰ লেনদেন হয় বুলি অভিযোগ প্ৰাক্তন বিধায়ক অনন্ত মালোৰ ৷

ANANTA MALO JOINS BJP
এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৰ বিজেপিত যোগদান
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 9:51 PM IST

বিজেপিত যোগদান এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৰ

গুৱাহাটী, 31 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত শাসকীয় দল বিজেপিলৈ সোঁত বৈছে কংগ্ৰেছকে ধৰি আন বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ ৷ কংগ্ৰেছৰ বাহিৰেও এ আই ডি এফৰ নেতা-কৰ্মীয়েও এতিয়া বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে ৷ 29 মাৰ্চত এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে বিজেপিত যোগদান কৰাৰ পিচতে দেওবাৰে পুনৰ আন এজন এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়কে যোগদান কৰে বিজেপিত ৷ দেওবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৱে ৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত তেওঁ দলটোত যোগদান কৰে ৷

বিজেপিত যোগদান কৰিয়েই এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈ পৰে অনন্ত মালো ৷ এ আই ইউ ডি এফত যি সকল লোকৰ টকা আছে তেওঁলোকেহে টিকট লাভ কৰে বুলি অভিযোগ কৰে প্ৰাক্তন বিধায়কজনে ৷ টকা নাই বাবে তেওঁ বিধানসভা নিৰ্বাচনত এ আই ইউ এফ দলৰ পৰা টিকট বঞ্চিত হ’ল বুলিও অভিযোগ কৰে তেওঁ ৷

আনহাতে বৰ্তমানৰ বিজেপি চৰকাৰক ভূয়সী প্ৰসংশা কৰে প্ৰাক্তন বিধায়কজনে ৷ দলত যোগদান কৰি তেওঁ চৰকাৰ, মুখ্যমন্ত্ৰী তথা বিজেপি দলক প্ৰশংসাৰে ওপচাই পেলোৱা পৰিলক্ষিত হয় ৷ বৰ্তমানৰ চৰকাৰখনৰ কাম-কাজক ভাল পোৱা আৰু চৰকাৰখনে লোৱা উন্নয়নমূলক পদক্ষেপত সন্তুষ্ট হৈ বিজেপিত যোগদান কৰা বুলি সদৰী কৰে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৱে ৷ লগতে এই চৰকাৰ নিকা ভাৱমূৰ্তিৰ চৰকাৰ বুলিও মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : গেৰুৱা হ’ল প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য - Kishore Bhattacharya Joins BJP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.